সৰল জ্যামিতিক চিত্ৰৰ ধাৰণা, গণিত, ষষ্ঠ শ্ৰেণী
1. বৃত্ত কাক বোলে?
উত্তৰ - কোনো সমতলত কোনো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান সমান দূৰত থকা বিন্দুবোৰৰ দ্বাৰা গঠিত বন্ধ ৰেখাডালকে বৃত্ত বোলে।
2. বৃত্তৰ কেন্দ্ৰ কাক বোলে?
উত্তৰ - বৃত্ত এটাৰ বিভিন্ন বিন্দুবোৰ যিটো বিন্দুৰ পৰা সমান সমান আঁতৰত থাকে, তাকে বৃত্তটোৰ কেন্দ্ৰ বোলে।
3. বৃত্তৰ ব্যাসাৰ্দ্ধ কাক বোল?
উত্তৰ - বৃত্তৰ কেন্দ্ৰ (c) ৰ পৰা ইয়াৰ বৃত্তৰেখাৰ ওপৰত থকা যিকোনো বিন্দুলৈ টনা ৰেখাখণ্ডবোৰকে বৃত্তেটাৰ ব্যাসাৰ্দ্ধ বোলে।
4. খালী ঠাই পূৰ কৰাঁ।
(a) এডাল ব্যাসত _____ ব্যাসাৰ্দ্ধ থাকে।
উত্তৰ - দুডাল
(b) ব্যাসাৰ্দ্ধ ব্যাসৰ _______ ।
উত্তৰ - আধা।
(c) ব্যাস বৃত্তৰ _____ মাজেৰে যায়।
উত্তৰ - কেন্দ্ৰৰ
(d) বৃত্তৰ কেন্দ্ৰৰ মাজেৰে নোযোৱা জ্যাবোৰ ব্যাসতকৈ ______>
উত্তৰ - সৰু
(e) ______ বিন্দুৰ মাজেৰে সদায় মাথোন এটা বৃত্তহে আঁকিব পাৰি।
উত্তৰ - তিনিটা
(f) ______ বিন্দুৰ মাজেৰে সদায়েই অসংখ্য বৃত্ত আঁকিব পাৰি।
উত্তৰ - এটা
(g) যিকোনো চাৰিটা বিন্দুৰ মাজেৰে সদায়েই এটা বৃত্ত আঁকিব _______।
উত্তৰ - নোৱাৰি
(h) বৃত্তৰ _______ ৰ পৰা পৰিধিৰ প্ৰতি বিন্দুলৈ দূৰত্ব সমান।
উত্তৰ - কেন্দ্ৰ
(i) বৃত্তৰ যিকোনো দুডাল ব্যাসে ______ ত কটাকটি কৰে।
উত্তৰ - কেন্দ্ৰ
(j) এডাল জ্যা আৰু তাৰ ওপৰত থকা বৃত্তৰ মাজৰ অংশটোক _______ বোলে।
উত্তৰ - বৃত্তাংশ
5. উত্তৰ দিয়াঁ।
(a) এটা বৃত্তৰ কিমানডাল ব্যাস থাকে?
উত্তৰ - অসংখ্য
(b) এটা বৃত্তৰ ব্যাসাৰ্ধ 7চেঃমিঃ। ইয়াৰ ব্যাস কিমান?
উত্তৰ - 14 চেঃমিঃ
(c) আটাইতকৈ দীঘল জ্যা কোনডাল?
উত্তৰ - ব্যাস
(d) দুটা বৃত্তই খুব বেছি কেইটা বিন্দুত কাটিব পাৰে?
উত্তৰ - দুটা
(e) কোনো জ্যাই বৃত্ত এটাক সমানে দুভাগ কৰিব পাৰেনে?
উত্তৰ - পাৰে
🤐🤐🤐🤐
ReplyDelete