অনুৰূপ শব্দ কাক বোলে?



1. অনুৰূপ শব্দ কাক বোলে? উদাহৰণ দিয়াঁ।

উত্তৰ - কোনো শব্দৰ অৰ্থ জোৰ দি বুজাবলৈ তাৰ আগত বা পিছত একে নিচিনা অথচ অৰ্থশূন্য যি শব্দ ব্যহাৰাৰ কৰা হয়, তাক অনুৰূপ শবেদ বোলে।

        যেনে - মাছ তাছ, জা-জলপান, ৰূপ-বান আদি।

2. অনুৰূপ শব্দ কেই প্ৰকাৰৰ আৰু কি কি উদাহৰণ সহ লিখাঁ।

উত্তৰ - অনুৰূপ শব্দবোৰ তিনি প্ৰকাৰ।

            (ক) অনুকাৰ অনুৰূপ শব্দ। যেনে - ভাত-চাত, টকা-চকা, কিতাপ-চিতাপ আদি।

            (খ) দ্বিৰুক্ত বা একেশেষ অনুৰূপ। যেনে - বা-বাতৰি, পা-পইচা, ডা-ডাঙৰীয়া আদি।

            (গ) যুৰীয়া বা অনিয়মিত অনুৰূপ। যেনে - তেল-কুৰ, ৰূপ-বান আদি।

3. বিভিন্ন প্ৰকাৰৰ অনুৰূপ শব্দৰ সংজ্ঞা লিখি উদাহৰণ দিয়াঁ।

উত্তৰ -অনুৰূপ শব্দবোৰ তিনি প্ৰকাৰ।

            (ক) অনুকাৰ অনুৰূপ শব্দ। 

            (খ) দ্বিৰুক্ত বা একেশেষ অনুৰূপ। 

            (গ) যুৰীয়া বা অনিয়মিত অনুৰূপ।

অনুকাৰ অনুৰূপ শব্দ - মূল শব্দৰ পিছত একে নিচিনা অথচ অৰ্থশূন্য যি শব্দ যোগ কৰা হয়, তাক অনুকাৰ অনুৰূপ শব্দ বোলে। যিবোৰ অনুকাৰ শব্দ মূল শব্দৰ পিছত থাকে, সিহঁতবোৰ সাধাৰণতে 'চ' বা 'ট'ৰে আৰম্ভ হোৱা দেখা যায়।

        যেনে -  ভাত-চাত, টকা-চকা, কিতাপ-চিতাপ, টকা-চকা, পুথি-চুথি আদি।

        যিবোৰ অনুকাৰ শব্দ মূল শব্দৰ আগত থাকে, সিহঁতবোৰ সাধাৰণতে মূল শব্দৰ আদি স্বৰটোৰে আৰম্ভ হয়।

               যেনে - ইনাই বিনাই , অকাই - পকাই, আকলি-বাকলি আদি।

দ্বিৰুক্ত বা একশেষ অনুৰূপ শব্দ - কোনো শব্দৰ অৰ্থ জোৰ দি বুজাবলৈ শব্দটোৰ আদিধ্বনিত জোৰ দি দ্বিৰুক্তি কৰিলে, তেনে শব্দক দ্বিৰুক্ত অনুৰূপ বা একশেষ অনুৰূপ শব্দ বোলে। যেনে - জা-জলপান, পা-পইচা, বা-বাতৰি, ডা-ডাঙৰীয়া আদি। আদি।

যুৰীয়া বা অনিয়মিত অনুৰূপ - যিবোৰ অনুৰূপ শব্দ গঠনৰ কোনো বিশেষ নিয়ম নাথাকে, তেনেবোৰ অনুৰূপ শব্দকে অনিয়মিত বা যুৰীয়া অনুৰূপ শব্দ বোলে। এনে অনুৰূপবোৰ সাধাৰণতে আচল শব্দতকৈ বেলেগ উচ্চাৰণযুক্ত যুৰীয়া শব্দৰে গঠিত।

            যেনে -তেল-কুৰ, ৰূপ-বান আদি।

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

"Kamala" by Vijay Tendulkar

Where The Mind is Without Fear , Class 6 , Bharati English Reader , SSVN , Assam