Posts

বতৰ, জলবায়ু আৰু জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন, বিজ্ঞান, সপ্তম শ্ৰেণী।

1. বতৰ কাক বোলে? উত্তৰ - কোনাে এক নির্দিষ্ট অঞ্চলৰ কম সময়ৰ ভিতৰৰ বায়ুমণ্ডলৰ অৱস্থাক (উষ্ণতা,আদ্রর্তা, বৰষুণৰ পৰিমাণ ইত্যাদি) বতৰ বােলে। পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 66 2. বতৰৰ উপাদানবোৰ কি কি? উত্তৰ - বতৰৰ উপাদানবোৰ হ'ল হ'ল - উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদি। 3. বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ - বৃষ্টিমান তন্ত্ৰ (Rain gauge)। পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 67 4. উচ্চতম আৰু নিম্নতম তাপমান যন্ত্ৰ বা তাপমেতা কি? উত্তৰ - বতৰ বিৱৰণীৰ বাবে দিনটোৰ নিম্নতম আৰু উচ্চতম উষ্ণতা লিপিবদ্ধ কৰিবৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰবিধকে উচ্চতম আৰু নিম্নতম তাপমান যন্ত্ৰ বা তাপমেতা বোলে। 4. দিনটোৰ উষ্ণতা কেতিয়া নিম্নতম আৰু কেতিয়া উচ্চতম হয়? উত্তৰ - দিনটোৰ উষ্ণতা পুৱাৰ ভাগত নিম্নতম আৰু পিছবেলা উচ্চতম হয়। 5. শক্তিৰ প্ৰাথমিক উৎসটো কি? উত্তৰ - সূৰ্য পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 6 6. জলবায়ু কাক বোলে? উত্তৰ - এখন ঠাইৰ দীৰ্ঘ সময়ৰ, ধৰা হওক 25 বছৰৰ গড় বতৰৰ নমুনাক সেই ঠাইৰ জলবায়ু বোলে। 7. অভিযোজন কাক বোলে? উত্তৰ - জীৱবোৰে চাৰিওফালৰ পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লোৱা কৌশলকে অভিযোজন বোলে। 8. 

বিভিন্ন পৰিৱেশৰ প্ৰাণী, পঞ্চম শ্ৰেণী

বিভিন্ন পৰিৱেশৰ প্ৰাণী সপ্তম অধ্যায়, পঞ্চম শ্ৰেণী পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 71 প্ৰ.1 পৰিৱেশ কাক বোলে? উঃ উদ্ভিদ আৰু প্ৰাণীৰ থকা ঠাই আৰু ইহঁতৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বোলে। প্ৰ.2 মৰুভূমিৰ উদ্ভিদৰ গাত অসংখ্য _______ থাকে। উঃ  কাঁইট প্ৰ.3 মৰুভূমিৰ এবিধ প্ৰাণীৰ উদাহৰণ দিয়াঁ। উ: উট প্ৰ.4 মৰুভূমিৰ প্ৰাণী উটৰ পিঠিত থকা কুঁজটোৱে ইয়াক কেনেদৰে সহায় কৰে? উঃ  মৰুভূমিৰ প্ৰাণী উটৰ পিঠিৰ কুঁজটোত ইহঁতে বহু পৰিমাণে চৰ্বী আৰু পানী জমা কৰি ৰাখিব পাৰে। ফলত মৰুভূমিত বহুদিনলৈ খাদ্য আৰু পানীৰ অভাৱ হলেও ইহঁতে শৰীৰৰত জমা হৈ থকা চৰ্বী আৰু পানীৰে বহুদিনলৈ চলিব পাৰে। পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 72 প্ৰ.4 উটৰ খুৰাবোৰ ফঁটা হোৱাৰ এটাৰ সুবিধা লিখা। উঃ  উটৰ খুড়াবোৰ ফঁটা হোৱা বাবে ইহঁতে গৰম বালিত খোজ কাঢ়িবলৈ সুবিধা হয়। ইহঁতে খোজ কাঢ়োঁতে খুড়াৰ ফাঁটেৰে বালিবোৰ সহজতে ওলাই যায়। প্ৰ.5 মৰুভূমিৰ প্ৰাণীয়ে গৰম কিদৰে সহ্য কৰিব পাৰে লিখাঁ। উঃ  মৰুভূমিৰ প্ৰাণীবোৰৰ গাৰ ছাল নোমাল আৰু ডাঠ হোৱা বাবে বাহিৰৰ গৰম সহজতে শৰীৰৰ ভিতৰলৈ সোমাব নোৱাৰে আৰু শৰীৰৰ পৰা গৰমত পানীও সহজতে বাহিৰলৈ ওলাব নোৱাৰে।  প্ৰ.6 অভিযোজ...

ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন, সপ্তম শ্ৰেণী

1.  ৰাসায়নিক পৰিৱৰ্তন কাক বোলে ? ৰাসায়নিক পৰিৱৰ্তনৰ দুটা উদাহৰণ দিয়াঁ। উত্তৰ - কোনো পদাৰ্থৰ যি পৰিৱৰ্তনত পদাৰ্থৰ গুণধৰ্মৰ পৰিৱৰ্তন ঘটে আৰু নতুন পদাৰ্থৰ সৃষ্টি হয় , তেনে পৰিৱৰ্তনক ৰাসায়নিক পৰিৱৰ্তন বোলে।       ৰাসায়নিক পৰিৱৰ্তনৰ দুটা উদাহৰণ হ ' ল -           ( ক) লোত মামৰে ধৰা। আৰু             ( খ) কাৰ্বন ডাই-অক্সাইড গেছে চূণ-পানী ঘোলা কৰা। 2.   তলত দিয়াবোৰ ভৌতিক নে ৰাসায়নিক পৰিৱৰ্তন চিনাক্ত কৰা — (ক) মমবাতি জ্বলোৱা   →   ৰাসায়নিক পৰিবৰ্তন। (খ) কাঁহৰ বাচনত সোউজীয়া ৰং ধৰা   →   ৰাসায়নিক পৰিবৰ্তন। (গ) বৰফ গলি যোৱাটো   →   ভৌতিক পৰিবৰ্তন। (ঘ) চূণপানী ঘোলা হোৱা   →   ৰাসায়নিক পৰিবৰ্তন। (ঙ) আহাৰ হজম হোৱা   →   ৰাসায়নিক পৰিবৰ্তন। 3. ৰাসায়নিক পৰিৱৰ্তন চিনাক্ত কৰিব পৰা পাঁচটা‌ লক্ষণ লিখাঁ। উত্তৰ - ৰাসায়নিক পৰিৱৰ্তন চিনাক্ত কৰিব পৰা পাঁচটা‌ লক্ষণ হ ' ল - ‌‌  ( ক) তাপ , পোহৰ বা আন যিকোনো বিকিৰণ নিৰ্গত বা শোষিত হ ' ব পাৰে।  (...