ইংৰাজী ব্যাকৰণৰ Subject ৰ ধাৰণা।

 

ইংৰাজী ব্যাকৰণৰ Subject ৰ ধাৰণা

      ইংৰাজী ব্যাকৰণৰ Subject শব্দৰ অসমীয়া সমাৰ্থক শব্দ হল উদ্দেশ্য। অৱশ্য ইংৰাজীত যাক Subject বুলি কোৱা হয়, অসমীয়াত তাৰ বিপৰীতে উদ্দেশ্য বা কৰ্তা এই দুটা শব্দৰ প্ৰয়োগ আছে। বাক্য এটাত যাৰ বিষয়ে কোৱা হয় সেয়ে উদ্দেশ্য। যেনে – Ram plays football. এই বাক্যটোত ৰামৰ বিষয়ে কোৱা হৈছে। গতিকে Ram ব বাক্যটোৰ Subject, অসমীয়াত উদ্দেশ্য।

    যি কোনো কাম কৰে তাক কৰ্তা বোলে। যেনে – Ram kicks the ball. এই বাক্যটোত ৰামৰ বিষয়ে কোৱা হৈছে। গতিকে, Ram বাক্যটোৰ Subject / উদ্দেশ্য। ইয়াত ৰামে বলটো চুটীয়াই দিয়াৰ কামটো কৰিছে। গতিকে ৰাম বাক্যটোৰ কৰ্তা। ইংৰাজীত ইয়াক Subject বুলিয়ে কোৱা হয়। এইবাৰ আন এটা উদাহৰণ লোৱা হওক। The flower is beautiful. এই বাক্যটোত ফুলপাহৰ বিষয়ে বিষয়ে কোৱা হৈছে। ইয়াত ফুলপাহ বাক্যটোৰ Subject / উদ্দেশ্য। ইয়াত ফুলপাহে একো কাম কৰা নাই। গতিকে অসময়ীত ইয়াক কৰ্তা বুলি কোৱা নহয়। গতিকে আমি বুজিলোঁ যে সকলো উদ্দ্যই কৰ্তা নহয়। কিন্তু সকলো কৰ্তাই উদ্দেশ্য। ইংৰাজী বাক্যত ব্যৱহৃত I, We, You, You, He, She, It, Ram, Sita, The boy, The girl, They, Ram and Sita, The boys, The girls আদিবোৰ একো একোটা Subject বা উদ্দেশ্য বা কৰ্তা।   

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী