ণ-ত্ব বিধি "অট্কুপ্ৱাংনুম্ৱ্যৱায়েপি।" এই সূত্ৰ পৃথিৱীৰ প্ৰথম ব্যাকৰণ অষ্টাধ্যায়ীৰ ************ ইয়াত আছে : অট্+কু+পু+আং+নুম্+ৱ্যৱায়েপি। ************ @ অট্ মানে "অ,আ,ই,ঈ,উ,ঊ,ঋ,লৃ,এ,ঐ,ও,ঔ,হ,য়,ৱ,ৰ" - ক বুজাইছে। @ কু মানে ক-বৰ্গৰ আখৰেকইটা ক্ৰমে - ক,খ,গ,ঘ,ঙ । @ পু মানে প-বৰ্গৰ আখৰেকইটা ক্ৰমে - প,ফ,ব,ভ, ম । @ আং আৰু নুম্ -ৰ ব্যৱহাৰ বেদতহে পোৱা যায়। গতিকে ইয়াৰ বিষয়ে ন'ক'লেও চলিব। @ "ৱ্যৱায়েপি" মানে "ব্যৱধানতো"। ব্যাখ্যা: ঋ, ৰ আৰু ষ-ৰ পিছত দন্ত্য-ন ৰ ঠাইত মূৰ্দ্ধন্য-ণ ব্যৱহাৰ কৰা হয় বুলি আমি জানি্ছোঁ। যদি ঋ, ৰ আৰু ষ-ৰ পিছত আন কোনো বৰ্ণ থাকে আৰু তাৰ পিছত ন বা ণ লিখিব লগীয়া হয়, তেতিয়া মূৰ্দ্ধন্য-ণ ব্যৱহাৰ কৰিব পৰা যাব যদি ঋ, ৰ, ষ আৰু ন-ৰ মাজৰ ব্যৱধানত অট্, কু, পু, আং আৰু নুম্ থাকে। মন কৰিবলগীয়া ঃ পাণিনিয়ে বিখ্যাত অষ্টাধ্যায়ী গ্ৰন্থখন যেন কোড-ত লেংগুৱেজতহে বনাইছিল। আজিৰ তাৰিখত আমি ক-বৰ্গ আৰু ট-বৰ্গৰ পিছত যোগ হ'লে দন্ত্য-ন মূৰ্দ্ধন্য-ণ হয় বুলি কওঁ। পাণিনিয়ে এই কথাটোকে কু আৰু পু ৰে বুজাইছিল।...