মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন, বিজ্ঞান, পঞ্চম অধ্যায় (খণ্ড - 1), দশম শ্ৰেণী।

  মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন,

বিজ্ঞানৰ প্ৰশ্নোত্তৰ (খণ্ড - 1),

দশম শ্ৰেণী।


পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 79

1. ড’বাৰেইনাৰৰ ট্ৰায়াড বা ত্ৰিক কি ? - বুজাই লিখাঁ৷

উত্তৰ - 1817 চনত জাৰ্মান ৰসায়নবিদ জ’হান ওলফ্‌গেং ড’বাৰেইনাৰে (Johann Wolfgang Dobereiner) একে ধৰ্মবিশিষ্ট মৌলবোৰক একোটা গোটত সজাবলৈ যত্ন কৰি তিনিটা তিনিটা মৌল থকা কেইটামান গোট  চিনাক্ত কৰিছিল৷ এই গোটবোৰকে তেওঁ ড’বাৰেইনাৰৰ ট্ৰায়াড বা ত্ৰিক বুলিছিল৷ তেওঁ দেখুৱাইছিল যে ট্ৰায়াড একোটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বদ্ধিৰ্ত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হয়৷

উদাহৰণস্বৰূপে, লিথিয়াম (Li), ছ’ডিয়াম (Na) আৰু পটেছিয়াম (K) ৰে গঠিত ট্ৰায়াডটোত ইহঁতৰ পাৰমাণৱিক ভৰ ক্ৰমে (6.9u), (23u) আৰু (39.00u)৷ ইহঁতৰ মাজৰ মৌল ছ’ডিয়াম (Na) ৰ পাৰমাণৱিক ভৰ আন দুটা মৌল ক্ৰমে লিথিয়াম (Li) আৰু পটেছিয়াম (K) ৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান৷


2. ড’বাৰেইনাৰৰ ট্ৰায়াড বা ত্ৰিকৰ বৈশিষ্ট্য কি? (TP.18)

উত্তৰ - ড’বাৰেইনাৰৰ ট্ৰায়াড বা ত্ৰিকৰ বৈশিষ্ট্য হ’ল -

(ক) ট্ৰায়াড একোটাৰ মৌলবোৰৰ ধৰ্ম একে৷

(খ) ট্ৰায়াড একোটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বদ্ধিৰ্ত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হয়৷


মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন, পঞ্চম অধ্যায় (খণ্ড - 2), বিজ্ঞান, দশম শ্ৰেণীৰ প্ৰশ্নোত্তৰৰ বাবে ইয়াত ক্লিক্/touch কৰাঁ।

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

"Kamala" by Vijay Tendulkar

DMIT Report কি?

ণত্ব বিধি আৰু ষত্ব বিধি