Where The Mind is Without Fear , Class 6 , Bharati English Reader , SSVN , Assam

 Where The Mind is Without Fear

    আমাৰ দেশত ইংৰাজে শাসন কৰাৰ সময়ত এই কবিতাটো লিখা হৈছিল। আমি তেতিয়া বিদেশী শক্তিৰ দাসত্বত বন্দী হৈ আছিলোঁ। মহান ভাৰতীয় জাতীয়তাবাদী আৰু দূৰদৰ্শী ব্যক্তি ৰবীন্দ্ৰনাথ ঠাকুৰে কামনা কৰিছিল ভাৰতৰ জনতা স্বাধীনতাৰ এক উজ্জ্বল প্ৰভাতৰ বাবে জাগ্ৰত হওক – এই স্বাধীনতা হওক দাসত্ব আৰু মানসিক শিকলিৰ পৰা স্বাধীনতা।

    কবিতাটো এবাৰ উচ্চস্বৰে পঢ়া। তাৰ পিছত মনে মনে পঢ়া। পাৰিলে কবিতাটো মুখস্থ কৰি লোৱাঁ।

Where The Mind is Without Fear

Where the mind is without fear and the head is held high;

Where knowledge is free;

Where the world has not been broken up into fragments By narrow domestic walls;

Where words come out from the depth of truth; Where tireless striving stretches its arms towards perfection; Where the clear stream of reason has not lost its way into

the dreary desert sand of dead habit;. Where the mind is led forward by thee into ever-widening

thought and action Into that heaven of freedom, my father, let my country awake.

য'ত মনটো ভয়হীন

য'ত মনটো ভয়হীন আৰু মূৰটো ওপৰলৈ তুলি লোৱা হয়;

য'ত জ্ঞান মুক্ত;

য'ত পৃথিৱীখনক খণ্ড খণ্ডলৈ ভাঙি পেলোৱা হোৱা নাই

ঘৰুৱা সংকীৰ্ণ বেৰৰ দ্বাৰা;

য'ত সত্যৰ গভীৰতাৰ পৰা শব্দবোৰ ওলাই আহে;

য'ত অক্লান্ত প্ৰচেষ্টাই নিজৰ বাহু দুটা পূৰ্ণতাৰ দিশত মেলি দিয়ে;

য’ত যুক্তিৰ স্পষ্ট ধাৰাই (সোঁতে) নিজৰ বাট হেৰুৱাই পেলোৱা নাই

মৃত অভ্যাসৰ নিস্তব্ধ মৰুভূমিৰ বালিত;.

য'ত তোমাৰ দ্বাৰা মনক আগুৱাই লৈ যোৱা হয় নিতৌ বহল হ'বলৈ

চিন্তা আৰু কাৰ্য্য

 স্বাধীনতাৰ সেই স্বৰ্গলৈ, মোৰ দেউতা, মোৰ দেশখন জাগ্ৰত হওক।

সংক্ষিপ্ত অসমীয়া ভাৱানুবাদ

বিশ্ব-নাগৰিক

ভীতিহীন মন মোৰ উন্নত শিৰ

মুক্ত জ্ঞান মোৰ নহওঁ অধীৰ।

এখনেই পৃথিৱী কোনো নেদেখোঁ প্ৰাচীৰ

প্ৰতিটো শব্দ মোৰ সত্য গভীৰ।

প্ৰসাৰিত দুবাহু স্বপ্ন পূৰ্ণতাৰ

স্পষ্ট যুক্তিৰ ধাৰা যোৱা নাই মাৰ।

চিন্তা আৰু কাৰ্যৰ নীতে বিস্তাৰিত মনৰ

দেশে লয় পথ যেন স্বাধীন সৰগৰ।

(সত্যজিৎ শইকীয়া)

Exercises

a) Lets look at the interesting use of the relative adverb 'where' in all but 1 line of

the poem. The lines start with 'where' 1- Where the mind is without fear and the head is held high;

'where' relates to 'mind' and now find out what 'where' relates to 'lead' in the other line.

b) Find out the negative words in the poem, eg, fear, broken.

Ans. The negative words in the poem are narrow, lost, dreary and dead.

c) Say whether true or false :

1. The poet describes an ideal place.

Ans. True

2. 'Narrow domestic walls' means lack of understanding between man and man.

Ans. True

3. 'Dead habit' means old habits.

Ans. True

4. Truth, perfection and reason are not to be found in that 'heaven'.

Ans. False 

5. 'Tireless striving'cannot reach perfection.

Ans. False

Give 5 short sentences to describe the heaven that the poet wants for his country-

men eg. a place where knowledge is free.

Answer the following:-

1. Who does 'thee' refer to?

Ans. 

2. What does the poet expect a man to possess?

Ans. 

3. How can one achieve perfection?

Ans. 

4. What is 'dead habit'?

Ans. 

5. What are 'narrow domestic walls'?

Ans. 

6. Does this poem remind you of any poem of Bengali poet Rabindranath Tagore?

Ans. 

7. The word 'Where' is frequently used in this poem. Why?

Ans. 

ক্ৰমশ...


Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী