Noun , Pronoun , Subject , Verb , Object ইত্যাদি।
Q. What is noun?
Ans. Noun is the name of anything.
Q. Noun ক অসমীয়াত ___ বুলি কোৱা হয়।
Ans. নামপদ, বিশেষ্যপদ বা সংজ্ঞাপদ
Q. কেইটামান Noun ৰ উদাহৰণ দিয়াঁ।
Ans. Ram, Madhu, Jadu, Bishal, Sudarshan, Barnam, Sita, Bandita, Kritishikha, Ghana Shyam, car, book, pen, pencil,
Q. Pronoun ক অসমীয়াত কি বুলি কোৱা হয়?
Ans. সৰ্বনাম।
Q. কেইটামান pronoun ৰ উদাহৰণ দিয়াঁ।
Ans. কেইটামান pronoun ৰ উদাহৰণ হ’ল - I, we, you, you, he, she, it, they আদি।
Q. Subject বা কৰ্তা কি?
Ans. সাধাৰণতে কোনো বাক্যত যি ব্যক্তি বা বস্তুৰ বিষয়ে কোৱা হয়, তাকে উদ্দেশ্য বা কৰ্তা ইংৰাজীত subject বুলি কোৱা হয়।
উদাহৰণস্বৰূপে, The flower is beautiful. এই বাক্যত ফুলপাহ (The flower) বিষয়ে কোৱা হৈছে। গতিকে The flower হ’ব উদ্দেশ্য বা subject.
সাধাৰণতে কৰ্তা শব্দৰ অৰ্থ হ'ল কৰোঁতা। অৰ্থাত্ যি কৰে, সি কৰ্তা। The flower is beautiful বাক্যটোত ফুলপাহে একো কৰা নাই। ইয়াত কেৱল ফুলপাহ ধুনীয়া বুলিহে উল্লেখ কৰা হৈছে। গতিকে ই উদ্দেশ্য যদিও কৰ্তা নহয়।
The hunter killed the tiger. ইয়াত বাঘটো (The hunter) ৰ বিষয়ে কোৱা হৈছে। গতিকে The hunter হব উদ্দেশ্য বা subject. ইয়াত যিহেতু চিকাৰীজনে বাঘটো মৰাৰ কামটো কৰিছে। গতিকে তেওঁ বাক্যটোৰ তথা মৰা কামটোৰ কৰ্তাও। গতিকে ইয়াক ইংৰাজীত subject আৰু অসমীয়া উদ্দেশ্য বা কৰ্তা দুয়োটা নামেৰে জানিব পাৰি। গতিকে সকলো উদ্দেশ্য কৰ্তা নহয়, কিন্তু সকলো কৰ্তাই উদ্দেশ্য।
He gave. বুলি ক'লে আমি gave verb টোক দুটা প্ৰশ্ন কৰিব পাৰোঁ।
1. “কি দিছিল”? এই প্ৰশ্ন কৰিলে ধৰোঁ “এখন কিতাপ” দিছিল He gave a book. বুলি কোৱা হ’ল। এই “a book” হ’ব এটা object বা অসমীয়াত কৰ্ম।
2. এইবাৰ "কাক দিছিল" বুলি প্ৰশ্ন কৰা হওক। ধৰোঁ "তেওঁক/him"। এইদৰে "মোক/me", "তাইক/her", "ৰামক/Ram" আদিও হব পাৰে। ইহঁতবোৰো object বা কৰ্ম হ'ব।
গতিকে He gave me a book. বুলি ক'লে ইয়াত দুটা object বা কৰ্ম দেখা গৈছে। এটা me আৰু আনটো a book.
Verb বুলি ক'লে আমি ইয়াৰ প্ৰতিটোৰে তিনিটাকৈ ৰূপ জানিলেহে ইংৰাজী ভালকৈ পাৰিম। যেনে - "to go" verb ৰ তিনিওটা ৰূপ go - went - gone জানিলেহে আমাৰ ইংৰাজী কোৱা বা লিখাত সহায়ক হ'ব। এইদৰে আমি প্ৰত্যোক verbৰ তিনটাকৈ ৰূপ জানিবলৈ আগ্ৰহী হ'ব লাগিব। ইয়াৰে প্ৰথম ৰূপটোক আমি V1 , দ্বিতীয় ৰূপটোক V2, আৰু তৃতীয় ৰূপটোক V3 বুলি ক'ম। পঢ়োঁতে V1 , দ্বিতীয় ৰূপটোক V2, আৰু তৃতীয় ৰূপটোক V3 বুলি ক'ম।
পঢ়োঁতে V1 ক verb one বুলি, V2ক verb two বুলি আৰু V3ক Verb three বুলি পঢ়িব বা ক'ব লাগিব।
Comments
Post a Comment
Thanks for your response.