বল আৰু গতি বিষয়ক সূত্ৰসমূহ, (খণ্ড -1) বিজ্ঞান, নবম শ্ৰেণী।
1. বল (Force) ৰ সংজ্ঞা দিয়াঁ৷
উত্তৰ - যাৰ প্ৰয়োগৰ দ্বাৰা কোনো বস্তুৰ অৱস্থা, দ্ৰুতি, গতিৰ দিশ আদিৰ পৰিৱৰ্তন কৰা হয় বা পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰা হয়, তাকে বল বোলে৷
2. সন্তুলিত বল বুলিলে কি বুজা?
উত্তৰ - কোনো বস্তুৰ ওপৰত ক্ৰিয়াশীল দুটা সমান আৰু বিপৰীতমুখী বলকে সন্তুলিত বল বুলি কোৱা হয়৷
3. অসন্তুলিত বল বুলিলে কি বুজা? এনে বলে কোনো বস্তুৰ ওপৰত কেনে প্ৰভাৱ পেলায়?
উত্তৰ - কোনো বস্তুৰ ওপৰত ক্ৰিয়াশীল দুটা বিপৰীতমুখী আৰু অসমান বলক অসন্তুলিত বল বুলি কোৱা হয়৷ অসন্তুলিত বলৰ বাবে -
(i) স্থিতিশীল বস্তুৱে তাৰ ওপৰত প্ৰযুক্ত ডাঙৰ বলটোৰ দিশত গতি কৰে৷
(ii) গতিশীল বস্তুৰ দ্ৰুতি আৰু দিশৰ পৰিৱৰ্তন হয়৷
4. নিউটনৰ গতিবিষয়ক প্ৰথম সূত্ৰটো লিখাঁ৷
উত্তৰ - নিউটনৰ গতিবিষয়ক প্ৰথম সূত্ৰটো হ’ল - প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবালৈ বাধ্য নকৰা পৰ্যন্ত বস্তু এটা স্থিতিশীল বা সুষম গতিৰে গতিশীল হৈ থাকিব৷
Thanks for
ReplyDeleteɴᴏ ᴛʜᴀɴᴋs
Delete