ৰৈ থকা গাড়ী এখন হঠাৎ চলালে যাত্ৰীসকল পিছফালে হাউলি যায় কিয়?

 ৰৈ থকা গাড়ী এখন হঠাৎ চলালে যাত্ৰীসকল পিছফালে হাউলি যায় কিয়?

উত্তৰ - সাধাৰণতে ৰৈ থকা গাড়ী এখনৰ লগত ইয়াৰ যাত্ৰীসকলো স্থিতিশীল অৱস্থাত থাকে৷ কিন্তু, গাড়ীখন হঠাৎ চলালে গাড়ীখনৰ আসনৰ লগতে আসনৰ লগত সংলগ্ন যাত্ৰীসকলৰ শৰীৰৰ তলৰ অংশও গতিশীল হয় যদিও শৰীৰৰ ওপৰৰ অংশই স্থিতি জড়াতাৰ বাবে পিছফালে হাউলি যায়৷

গৈ থকা গাড়া এখনৰ চালকে হঠাৎ ব্ৰেক্ প্ৰয়োগ কৰিলে যাত্ৰীসকল সন্মুখৰ ফালে হাউলি যায় কিয়?

উত্তৰ - সাধাৰণতে গৈ থকা গাড়ী এখনৰ লগত ইয়াৰ যাত্ৰীসকলো গতিশীল অৱস্থাত থাকে৷ কিন্তু, গাড়ীৰ চালকে অকস্মাতে ব্ৰেকে ক প্ৰয়োগ কৰিলে গাড়ীখনৰ আসনৰ লগতে আসনৰ লগত সংলগ্ন যাত্ৰীসকলৰ শৰীৰৰ তলৰ অংশ স্থিতিশীল হ’ব খোজে যদিও শৰীৰৰ ওপৰৰ অংশই গতি জড়তাৰ বাবে সন্মুখৰ ফালে হাউলি যায়৷

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী