Posts

আমাৰ চাৰিওকাষৰ বস্তুবোৰ, বিজ্ঞান, নবম শ্ৰেণী।

Image
পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 1 1. বস্তুবোৰ কিহেৰে গঠিত? উত্তৰ -  পদাৰ্থৰে৷ 2. পদাৰ্থৰ কেইটামান উদাহৰণ দিয়াঁ৷ উত্তৰ -  পদাৰ্থৰ কেইটামান উদাহৰণ হ’ল - বায়ু, পানী, খাদ্য, আকাশৰ মেঘ, তৰা, প্ৰতিজোপা গছ আদি৷ 3. পদাৰ্থ কাক বোলে? উদাহৰণ দিয়াঁ। উত্তৰ - বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন বস্তুবোৰ যাৰ দ্বাৰা গঠিত, তাকে পদাৰ্থ বোলে। বা যাৰ ভৰ আৰু আয়তন আছে, তাকে পদাৰ্থ বোলে।    যেনে - বায়ু, খাদ্য, মেঘ, তৰা, উদ্ভিদ, শিলগুটি, বালি, পানীৰ কণিকা আদি। 4. পদাৰ্থৰ দুটা ধৰ্ম লিখাঁ৷ উত্তৰ -  পদাৰ্থৰ দুটা ধৰ্ম হ’ল -      (i) পদাৰ্থৰ ভৰ আছে৷ আৰু      (ii) পদাৰ্থই ঠাই আগুৰে অথাৰ্ৎ সকলো পদাৰ্থৰে আয়তন আছে৷ 5. তলৰ কোনবোৰ পদাৰ্থ? চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱ্যৰ সুবাস৷ উত্তৰ -  যাৰ ভৰ আৰু আয়তন আছে তাকে পদাৰ্থ বুলি কোৱা হয়৷ পদাৰ্থবোৰ তিনিটা অৱস্থাত পোৱা যায় - কঠিন, জুলীয়া আৰু গেছীয়৷ চকী আৰু বাদাম হ’ল কঠিন অৱস্থাত থকা পদাৰ্থ৷ ঠাণ্ডা-পানীয় তৰল পদাৰ্থ৷ আৰু গোন্ধ আৰু বায়ু গেছীয় পদাৰ্থ৷ উল্লেখনীয় যে গো...

জীৱন প্ৰক্ৰিয়াসমূহ , বিজ্ঞান,Class 10

Image
  পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 98 উদ্ভিদে প্ৰ’টিন আৰু অন্যান্য কিছুমান যৌগ সংশ্লেষণ কৰিবলৈ অতি প্ৰয়োজন হোৱা মৌলবিধৰ নাম কি? ইয়াক কি হিচাপে আৰু ক’ৰ পৰা আহৰণ কৰে?  উঃ নাইট্ৰ’জেন৷ ইয়াক নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে মাটিৰ পৰা আহৰণ কৰে৷ অৱশ্যে বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰ’জেনৰ পৰা তৈয়াৰ কৰা কিছুমান জৈৱ যৌগৰ পৰাও উদ্ভিদে এইবিলাক আহৰণ কৰিব পাৰে৷  উদ্ভিদে নাইট্ৰ’জেন ক’ৰ পৰা পায়?  উঃ উদ্ভিদে শিপাৰ সহায়ত মাটিৰ পৰা পানীৰ লগতে অজৈৱ নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে নাইট্ৰ’জেন আহৰণ কৰি লয়৷ কেতিয়াবা কিছুমান বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰ’জেনৰপৰা তৈয়াৰ কৰা কিছুমান জৈৱ যৌগৰপৰাও উদ্ভিদে এই নাইট্ৰ’জেন আহৰণ কৰি লয়৷  দেহৰ বাহিৰত পচন হোৱাৰ পাছত সৰল অৱস্থাত দেহৰ ভিতৰলৈ আহাৰ শোষণ কৰা দুবিধ জীৱৰ নাম লিখাঁ৷  উঃ ইষ্ট আৰু কাঠফুলা৷  পোষক জীৱক নমৰাকৈ সেইবোৰৰ পৰা পুষ্টি আহৰণ কৰা কেইবিধমান জীৱৰ নাম লিখাঁ৷  উঃ পোষক জীৱক নমৰাকৈ সেইবোৰৰ পৰা পুষ্টি আহৰণ কৰা কেইবিধমান জীৱৰ নাম হ’ল, - আমৰলে, চিকৰা, ওকনি, জোক আৰু ফিতাপেলু৷  পেৰামেচিয়ামৰ খাদ্যগ্ৰহণ প্ৰক্ৰিয়াটো লিখাঁ৷  উঃ ...

নিয়ন্ত্ৰণ আৰু সমন্বয় , বিজ্ঞান, দশম শ্ৰেণী

Image
1. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন৷ ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে?   TP.17, 18 উঃ আমাৰ দেহত গ্ৰাহক অংগৰ কাম হ’ল পৰিৱৰ্তিত পৰিৱেশৰ বিভিন্ন তথ্যসমূহ, যেনে - উত্তাপ, পোহৰ আদিৰ হ্ৰাস-বৃদ্ধি, শৰীৰত হোৱা কোনো আঘাত, কোনো বস্তুৰ গোন্ধ আদিৰ উদ্দীপনা গ্ৰহণ কৰি স্নায়ুকোষলৈ প্ৰেৰণ কৰা৷ গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে পৰিৱৰ্তিত পৰিৱেশৰ উদ্দীপনা বা বাৰ্তা স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ নহ’ব৷ ফলত উপযুক্ত সঁহাৰিৰ অভাৱত আমাৰ শৰীৰৰ আংশিক বা সম্পূৰ্ণ ক্ষতি হ’ব৷ উদাহৰণস্বৰূপে গৰম বস্তুত হাত-ভৰি লাগিলে তাৰ উদ্দীপনা যদি স্নায়ুতন্ত্ৰলৈ নাযায়, তেন্তে স্নায়ুৰ ক্ৰিয়াত পেশীকোষ সক্ৰিয় হৈ গৰম বস্তুৰ পৰা হাত-ভৰি আঁতৰাই অনাত সহায় নকৰিব৷ ফলত, আমাৰ শৰীৰ আংশিকভাৱে বা সম্পূৰ্ণকৈ জ্বলি যাব৷ একেই কাৰণত অতি উজ্জ্বল পোহৰ বেছি সময়ৰ বাবে চকুত সোমাই চকুৰ পেশীসমূহ বিকল কৰি পেলাব, - আমি নেদেখা হ’ম৷ মহ এটাই বহু পৰ কামুৰি থাকি আমাৰ দেহলৈ বেমাৰ বিয়পাব৷ আমাৰ মৃতু্য হ’ব পাৰে, আদি৷ 2. স্নায়ুকোষ বা নিউৰণ কি? TP.15, 16, 17, 18 উঃ স্নায়ুকোষ বা নিউৰণ হ’ল স্নায়ুতন্ত্ৰ গঠ...

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ , বিজ্ঞান , দশম শ্ৰেণী ।

Image
  ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ 1.  বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ কি? উদাহৰণ সহ বুজাই লিখাঁ৷ উঃ ৰাসায়নিক বিক্ৰিয়াত ৰাসায়নিক পৰিৱৰ্তন ঘটা পদাৰ্থক বিক্ৰিয়ক পদাৰ্থ, আৰু বিক্ৰিয়াটোত গঠন হোৱা নতুন পদাৰ্থক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়৷ উদাহৰণস্বৰূপে, মেগনেছিয়াম (Mg) ফিটা এডাল অক্সিজেন (O 2 ) ত জ্বলালে মেগনেছিয়াম অক্সাইড (Mg O ) লৈ পৰিৱৰ্তিত হয়৷ ইয়াত মেগনেছিয়াম আৰু অক্সিজেনৰ ৰাসায়নিক পৰিৱৰ্তন ঘটিছে৷ গতিকে ইহঁত বিক্ৰিয়ক পদাৰ্থ, আৰু বিক্ৰিয়াটোৰ ফলত মেগনেছিয়াম অক্সাইড নতুনকৈ গঠন হৈছে৷ সেয়েহে ই বিক্ৰিয়াজাত পদাৰ্থ৷ 2. ৰাসায়নিক  বিক্ৰিয়া কাক বোলে? উঃ এক বা একাধিক বিক্ৰিয়ক পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক বা একাধিক বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি কৰা প্ৰক্ৰিয়াকে ৰাসায়নিক বিক্ৰিয়া বোলে।  3.   ৰাসায়নিক সমীকৰণ কাক বোলে? উঃ ৰাসায়নিক বিক্ৰিয়া এটাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ ৰাসায়নিক সংকেতৰ দ্বাৰা উপস্থাপন কৰিলে, তাকে ৰাসায়নিক সমীকৰণ বোলে৷ 4. কেলছিয়াম অক্সাইডৰ অন্য নাম কি? উঃ পোৰা চূণ৷ 5.  কেলছিয়াম অক্সাইড তথা পোৰা চূণৰ সংকেত লিখাঁ৷ উঃ CaO 6. এটা মৌলই অক্সিজেনৰ লগত বি...