"Auxilaries" বা "Helping Verb" বা "Special Verbs"

 "Auxilaries" বা "Helping Verb" বা "Special Verbs"

প্ৰধান Auxilaries বা Helping Verbs বা Special Verb বোৰ হ'ল - 

1. Am, is, are, was, were

2. Do, does, did, have, has, had

3. Shall, should, will, would, can, could

4. may, might, must

5. Need, dare, used to, ought to

Simple Present tenseৰ বাক্যবোৰক Interrogative বা negative কৰিবৰ বাবে do verb ৰ সহায় লোৱা হয়।

    যেনে –

You know English. তুমি ইংৰাজী জানা। (Assertive or Declarative sentence)

Do you know English? তুমি ইংৰাজী জানানে?  (Interrogative Sentence)

You don’t know English. তুমি ইংৰাজী নাজানা। (Negative Sentence)

Notes –

An assertive or Declarative sentence is a sentence that makes a statement or assertion.

An interrogative sentence is a sentence that asks a question.

A negative sentence is a sentence that states that something is false.

Simple Present tenseৰ কোনো বাক্যৰ subjectটো 3rd person/singular numberৰ হলে Interrogative বা negative কৰিবৰ বাবে does ব্যৱহাৰ কৰা হয়, আৰু main verbটোৰ পৰা s বা es অংশ গুচাই কেৱল V1 অংশ ৰখা হয়।

    যেনে –

(Assertive or Declarative sentence)

He knows English. তেওঁ ইংৰাজী জানে।

(Interrogative Sentence)

Does he know English? তেওঁ ইংৰাজী জানে নে?

(Negative Sentence)

He doesn’t know English. তেওঁ ইংৰাজী নাজানে।

 

Simple Past tenseৰ বাক্যবোৰক Interrogative বা negative কৰিবৰ বাবে did verb ৰ সহায় লোৱা হয়।

    যেনে –

(Assertive or Declarative sentence)

You knew English. তুমি ইংৰাজী জানিছিলা।

(Interrogative Sentence)

Did you know English? তুমি ইংৰাজী জানিছিলা নে?

(Negative Sentence)

You didn’t know English. তুমি ইংৰাজী জনা নাছিলা?

Simple Future tenseৰ বাক্যবোৰত shall/will থকা বাবে Interrogative কৰিবৰ সময়ত shall verbটো বাক্যৰ আৰম্ভণিলৈ অনা হয়, আৰু Negative কৰিবৰ বাবে shall ৰ ঠাইত shall not বা shan’t (shall + not) আৰু will ৰ ঠাইত won’t (will+not) ব্যৱহাৰ কৰা হয়।

    যেনে –

(Assertive or Declarative sentence)

We shall play football. আমি ফুটবল খেলিম।

You will speak English. তুমি ইংৰাজী কবা।

(Interrogative Sentence)

Shall we play football? আমি ফুটবল খেলিম নে?

Will you speak English? তুমি ইংৰাজী কবা নে?

(Negative Sentence)

We shan’t play football. আমি ফুটবল নেখেলোঁ।

You won’t speak English. তুমি ইংৰাজী নোকোৱা।

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

"Kamala" by Vijay Tendulkar

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি