ণ-ত্ব বিধি, পাণিনিৰ পদ্ধতি (অষ্টাধ্যায়ীৰ পৰা)

ণ-ত্ব বিধি
"অট্কুপ্ৱাংনুম্ৱ্যৱায়েপি।"
এই সূত্ৰ পৃথিৱীৰ প্ৰথম ব্যাকৰণ অষ্টাধ্যায়ীৰ
************
ইয়াত আছে : অট্+কু+পু+আং+নুম্+ৱ্যৱায়েপি।
************
@অট্ মানে "অ,আ,ই,ঈ,উ,ঊ,ঋ,লৃ,এ,ঐ,ও,ঔ,হ,য়,ৱ,ৰ"- ক বুজাইছে।
@কু মানে ক-বৰ্গৰ আখৰেকইটা ক্ৰমে -  ক,খ,গ,ঘ,ঙ
@পু মানে প-বৰ্গৰ আখৰেকইটা ক্ৰমে - প,ফ,ব,ভ, ম
@আং আৰু নুম্-ৰ ব্যৱহাৰ বেদতহে পোৱা যায়। গতিকে ইয়াৰ বিষয়ে ন'ক'লেও চলিব।
@"ৱ্যৱায়েপি" মানে "ব্যৱধানতো"।
ব্যাখ্যা: ঋ, ৰ আৰু ষ-ৰ পিছত দন্ত্য-ন ৰ ঠাইত মূৰ্দ্ধন্য-ণ ব্যৱহাৰ কৰা হয় বুলি আমি জানি্ছোঁ। যদি ঋ, ৰ আৰু ষ-ৰ পিছত আন কোনো বৰ্ণ থাকে আৰু তাৰ পিছত ন বা ণ লিখিব লগীয়া হয়, তেতিয়া মূৰ্দ্ধন্য-ণ ব্যৱহাৰ কৰিব পৰা যাব যদি  ঋ, ৰ, ষ আৰু ন-ৰ মাজৰ ব্যৱধানত অট্, কু, পু, আং আৰু নুম্ থাকে।
মন কৰিবলগীয়া ঃ পাণিনিয়ে বিখ্যাত অষ্টাধ্যায়ী গ্ৰন্থখন যেন কোড-ত  লেংগুৱেজতহে বনাইছিল। আজিৰ তাৰিখত আমি ক-বৰ্গ আৰু ট-বৰ্গৰ পিছত যোগ হ'লে দন্ত্য-ন মূৰ্দ্ধন্য-ণ হয় বুলি কওঁ। পাণিনিয়ে এই কথাটোকে কু আৰু পু ৰে বুজাইছিল। "অট্" মানে  "অ,আ,ই,ঈ,উ,ঊ,ঋ,লৃ,এ,ঐ,ও,ঔ,হ,য়,ৱ,ৰ"- আদি ইমানবোৰ আখৰ! ভয় খাব লগীয়াৰে কথা। পিছে, "মাহেশ্বৰ সূত্ৰাণি" ৰ লগত আগতে পৰিচয় হৈ ললে ই আৰু টান হৈ নাথাকে। (আগলৈ...)

Comments

Popular posts from this blog

"Kamala" by Vijay Tendulkar

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি