গণিত, সপ্তম শ্ৰেণী,
1. কোনো বস্তুৰ পিঠি বা তল বা পৃষ্ঠ কাক বোলে?
উত্তৰ – কোনো বস্তুৰ বহিৰতম আৱৰণকে পিঠি
বা তল বা পৃষ্ঠ বোলে।
2. সমতল কাক বোলে? কেইটামান উদাহৰণ দিয়াঁ।
উত্তৰ – ওখ-চাপৰ নথকা অতি সমান আৰু মিহি
পিঠিবোৰক সমতল বোলে।
যেনে
– আয়না, কেৰমবোৰ্ড, মজিয়া, বেৰ আদি।
3. বেঁকা তল বা বক্ৰতল কাক বোলে? দুটা উদাহৰণ দিয়াঁ।
উত্তৰ – যি তল সমতল নহয়, তাক বেঁকা তল বা
বক্ৰতল বোলে।
যেনে
– কমলা টেঙাৰ পিঠি, ৰবাব টেঙাৰ পিঠি আদি
4. দাঁতি বা কাষ (edge) কাক বোলে?
উত্তৰ – দুখন পিঠি বা তল বা পৃষ্ঠৰ সংযোগস্থলত
যি ৰেখাৰ সৃষ্টি হয়, তাকে দাঁতি বা কাষ বোলে।
এটা জুইশলা বাকচত থকা মুঠ দাঁতি বা কাষৰ
সংখ্যা কিমান?
উত্তৰ – 12 টা।
3. সন্নিহিত কোণ কাক বোলে?
ওচৰা- ওচৰিকৈ লাগি থকা দুটা কোণৰ এডাল
সাধাৰণ বাহু থাকিলে, কোন দুটাক সন্নিহিত কোণ বোলে।
Shukhanta moran
ReplyDeleteসিমানেই পালে নি?
ReplyDelete