Past Perfect Tense অসমীয়াত

প্ৰশ্ন - Past Perfect Tense ক'ত ব্যৱহাৰ কৰা হয়?

উত্তৰ - অতীতত কোনো দুটা কাম সম্পন্ন হ'লে প্ৰথম হোৱা কামটোৰ ক্ষেত্ৰত Past Perfect Tense ব্যৱহাৰ কৰা হয়। এইক্ষেত্ৰত পিছত হোৱা কামটো Simple Past Tenseত লিখাটো নিয়ম।

    যেনে -

        অভিজিৎ অহাৰ আগতেই সুৰজিৎ আহিছিল।

            Surajit had come before Abhijit came.

কিদৰে ভাবিলোঁ

   ১. ইয়াত অতীত কালত দুটা কাম সম্পন্ন হৈছিল বুলি কোৱা হৈছে। এটা অভিজি অহা আৰু আনটো সুৰজি অহা। আহিছিল শব্দটোৰ পৰা কাম দুটা আগতেই অৰ্থাত্ অতীত কালত হৈছিল বুলি বুজা যায়। যিহেতু কাম দুটাৰ এটা আনটোৰ আগতেই সম্পন্ন হৈছিল, সেয়েহে ইয়াৰে আগতে সম্পন্ন হোৱা কামটো Past Perfect Tense ত আৰু পিছত সম্পন্ন হোৱা কামটো Simple Past Tenseত হব।

   ২. ইয়াত সূৰজি আগতে আহিছিল, গতিকে ই Past Perfect Tenseৰ আৰু অভিজি অহাৰ কামটো সুৰজিতৰ পিছত হোৱা বাবে ই Simple Past Tenseৰ হব।

   ৩. যিহেতু বাক্যটোত আগতে/before” শব্দটোৰ প্ৰয়োগ হৈছে, গতিকে Past Perfect Tenseৰ বাক্যটো আগত লিখিব লাগিব। যিহেতু সুৰজি আগতে আহিছিল, গতিকে বাক্যটোৰ প্ৰথম অংশত থাকিব। অনুবাদটো হবগৈ –

      Surajit had come before Abhijit came.

এতিয়া তলৰ বাক্যবোৰ নিজে ইংৰাজীলৈ অনুবাদ কৰাঁ।

মই অহাৰ আগতেই বাছ খন  গৈছিল।

পৰীক্ষাৰ বহী জমা দিয়াৰ আগতে তাৰ লিখা হৈছিল |

মই স্কুলৰ পৰা অহাৰ আগতে দেউতাই আহিছিল।

সি অহাৰ আগতেই মই ভাত খাই উঠিছিলোঁ।

আমি অহাৰ আগতেই ৰেলখন গৈছিল।

সি স্কুল গৈ পোৱাৰ আগতেই প্ৰাৰ্থনা আৰম্ভ হৈছিল।

সি গৈ পোৱাৰ আগতেই খেলখন আৰম্ভ হৈছিল।

ভাইটি শুই উঠাৰ পিছত মই চাহ খাইছিলোঁ।

মই তাক দেখাৰ আগতেই সি মোক দেখিছিল।

আমি গান গোৱা আগতেই সিহতে গান গাছিল।

গছডাল পৰাৰ আগতে সি পলাইছিল |

মই অহাৰ আগতেই সি গৈছিল।

ডকাইতবোৰ পলাই যোৱাৰ পিছত পুলিচ আহিছিল।

চোৰটো জোৱাৰ পিছত আমি আহিছিলোঁ।

ডাক্তৰজন অহাৰ আগতেই ৰোগীজন ঢুকাইছিল।


1. মই তুমি অহাৰ আগতে আহিছিলোঁ।

Ans. I had come before you came.

2. ডাক্তৰজন অহাৰ আগতে ৰোগীজন ঢুকাল।

Ans. The patient had died before the doctor came.

3. মই ষ্টেচন্ গৈ পোৱাৰ পাছত ৰেলখন এৰিলে।

Ans. after


Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

তাপৰ ধাৰণা, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিৎ শইকীয়া)।

ণত্ব বিধি আৰু ষত্ব বিধি