ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (সকলো প্ৰশ্নোত্তৰ)
দশম শ্ৰেণী


এই প্ৰশ্নোত্তৰবোৰ অলপতে প্ৰকাশ হোৱা দশম শ্ৰেণীৰ "ছায়ে'ন্স টিউটৰ" নামৰ কিতাপখনৰ প্ৰথম পাঠ।
ইয়াত প্ৰশ্নোত্তৰবোৰ পাঠৰ ক্ৰমানুসাৰে সজোৱা আছে।


























দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ। প্ৰকাশ পালে "ছায়ে'ন্স টিউটৰ" নামৰ কিতাপখন। কিতাপখনত আছে -
(1) “বিজ্ঞান” পাঠ্যপুথিখন এফালৰ পৰা পঢ়ি গ’লে ওলাব পৰা 2,500 ৰো অধিক সৰু-ডাঙৰ প্ৰশ্নোত্তৰ। 
(2) প্ৰশ্নোত্তৰসমূহ ক্ৰমানুসাৰে আৰু সহজৰ পৰা জটিললৈ সজোৱা আছে৷ গতিকে অন্ততঃ প্ৰথম বাৰ পঢ়োঁতে এফালৰ পৰা পঢ়িলে কথাবোৰ বুজিবলৈ বেছি সহজ হ’ব। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আগৰ প্ৰশ্ন একোটা মনত ৰাখিলে পিছৰ প্ৰশ্নবোৰ তুলনামূলকভাৱে বেছি সহজে মনত ৰ’ব৷ কিয়নো, ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ প্ৰশ্নোত্তৰবোৰৰ ভাষা প্ৰায় একে কৰা হৈছে৷ - কিতাপখন পঢ়ি চালে কথাটো বেছি ভালকৈ বুজা যাব। 
(3) 2014 চনৰ পৰা বিভিন্ন টেষ্ট পেপাৰত অহা প্ৰশ্নোত্তৰসমূহ বিচাৰি উলিয়াই ইয়াত অন্তৰ্ভূক্ত কৰা হৈছে৷ প্ৰশ্নবোৰ যি পাঠৰ যি ঠাইৰ পৰা আহিছিল, তাতেই ৰখা হৈছে৷ টেষ্ট পেপাৰত অহা প্ৰশ্নবোৰৰ ক্ষেত্ৰত প্ৰশ্নবোৰৰ শেষত চমুকৈ TP (অৰ্থ-Test Paper) বুলি লিখি 14, 15, 16 আদি উল্লেখ কৰা হৈছে৷ 
 উদাহৰণস্বৰূপে কোনো প্ৰশ্নৰ কাষত TP. 14,15,16,17,18,19 বুলি লিখা থাকিলে বুজিব লাগিব যে সেই প্ৰশ্নটো কোনো কোনো জিলাৰ 2014, 2015, 2016, 2017, 2018 আৰু 2019 চনৰ Test Paper ত আহিছিল, বা TP.14-19 বুলি লিখা থাকিলে বুজিব লাগিব যে সেই প্ৰশ্ন 2014 চনৰ পৰা 2019 চনলৈ কোনো কোনো জিলাৰ কোনো কোনো Test Paper ত আহিছিল৷ অথাৰ্ৎ কিতাপখন পঢ়ি যোৱাৰ লগে লগে অতিকে কমন প্ৰশ্নবোৰৰ এটা ধাৰণা পোৱা যাব৷ এইদৰে ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ বোজা কমিব আৰু যথেষ্ট সময় ৰাহি হ’ব৷ 
(4) পাঠ্যপুথিত থকা গাণিতিক সমস্যাসমূহ পৰীক্ষাত প্ৰায়ে বেলেগ বেলেগ সংখ্যা লগাই বেলেগ ধৰণেৰেও আহিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি গাণিতিক সমস্যাবোৰ বিভিন্ন দৃষ্টিকোণৰ পৰা অৱতাৰণা কৰিবলৈ চেষ্টা কৰা হৈছে৷ কেতিয়াবা “এতিয়া নিজে কৰাঁ” বুলি গৃহকাৰ্য দিয়াৰ লগতে সেইবোৰৰ সমাধানৰ ইংগিত দিয়া হৈছে৷ 
(5) কিছুমান জটিল লগা কথা সহজে মনত ৰাখিবৰ বাবে স্মৃতি কৌশল দিয়া হৈছে৷ উদাহৰণস্বৰূপে দ্বিতীয় পাঠৰ এঠাইত “ক্ষাৰনী” বুলি মনত ৰাখিবলৈ কোৱা হৈছে৷ ই ছাত্ৰ-ছাত্ৰীসকলক ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে বুলি মনত ৰখাত সহায় কৰিব৷ 
(6) বহু ক্ষেত্ৰত দেখা যায় যে বিভিন্ন সহায়িকা পুথিবোৰত আমি কিছুমান প্ৰশ্নৰ উত্তৰ পোৱা যায়, কিন্তু সেই উত্তৰটো কিয় সেইটো হ’ল তাৰ কাৰণটো বুজা নাযায়৷  সেয়েহে, এই কিতাপত ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ কিছুমান প্ৰশ্নোত্তৰৰ শেষত “কেনেকৈ লোৱা হ’ল এই সিদ্ধান্ত”, “মন দিবাঁ”, “মনত ৰাখিবাঁ”, “জানি থোৱাঁ” আদি শিৰোনামেৰে কিছু আনুসঙ্গিক কথা বুজাবলৈ চেষ্টা কৰা হৈছে৷ সেইবোৰে কিতাপখনক এজন টিউটৰৰ দৰে ব্যৱহাৰ কৰাত সহায়ক হ’ব৷ 
(7) পাঠ্যপুথিৰ বিভিন্ন পাঠৰ বিভিন্ন প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নবোৰৰ উত্তৰ পাঠটোৰ যিটো পৃষ্ঠাৰ যিটো পেৰেগ্ৰাফৰ যিটো শাৰীত আছে, সেই ঠাইতেই প্ৰশ্নটো ৰাখি উত্তৰ কৰা হৈছে, আৰু ছাত্ৰ-ছাত্ৰীসকলে বিচাৰি পোৱাত যাতে সুবিধা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি পাঠৰ শেষত একোখন তালিকা দিয়া আছে৷ তালিকাখনে কোন পৃষ্ঠাৰ কোনটো প্ৰশ্নৰ উত্তৰ এই কিতাপৰ কোন নম্বৰত আছে, সেইটো আগেয়ে জনাত সহায় কৰিব৷ 
8. কেৱল পঢ়িবৰ বাবে ভাল সমলেই পযাৰ্প্ত নহয়৷ কেতিয়াবা কোনো কোনো অভিপ্ৰেৰণাই (motivation) আমাক যথেষ্ট উৎসাহিত কৰে৷ সেয়েহে একোটা পাঠৰ শেষত য’তেই খালী ঠাই অলপ ৰৈছে তাতেই “কথা পাতোঁ আহাঁ” শিৰোনামেৰে ছাত্ৰ-ছাত্ৰীসকলক কিছুমান বিশেষ কথা বুজাবলৈ প্ৰয়াস কৰা হৈছে৷
 ইত্যাদি ...।
বি.দ্ৰ. - কিতাপখনে প্ৰকাশৰ প্ৰথম পাঁচটা দিনতে সকলোৰে সমাদৰ পাবলৈ সক্ষম হৈছে। কিতাপখনৰ মূল্য 429 টকা। দহদিনলৈ ৰেহাইৰ ব্যৱস্থা আছে। যোগাযোগ - 9859577331।

Comments

Popular posts from this blog

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী