মৌল, যৌগ আৰু মিশ্ৰ , বিজ্ঞান, 9ম অধ্যায় , ষষ্ঠ শ্ৰেণী , শংকৰদেৱ শিশু নিকেতন

 

অধ্যায় – 9

মৌল, যৌগ আৰু মিশ্ৰ

১। পদার্থ কাক বোলে?

উত্তৰ – বস্তুবোৰ যিহেৰে গঠিত তাকে পদাৰ্থ বোলে।

২। পদাৰ্থৰ শ্ৰেণীবিভাজন কৰা?

উত্তৰ – পদাৰ্থবোৰ তিনি প্ৰকাৰৰ –

    (i) কঠিন বা গোটা পদাৰ্থ।

    (ii) তৰল বা জুলীয়া পদাৰ্থ আৰু

    (iii) গেছীয় পদাৰ্থ।

৩। মৌল আৰু যৌগ কাক বোলে?

উত্তৰ – যিবিলাক পদাৰ্থ ভাঙিলে একে জাতীয় অণু বা পৰমাণু পোৱা যায়, তেনেবিলাক পদাৰ্থকে মৌল বোলে।

       যেনে – লো

    মৌলবোৰ নিৰ্দিষ্ট অনুপাতত ৰাসায়নিকভাৱে লগ লাগি নতুন বস্তুৰ সৃষ্টি কৰিলে তাক যৌগ বোলে।

       যেনে - পানী

৪। পাৰ্থক্য দেখুওৱাঁ :

ক) মৌল আৰু যৌগ

উত্তৰ -

মৌল

যৌগ

(ক)মৌলবোৰ ভাঙিলে একেজাতীয় অণু বা পৰমাণু পোৱা যায়।

(ক)যৌগবোৰ ভাঙিলে দুই বা ততোধিক মৌল পোৱা যায়।

(খ)মৌলবোৰ ৰাসায়নিক প্ৰক্ৰিয়াৰে ভাঙিব নোৱাৰি।

(খ)যৌগবোৰ ৰাসায়নিক প্ৰক্ৰিয়াৰে ভাঙিলে ইয়াৰ উপাদান মৌলবোৰ পোৱা যায়।

 

খ) যৌগ আৰু মিশ্ৰ

উত্তৰ -

যৌগ

মিশ্ৰ

(ক)বিভিন্ন মৌলৰ দুই বা ততোধিক পৰমাণু লগ লাগি যৌগ গঠন কৰে।

(ক)দুই বা ততোধিক মৌল, যৌগ আদি লগ লাগি মিশ্ৰ গঠন কৰে।

(খ)যৌগ এটাত বিভিন্ন মৌলৰ পৰমাণুবোৰ নিৰ্দিষ্ট অনুপাতত মিহলি হৈ থাকে।

(খ)যৌগ এটাত বিভিন্ন মৌল, যৌগ আদি বিভিন্ন অনুপাতত মিহলি হৈ থাকে।

 

 

(গ)কোনো যৌগ ভাঙিলে মৌল পোৱা যায়।

(গ)মিশ্ৰ ভাঙিলে বিভিন্ন মৌল, যৌগ আদি পোৱা যায়।

 

 

গ) অণু আৰু পৰমাণু

উত্তৰ -

অণু

পৰমাণু

(ক)অণু হল মৌল বা যৌগৰ সেই ক্ষুদ্ৰ অংশ যাৰ স্বতন্ত্ৰ অস্তিত্ব আছে।

(ক)পৰমাণু হল মৌলৰ সেই ক্ষুদ্ৰ অংশ যাৰ স্বতন্ত্ৰ অস্তিত্ব নাথাকিবও পাৰে।

(খ)অণুৰ মাজত পদাৰ্থৰ ধৰ্ম নিহিত হৈ থাকে।

(খ)পৰমাণুৰ মাজত কোনো পদাৰ্থৰ ধৰ্ম নিহিত হৈ নাথাকে।

 

ঘ) পদাৰ্থ আৰু বস্তু

উত্তৰ -

পদাৰ্থ

বস্তু

(ক)পদাৰ্থৰে বস্তু গঠিত হয়।

(ক)বস্তু ভাঙিলে পদাৰ্থ পোৱা যায়।

(খ)উদাহৰণস্বৰূপে লো এবিধ পদাৰ্থ।

(খ)কটাৰী, কাঁচি আদি লোৰে গঠিত বস্তু।

 

ঙ) দ্ৰৱ আৰু দ্রাব্য

উত্তৰ -

দ্ৰৱ

দ্ৰাব্য

(ক)দ্ৰৱ হল দুই বা ততোধিক পদাৰ্থ লগ লাগি সৃষ্টি হোৱা যৌগ বা মিশ্ৰ।

(ক)দ্ৰাব্য হল দ্ৰৱ এটাত দ্ৰবীভূত হৈ থকা পদাৰ্থ।

(খ)উদাহৰণস্বৰূপে চেনী-পানীৰ মিশ্ৰ হল এটা দ্ৰৱ।

(খ)চেনী-পানীৰ মিশ্ৰণত চেনী হব এবিধ দ্ৰাব্য।                

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী