ত্ৰিভুজ, গণিত, ষষ্ঠ শ্ৰেণী

 1. আটাইতকৈ কম বাহুৰ বন্ধ চিত্ৰটোৰ নাম কি?

উত্তৰ - ত্ৰিভুজ


2. ত্ৰিভুজৰ প্ৰধান অংশ কেইটা আৰু কি কি?

উত্তৰ - ত্ৰিভুজৰ প্ৰধান অংশ 6টা। সেইকেইটা হ'ল - তিনিডাল বাহু আৰু তিনিটা কোণ।


3. খালী ঠাই পূৰ কৰাঁ -

    (ক) ত্ৰিভুজৰ দুটা বাহুৰ মাজত _____ টা কোণ থাকে।

উত্তৰ - এটা

    (ক) ত্ৰিভুজৰ দুটা কোণৰ মাজত  _____ বাহু থাকে।

উত্তৰ - এডাল


4. ভূমিকোণ কি?

উত্তৰ - কোনো ত্ৰিভুজৰ ভূমিৰ লগত সংলগ্ন কোণকে ভূমিকোণ বোলে।


5. ত্ৰিভুজৰ অন্তঃক্ষেত্ৰ আৰু বহিঃক্ষেত্ৰ কি?

উত্তৰ - কোনো ত্ৰিভুজৰ পৰিসীমাৰ ভিতৰৰ ক্ষেত্ৰখনক অন্তঃক্ষেত্ৰ আৰু বাহিৰৰ ক্ষেত্ৰখনক বহিঃক্ষেত্ৰ বোলে।


6. ত্ৰিভুজৰ অন্তঃবিন্দু আৰু বহিঃবিন্দু কি?

উত্তৰ - কোনো ত্ৰিভুজৰ বন্ধ ৰেখাবোৰৰ ভিতৰৰ বিন্দুক অন্তঃবিন্দু আৰু বাহিৰৰ বিন্দুবোৰক বহিঃবিন্দু বোলে।


7. বাহু হিচাপে ত্ৰিভুজ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ - বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ। সেইকেইটা হ'ল -

    (ক) সমবাহু ত্ৰিভুজ    (খ) সমদ্বিবাহু ত্ৰিভুজ আৰু  (গ) বিষম বাহু ত্ৰিভুজ


7. কোণ হিচাপে ত্ৰিভুজ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ - কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ -

        (ক) সমকোণী ত্ৰিভুজ      (খ) সূক্ষ্মকোণী ত্ৰিভুজ     (গ) স্থূলকোণী ত্ৰিভুজ

Comments

Popular posts from this blog

"Kamala" by Vijay Tendulkar

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি