নিয়ন্ত্ৰণ আৰু সমন্বয় , বিজ্ঞান, দশম শ্ৰেণী
1. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন৷ ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে? TP.17, 18 উঃ আমাৰ দেহত গ্ৰাহক অংগৰ কাম হ’ল পৰিৱৰ্তিত পৰিৱেশৰ বিভিন্ন তথ্যসমূহ, যেনে - উত্তাপ, পোহৰ আদিৰ হ্ৰাস-বৃদ্ধি, শৰীৰত হোৱা কোনো আঘাত, কোনো বস্তুৰ গোন্ধ আদিৰ উদ্দীপনা গ্ৰহণ কৰি স্নায়ুকোষলৈ প্ৰেৰণ কৰা৷ গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে পৰিৱৰ্তিত পৰিৱেশৰ উদ্দীপনা বা বাৰ্তা স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ নহ’ব৷ ফলত উপযুক্ত সঁহাৰিৰ অভাৱত আমাৰ শৰীৰৰ আংশিক বা সম্পূৰ্ণ ক্ষতি হ’ব৷ উদাহৰণস্বৰূপে গৰম বস্তুত হাত-ভৰি লাগিলে তাৰ উদ্দীপনা যদি স্নায়ুতন্ত্ৰলৈ নাযায়, তেন্তে স্নায়ুৰ ক্ৰিয়াত পেশীকোষ সক্ৰিয় হৈ গৰম বস্তুৰ পৰা হাত-ভৰি আঁতৰাই অনাত সহায় নকৰিব৷ ফলত, আমাৰ শৰীৰ আংশিকভাৱে বা সম্পূৰ্ণকৈ জ্বলি যাব৷ একেই কাৰণত অতি উজ্জ্বল পোহৰ বেছি সময়ৰ বাবে চকুত সোমাই চকুৰ পেশীসমূহ বিকল কৰি পেলাব, - আমি নেদেখা হ’ম৷ মহ এটাই বহু পৰ কামুৰি থাকি আমাৰ দেহলৈ বেমাৰ বিয়পাব৷ আমাৰ মৃতু্য হ’ব পাৰে, আদি৷ 2. স্নায়ুকোষ বা নিউৰণ কি? TP.15, 16, 17, 18 উঃ স্নায়ুকোষ বা নিউৰণ হ’ল স্নায়ুতন্ত্ৰ গঠ...