ণত্ব বিধি আৰু ষত্ব বিধি



1. ণত্ব বিধি কাক বোলে? উদাহৰণ দিয়াঁ।

উত্তৰ - যি বিধি বা নিয়ম অনুসৰি কোনো শব্দৰ দন্ত্য 'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়, সেই বিধি বা নিয়মকে ণত্ব বিধি বোলে।

    যেনে - একেটা পদতে থকা ঋ, ৰ আৰু ষ বৰ্ণৰ পিছত থকা 'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়। (যথা - ঋণ, তৃণ, বৰষুণ আদি)

2. ণত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়াঁ।

উত্তৰ - ণত্ব বিধিৰ দুটা নিয়ম হ'ল -

    (ক) একেটা পদতে থকা ঋ, ৰ আৰু ষ বৰ্ণৰ পিছত থকা 'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়।

                যেনে - ঋণ, কৰ্ণ, কৃষ্ণ

    (খ) ট-বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে 'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়।

                যেনে - ঘণ্টা, কণ্ঠ, পিণ্ড, সণ্ঢালনি আদি।

3. ষত্ব বিধি কাক বোলে? উদাহৰণ দিয়াঁ।

উত্তৰ - যি বিধি বা নিয়ম অনুসৰি কোনো শব্দৰ দন্ত্য 'স' ৰ ঠাইত মূৰ্দ্ধন্য 'ষ' হয়, সেই বিধি বা নিয়মকে ণত্ব বিধি বোলে।

    যেনে - ট-বৰ্গৰ লগত যুক্ত হ'লে দন্ত্য 'স'ৰ ঠাইত মূৰ্দ্ধন্য 'ষ' হয়।  (যথা - কষ্ট, কাষ্ঠ)

2. ষত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়াঁ।

উত্তৰ - ষত্ব বিধিৰ দুটা নিয়ম হ'ল -

    (ক) ট-বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য 'স' ৰ ঠাইত মূৰ্দ্ধন্য 'ষ' হয়।

                যেনে - মিষ্ট, দুষ্ট, ওষ্ঠ আদি।

    (খ) 'সু' আৰু 'বি' উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত্য 'স' মূৰ্দ্ধন্য 'ষ' হয়।

                যেনে - সুষম, সুষমা, বিষম আদি।

Comments

  1. সহজে বোধগম্য

    ReplyDelete
    Replies
    1. বহুতো ভুল আছে - (i) 1 নম্বৰৰ পাছত 2 তাৰ পাছত 3 আকৌ তাৰ পাছত 2 হে আহিলে যত 4 হে আহিব লাগিছিল (ii) 2 নম্বৰত ষত্ত্ব বিধি কাক বোলে আছে কি উত্তৰটো ঠিকে আছে কিন্তু ষত্ত্ব বিধিৰ ঠাইত নত্ব বিধি হে আছে , এনে ভুল হলে ছাত্ৰ-ছাত্ৰীৰ ভুল হব পাৰে , এনেকুৱা ভুল যাতে নকৰে মোৰ request থাকিল । আৰু আপোনালোকে please মই কোৱাটো শুদ্ধ কৰি দিব please।
      -----------------ধন্যবাদ------------------

      Delete
  2. দুয়োটা ণত্ব বিধি , ষত্ব বিধি কত?????

    ReplyDelete
  3. বহুতো ভুল আছে - (i) 1 নম্বৰৰ পাছত 2 তাৰ পাছত 3 আকৌ তাৰ পাছত 2 হে আহিলে যত 4 হে আহিব লাগিছিল (ii) 2 নম্বৰত ষত্ত্ব বিধি কাক বোলে আছে কি উত্তৰটো ঠিকে আছে কিন্তু ষত্ত্ব বিধিৰ ঠাইত নত্ব বিধি হে আছে , এনে ভুল হলে ছাত্ৰ-ছাত্ৰীৰ ভুল হব পাৰে , এনেকুৱা ভুল যাতে নকৰে মোৰ request থাকিল । আৰু আপোনালোকে please মই কোৱাটো শুদ্ধ কৰি দিব please।
    -----------------ধন্যবাদ------------------

    ReplyDelete
  4. Eneke hole keneke hobo 🤷.... Vul vul disa 😒

    ReplyDelete

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

দশমিক সংখ্যাৰ পূৰণ।