মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন, বিজ্ঞান, পঞ্চম অধ্যায় (খণ্ড - 1), দশম শ্ৰেণী।
মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন,
বিজ্ঞানৰ প্ৰশ্নোত্তৰ (খণ্ড - 1),
দশম শ্ৰেণী।
পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 79
1. ড’বাৰেইনাৰৰ ট্ৰায়াড বা ত্ৰিক কি ? - বুজাই লিখাঁ৷
উত্তৰ - 1817 চনত জাৰ্মান ৰসায়নবিদ জ’হান ওলফ্গেং ড’বাৰেইনাৰে (Johann Wolfgang Dobereiner) একে ধৰ্মবিশিষ্ট মৌলবোৰক একোটা গোটত সজাবলৈ যত্ন কৰি তিনিটা তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল৷ এই গোটবোৰকে তেওঁ ড’বাৰেইনাৰৰ ট্ৰায়াড বা ত্ৰিক বুলিছিল৷ তেওঁ দেখুৱাইছিল যে ট্ৰায়াড একোটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বদ্ধিৰ্ত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হয়৷
উদাহৰণস্বৰূপে, লিথিয়াম (Li), ছ’ডিয়াম (Na) আৰু পটেছিয়াম (K) ৰে গঠিত ট্ৰায়াডটোত ইহঁতৰ পাৰমাণৱিক ভৰ ক্ৰমে (6.9u), (23u) আৰু (39.00u)৷ ইহঁতৰ মাজৰ মৌল ছ’ডিয়াম (Na) ৰ পাৰমাণৱিক ভৰ আন দুটা মৌল ক্ৰমে লিথিয়াম (Li) আৰু পটেছিয়াম (K) ৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান৷
2. ড’বাৰেইনাৰৰ ট্ৰায়াড বা ত্ৰিকৰ বৈশিষ্ট্য কি? (TP.18)
উত্তৰ - ড’বাৰেইনাৰৰ ট্ৰায়াড বা ত্ৰিকৰ বৈশিষ্ট্য হ’ল -
(ক) ট্ৰায়াড একোটাৰ মৌলবোৰৰ ধৰ্ম একে৷
(খ) ট্ৰায়াড একোটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বদ্ধিৰ্ত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হয়৷
Jowar Jeet Kashyap (09)
ReplyDeleteBanasmita Talukdar (04)
ReplyDeleteUpakul Bhattacharya (16)
ReplyDelete