“এটা এশটকীয়া সাধু”

       2006 চনৰ জুন মাহৰ তৃতীয় সপ্তাহ ৷ বেছ গৰম পৰিছে ৷ গৰমজনিত অস্ৱস্তিৰ ভাৱ এটাই সকলোকে চুই গৈছে ৷ একেদিনাই তিনিজনকৈ আচাৰ্য/আচাৰ্যা বিদ্যালয়ত নাই ৷ যথাবিধি সাতটা পৰ্যন্ত ক্লাছ একোজন আচাৰ্য/আচাৰ্যাৰ ভাগত পৰে ৷ উপায় নাই, অনিবাৰ্য কাৰণত ছুটী বিছাৰিলে প্ৰধান আচাৰ্যইনো নিদি পাৰেনে ?

       পঞ্চম শ্ৰেনীত ষষ্ঠ ক্লাছটো কৰি কমনৰূমত সোমাইছোহি ৷ প্ৰধান আচাৰ্য ৰথিন দত্তদেৱে মাত লগালে – “শইকীয়া চাওঁ ৷” মই ওচৰলৈ গ’লোঁ ৷ “আজি মঞ্জু নাই; তুমি সপ্তম মানৰ সংস্কৃতৰ ক্লাছটো লোৱা ৷” – তেখেতে ক’লে ৷ আমি “সংস্কৃতস্য কৃতে জীৱন” বুলি সংকলল্প মন্ত্ৰ গোৱা মানুহ ৷ একে আষাৰে ক’লোঁ – “হ’ব” আৰু যাবলৈ সাজু হ’লোঁ ৷
       মই গ’লোঁ ৷ ক্লাছত সোমালোঁ ৷ মোক সম্ভাষণ জনাবলৈ থিয় হোৱা ছাত্ৰ-ছাত্ৰী সকলক “উপৱিশন্তু উপৱিশন্তু” বুলি বহিবলৈ নিৰ্দেশ কৰি ময়ো শ্ৰনীকোঠাত থকা চকীখনত বহিলোঁ ৷ অলপতে পৰস্পৰৰ মাজত কিবা কথা পাতি থকা ছাত্ৰছাত্ৰীসকলক নিয়ন্ত্ৰণলৈ অনাৰ উদ্দেশ্যে এইফালৰপৰা সিফাললৈ সকলোকে মূৰৰ ওপৰেৰে এবাৰ চালোঁ ৷ তেওঁলোক নিমাত হ’ল ৷ কিতাপ উলিয়াই ভালদৰে বহি লোৱাত ব্যস্ত হ’ল ৷
       : “অদ্য: কিং পাঠয়ামি ?” বুলি সুধিবলৈ লওঁতেই মানস বহাৰ পৰা উঠিল, আৰু ক’লে – “আচাৰ্য, আজি বিনয়ৰ টকা এশ হেৰাল ৷”৷
       : বিনয়ে নিজে ক’ব নোৱাৰে নেকি? তাৰ মুখ নাই নে কি ? – মই সুধিলোঁ ৷
       : সি কান্দি আছে ৷ – মানসে মুখেৰে ইংগিত কৰি মোক বিনয়ৰ ফালে দেখুৱালে ৷
মই চালোঁ ৷ সি তলমূৰ কৰি বহি আছিল ৷ মই অনুমান কৰিলোঁ, - সি উচুপি আছে ৷
       : “তই বহ ৷ বিনয় থিয় হ ৷” – মই মানসক বহালোঁ, বিনয়ক থিয় হ’বলৈ ক’লোঁ ৷
সি তলমুৰ কৰিয়ে থিয় হ’ল ৷ চকু তাৰ চকুপানীৰে চলচলীয়া ৷
       : পইচা ক’ৰ পৰা হেৰাল ? – মই সুধিলোঁ ৷
       : বেগৰ পৰা ৷ – সি ক’লে ৷
       : কেতিয়া হেৰাল ?
       : জিৰণিৰ সময়ত ৷
       : তই ক’লৈ গৈছিলি ?
       : বাহিৰত খেলি আছিলোঁ ৷
       : স্কুললৈ টকা পইচা অনাৰ অনুমতি নাই ৷ নিকেতনে হেৰুওৱা পইচাৰ দায়িত্ব নলয় ৷ কিয় আনিছিলি ?
       : দেউতাই চাইকেল ভাল কৰিবলৈ দিছিল ৷
       : চাইকেল কি বেয়া হৈছে ?
       : চেইন পৰে ৷
       : তোৰ ঘৰ ক’ত আছিল ?
       : ওৰাঙত ৷
       : মানে ইয়াৰ পৰা 12 কি: মি: ৷ – চেইন কিমান পৰে ?
       : সাত-আঠবাৰমান পৰে ৷
       : দেউতাৰাই কি কৰে ?
       : ওৰাং বাগানত দিন হাজিৰা ৷
       : দিনে কিমান টকা পায় ?
       : পঞ্চাশ টকা ৷
       : বহ ! - টকাৰ কথা পাছত !! মই এতিয়া এটা সাধু ক’ম ৷ সাধুটো শুনি ল ৷

       সি বহিল ৷ ছাত্ৰছাত্ৰীসকল যেন অবাক হ’ল ! সিহ’তে এবাৰ মোৰফালে আৰু এবাৰ বিনয়ৰ ফালে চালে ৷ মই সকলোকে উদ্দেশ্যী ক’লোঁ – “মই এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ এটা সাধু ক’ম ৷ সকলোৱে শুনিবা ৷ অৱশ্যে সাধুটো মই হুবহু নকওঁ ৷ অলপ নিজৰ ভাষাত ক’ম আৰু অলপ অলপ ৰিল কাটি কাটি ক’ম ৷ হ’বনে ?
       : হ’ব আচাৰ্য ৷ – সকলোৱে সমস্বৰে ক’লে ৷
মই আৰম্ভ কৰিলোঁ –
       এহাল বামুণ-বামুণী আছিল ৷ সিহঁতৰ ল’ৰাছোৱালী নাছিল ৷ বামুণে এদিন গাঁৱৰ পৰা ঘূৰি আহোঁতে আকাশত এটা কুৰুৱা চৰাই দেখিলে ৷ চৰাইটোৰ মুখত এটা ৰৌমাছ ৷
       বহুদিন মাছ খাবলৈ নোপোৱা বামুণৰ লোভ লাগিছিল ৷ চৰাইটোলৈ ঈৰ্ষা হৈছিল ৷ পিছে বামুণৰ কপাল ভাল ৷ মাছটোৱে চৰাইটোৰ ঠোঁটৰ মাজতে ঢৰফৰালে আৰু ঠোঁটৰ মাজৰ পৰা পিছলি মাছটো বামুণৰ সন্মুখতে পৰিল ৷ বামুণে “হেঃ হেঃ” বুলি কৈ চৰাইটো খেদিলে আৰু আগ্ৰহেৰে মাছটো হাতত তুলি লৈ ঘৰমুৱা হ’ল ৷
       বামুণৰ হাতত মাছ দেখি বামুণীয়ে ৰং পালে আৰু পৰম আনন্দৰে দুয়োৱে মাছটো ৰান্ধি-বাঢ়ি খালে৷
       দিন বাগৰিল ৷ বামুণীৰ এটা ল’ৰা ওপজিল ৷ ল’ৰা মানে চালে চকুত ৰোৱা ৷ যিয়ে দেখে, সিয়ে একোলা লয় ৷ পুৱা যদি এজনি ছোৱালীয়ে লয়, ইজনী-সিজনী-ইটো-সিটো কৰি ল’ৰা গৈ কেতিয়াবা গাঁৱৰ সিটো মূৰ পায়গৈ ৷ আকৌ বামুণীয়ে বিছাৰি আনিব লাগে ৷
       পিছে কি আচৰিত (!) বেমাৰ নাই, আজাৰ নাই, ল’ৰাটো এদিন অকষ্মাতে ঢুকাল ৷ শোকত বামুণ-বামুণীৰ চকুলো নুগুচা হ’ল ৷ এটি মাত্ৰ ল’ৰা, তাকো যমে সহ্য নকৰিলে বুলি যমৰ ওপৰতে খং উঠিল ৷ বামুণ-বামুণীয়ে সিদ্ধান্ত কৰিলে যে দুয়ো মিলি যমক এসেকা দিব ৷
       কথা মতেই কাম ৷ দুয়ো পুৱা-গধূলি ঘৰৰ ঢেঁকীটোকে ঘুমুৰ ঘুমুৰকৈ খুন্দি থাকিবলৈ আৰম্ভ কৰিলে আৰু কোনোবাই সুধিলে কয় – “যমৰ বুকু পিহিছোঁ ৷৷
       ঢেঁকীৰ মাত যমপুৰি পালেগৈ ৷ যম সমস্যাত পৰিল ৷ পৰিত্ৰাণৰ উপায় চিন্তি এদিন ৰাতি যমে বামুণ-বামুণী শুই থকা অৱস্থাত দুটা যমদূত পঠোৱাই বামুণৰ দেহাটো তাতে থৈ জীৱটো যমপুৰি পোৱালেগৈ ৷ যমপুৰিলৈ যোৱাৰ বাটত বিভিন্ন পাপী আত্মাবোৰক শাস্তি দিয়াৰ দৃশ্য দেখি বামুণৰ বুকু ঠক্ ঠক্.কৈ কঁপিবলৈ ধৰিলে; যমৰ ওচৰ পাই তেওঁৰ মুখৰ মাত হেৰাল ৷ যমে সুধিলে – “বাপুদেউ, তুমিছোন ঢেঁকীটো দিনে-নিশাই ঘুমুৰ ঘুমুৰকৈ খুন্দিছা, তুমি হেনো মোৰ বুকু পিহিছা ? মই তোমাৰ ক্ষোভৰ কাৰণ জানিছোঁ ৷ যোৱা, সৌটো তোমাৰ ল’ৰা ৷ লৈ যোৱাগৈ ৷” – যমে বামুণক অলপ আতৰতে জীৱাত্মাবোৰৰ মাজতে থকা বামুণৰ পুতেকলৈ দেখুৱালে ৷ বামুণ ওচৰ চাপি গ’ল ৷ পুতেকৰ ওচৰ পাই তেওঁ ক’লে – “মোৰ সোণ, আহাঁ ৷ মই তোমাক নিবলৈ আহিছোঁ নহয় ৷” পুতেকে বামুণলৈ ঘুৰিকে নাচালে ৷ এইবাৰ বামুণে পুনৰাই ক’লে – “সোণপোনা, আহাঁ আক’, মা তোমালৈ ৰৈ আছে নহয় ৷ আহাঁ আক’ ঘৰলৈ যাওঁ……৷” নাই এইবাৰো কোনো কামত নাহিল ৷ বামুণে এইবাৰ পুতেকৰ একেবাৰে কাষ চাপি গাত ধৰি আজুৰি দিলে আৰু ক’লে – “বোপাই চোৱাচোন, মই তোমাৰ বাপেৰ ৷ তোমাক নিবলৈ বাটকুৰি বাই আহিছোঁ ৷” বামুণৰ কথা শুনি ল’ৰাই এইবাৰ বামুণৰ ফালে মূৰ ঘুৰাই চালে আৰু ক’লে – “মুৰ্খ বামুণ! মই তোৰ পুতেৰ নহওঁ !! মই সেই কুৰুৱা চৰাইটোহে ৷ মনত আছে ? তই যে মোৰ মুখৰ মাছটো কাঢ়ি নি খাইছিলি ! তই কি বুজিবি, মাছটো নিয়া বাবে তিনিদিন অনাহাৰে থকা মোৰ পোৱালী কেইটা আৰু পত্নী বাহতে ঢুকাল !! আৰু ময়ো মনৰ দুখতে নাখায়-নবৈ বাহতে মৰি থাকিলোঁ !!! মই তেতিয়াই সংকল্প লৈছিলোঁ যে তই মোৰ বুকুত যি শোকৰ জুই জ্বলালি, ময়ো তোৰ বাবে তাৰ ব্যৱস্থা কৰিম ! সেয়ে মই তোৰ ঘৰত পুত্ৰ হিচাপে জন্ম লৈ, কম সময়তে গুচি আহি তোৰ বুকুত পুত্ৰশোকৰ জুই দি আহিলোঁ ৷ যা, তই অহা বাটে ঘুৰি যা ৷”
       বামুনে নিজৰ ভুল বুজি পালে আৰু যমক নিজৰ ভুলৰ বাবে ক্ষমা খুজি ঘৰমুৱা হ’ল ৷ বামুনে পুৱা বামুণীক সকলো কথা বিবৰি ক’লে আৰু তেতিয়াৰ পৰা দুয়ো পুত্ৰশোক কৰিবলৈ এৰি দিলে ৷
       : তোমালোকে সাধুটো শুনিলানে ? – ইমানপৰে গাটোও লৰচৰ নকৰাকৈ একান্তমনে সাধু শুনিথকা ছাত্ৰছাত্ৰীসকলক উদ্দেশ্যী ক’লোঁ ৷
       : শুনিলোঁ আচাৰ্য ৷ – সকলোৱে সমস্বৰে ক’লে ৷
লঘোনে ৰাখিব নাপায় ! নিজৰ সামান্য আনন্দৰ বাবে এটা পৰিয়ালত এইদৰে দুখ দিব নাপায় !! কোৱাছোন, পায়নে বাৰু ?
       : নাপায় আচাৰ্য, নাপায় ৷ – এইবাৰো সকলোৱে সমস্বৰে ক’লে ৷
       মই এইবাৰ বুজালোঁ – তোমালোকে ভাবি চোৱা আৰু টকা শ যি নিছা ঘুৰাই দিয়া ৷ আমিও সৰুতে নুবুজি পইচা চুৰ কৰিছিলোঁ ৷ পাছত ভুল বুজি পালোঁ আৰু পইচা চুৰ নকৰা হ’লোঁ ৷ মই জানোঁ, তোমালোক বেয়া নহয় ৷ কেতিয়াবা অজানিতে এনে ভুল হৈ যায় ৷ পিছে জানিলে অনুশোচনা কৰিব লাগে আৰু এবাৰ কৰা ভুল দুনাই কৰিব নালাগে ৷ মই এতিয়া একৰ পৰা দহলৈ গণনা কৰিম ৷ আমি সকলোৱে চকু মুদিম আৰু যি টকা শ নিছে টেবুলত দি যাবহি ৷ হ’বনে ?
       : হ’ব আচাৰ্য ৷ – আটয়ে সন্মত হ’ল ৷
       মই জানিছিলোঁ যে টকা শ নিয়াজনে টেবুলত নিদিয়ে; কিয়নো, দিলে ধৰা পৰিব ৷ সেয়ে মই ক’লোঁ – “দুটা চৰ্ত্ততহে মই গণনা কৰিম ৷”
       : কি চৰ্ত্ত আচাৰ্য ?
       : প্ৰৰথম চৰ্ত্ত, - পইচা যিয়ে নিনিয়ক কিয় তেওঁৰ বিষয়ে পিছত আমি কোনো চৰ্চা নকৰোঁ ৷ লগৰে বন্ধু, ভুলতে তেনে হোৱা বুলি সহজভাৱে ল’ম ৷
       দ্বিতীয় চৰ্ত্ত, - যি নিছে, তেওঁ টকা শ ঘুৰাই দিয়াৰ পাছত আমাৰ লগত চলা-ফুৰা কৰোঁতে আগৰদৰেই সহজভাৱে থকাত সহায় কৰিম ৷ পাৰিবানে ?
       : পাৰিম আচাৰ্য ৷ – আটয়ে সন্মত হ’ল ৷
       সকলোৰে সন্মতি পাই মই সকলোকে চকু মুদিবলৈ ক’লোঁ, - ময়ো মুদিলোঁ ৷ এক, দুই, তিনি ……  মই গণনা কৰি গ’লোঁ ৷ এসময়ত গণনা শেষ হ’ল ৷ আমি আটায়ে চকু মেলিলোঁ, টেবুললৈ চালোঁ, - নাই! টকা শ টেবুলত নাই !! মই অলপ সমস্যাতে পৰিলোঁ ৷ তথাপি আন এটা চেষ্টা কৰাৰ কথা ভাবিলোঁ ৷ ক’লোঁ – “দেখিলানে ? বামুণে লোভ সামৰিব নোৱাৰি কুৰুৱা চৰাইটোৰ  মুখৰ মাছ কাঢ়ি  খালে ৷ কুৰুৱা চৰাইটোৰ পৰিয়ালটোৱেই শেষ হৈ গ’ল ! বামুণে এটা পৰিয়ালত দুখৰ জুই জ্বলাই কি  লাভ হ’ল ? নিজেও তাৰ ফল পালে ৷ বামুণে আনক দুখ নিদিয়া হ’লে, একমাত্ৰ পুতেকক হেৰুৱাই বুকু উদং কৰাৰ শোক পাবলগা নহ’লহেঁতেন ৷ তোমালোকে বুজিছা নহয় ?” – মই আকৌ সুধিলোঁ ৷
       : বুজিছোঁ আচাৰ্য ৷ – এইবাৰো সকলোৱে সমস্বৰে উত্তৰ দিলে ৷

মই পুনৰ আৰম্ভ কৰিলোঁ – “আজি বিনয়ৰ কোনোবা বন্ধুৱে মনৰ লোভ সামৰিব নোৱাৰি তেওঁৰ টকা এশ আত্মসাৎ কৰিছে ৷ – চুৰ কৰিছছে ৷ তেওঁ হয়তো এই টকাশৰে কিবাকিবি অলপ কিনি ফুৰ্তি কৰাৰো পৰিকল্পনা কৰিছে ৷ তেওঁ হয়তো ভাবি চোৱা নাই -
       এক. টকা শ হেৰুওৱাৰ বাবে বিনয়ে চাইকেলৰ চেইনদাল সলাব নোৱাৰিব ৷ সি আজিও আন দিনৰদৰেই বাটত সাত-আঠবাৰ চাইকেলৰ চেইন তুলি তুলি হাত ক’লা কৰি ঘামি যামি ঘৰ পাবগৈ লাগিব ৷
       দুই. ঘৰত দেউতাকে বিনয়ে টকা শ হেৰুৱা বুলি জানিলে তাক হয়তো মাৰিব আৰু মনৰ দুখতে ৰাতি ভাত নাখাব আৰু বিনয়কো হয়তো খাবলৈ নিদিব !!
       তিনি. দেউতাকে এশ টকা পায় দুদিন হাজিৰা কৰি ৷ সকলো বাপেকৰে পুতেকলৈ মৰম থাকে ৷ পুতেকৰ চাইকেল ভাল কৰিবলৈ আন এশ টকা দিবলৈ তেওঁ আৰু দুটা দিন কপালৰ ঘাম মাটিত পেলাই দিন হাজিৰা কৰিব লাগিব ৷ আৰু তাকে কৰিবলৈ যাওঁতে তেওঁৰ চাউল কিনিবলৈ হয়তো পইছাৰ নাটনি হ’ব ৷ কুৰুৱা চৰাইটোৰ পৰিয়ালৰ দৰেই তেওঁলোক মৰি নাথাকিলেও দুটামান দিনৰ বাবে তেওঁলোক হয়তো আধাপেটি হ’ব লাগিব ৷
       নাপায় ! এশ টকাৰ লোভ কৰি এইদৰে এটি পৰিয়ালক শাস্তি দিব নাপায় !! টং টং টং টং টং টং টং টং …... সিফালে স্কুল ছটীৰ বে’ল পৰিল ৷ মোৰ নিজকে বৰ অসহায় যেন লাগিল ৷ ভাগ্য ভাল যে ল’ৰাছোৱালীবোৰে যাবলৈ উচপিচ কৰা নাই ৷ মই শেষবাৰৰ বাবে চেষ্টা এটা কৰিলোঁ; ক’লোঁ – “ঠিক আছে, এটা জেগা কোৱা : এতিয়া সকলোৰে আগত টকা শ দিবলৈ বেয়া পাইছা যদি নালাগে দিব; কিন্তু যি টকা শ লৈছা কাইলৈৰ ভিতৰত টকা শ তাত থৈ যাবা আৰু আমি কাইলে তাৰ পৰা আনি বিনয়ক দিম ৷
       :আচাৰ্য কম্প্লেইন বক্স ৷ – মৃণালিণীয়ে টপৰাই ক’লে ৷
       : বঢ়িয়া ৷ আশা কৰিছোঁ আমি কাইলৈ টকা শ তাত পাম ৷ তোমালোক এতিয়া যোৱা ৷ – মই ক’লোঁ ৷
       সকলো যাবৰ বাবে সাজু হ’ল ৷ ময়ো ওলাই আহিলোঁ ৷
       কমনৰূমত সোমাই নিজৰ কোঠালৈ নিবলগীয়া বহি দুখনমান জাপি লৈছোঁ ৷ এতেণ্ডেন্ছত চহী কৰিছোঁ, - বাৰে বাৰে  বিনয়ৰ টকাশৰ কথাকে ভাবি আছোঁ ৷ “বেয়া হ’ল দেই ! টকাশ উলিয়াব নোৱাৰাটো ভাল কথা নহ’ল !!” – মনতে নিজকে কৈছোঁ ৷ একোবত থমকি ৰৈ, থৰ লাখি চাই ছাত্ৰছাত্ৰীৰ মুখবোৰ এখন এখনকৈ মনলৈ আনিছোঁ, - কোনে নিব পাৰে টকা শ ? – প্ৰতাপে ?? – হ’ব পাৰে ৷ তাৰ পূৰ্বৰ ৰেক’ৰ্ড আৰু আজিৰ ভাৱ-ভঙ্গীয়ে তাকেই কয় ৷ সি দেখাত শান্ত-শীষ্ট; স্বাস্থ্যৰ ফালৰ পৰা হৃষ্ট-পুষ্ট; আৰু সৰু ল’ৰা যে, কিছুমান আচৰণত মহাদুষ্ট !
       যাবলৈ বুলি ওলাই দুৱাৰমুখ পাইছোঁ, সপ্তম মানৰ শ্ৰেণীকোঠাটোৰ ফালে কিবা ভাবত এবাৰ চাই পঠিয়াইছোঁ; দেখা পাইছোঁ, মানস আৰু বিনয় কোবাকোবিকৈ মোৰফালে আহিছে ৷ মানসে অলপ দূৰৰ পৰাই ক’লে – “আচাৰ্য আচাৰ্য, টকাশ পালোঁ ৷”
       : ক’ত পালা ? - মই ব্যগ্ৰতাৰে সুধিলোঁ ৷
       : প্ৰতাপে ক’লে, - “পিছফালে য়ুৰিনেলৰ ফালে পৰি আছে নেকি চাওঁগৈছোন ব’ল ৷” আমি গ’লোঁ; - তাতে পালোঁ ৷
       : ভাল হ’ল, ভাল হ’ল দিয়া ৷ - বহুত ভাল হ’ল ৷ – মই ক’লোঁ ৷
       বিনয়ে একো নামাতিলে ৷ সি মানসৰ গাতে লাগি তলমূৰকৈ আহিল আৰু তলমূৰকৈয়ে গুচি গ’ল ৷
       প্ৰচেষ্টাটো সফল হোৱাত ভাল লাগিল ৷ যুদ্ধ জয়ৰহে যেন আনন্দ পালোঁ ৷ ভাবিলোঁ, - আজি লক্ষ্মীনাথ বেজবৰুৱাৰ এটা সাধুৱে বিনয়ক এশটকীয়া সমস্যা এটাৰ পৰা বচালে ৷ অন্তত: আজিৰ দিনটোৰ বাবে বেজবৰুৱাৰ সেই বিশেষ সাধুটো “এটা এশটকীয়া সাধু” ৷

(সত্যজিত্ শইকীয়া, বেলতলা, গুৱাহাটী-২৮)

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী