Assamese to English Translation (Part - 14)
Assamese to English Translation
Simple Future Tense
1. Simple Future tense কেনেকুৱা অৰ্থত ব্যৱহাৰ কৰা হয়?
উত্তৰ - ভৱিষ্যতে কোনো কাম হ'ব বুলি সাধাৰণভাৱে বুজাবলৈ Simple Future tense ব্যৱহাৰ কৰা হয়।
2. Simple Future tense ৰ সংজ্ঞাত সাধাৰণভাৱে বুজাবলৈ বুলি কিয় কোৱা হ'ল? ইয়াত "সাধাৰণভাৱে" শব্দটোৰ দ্বাৰা কি বুজোৱা হৈছে?
উত্তৰ - কেতিয়াবা আমি কোনো কাম ভৱিষ্যতে চলি থাকিব (যেনে - মই গৈ থাকিম), কোনো বিশেষ সময়ৰ আগতেই হ'ব (যেনে - মই চাৰি বজাৰ আগতে কামটো শেষ কৰিম), কোনো এছোৱা সময় ধৰি চলি থাকিব, (যেনে - মই দুঘন্টা ধৰি পঢ়ি থাকিম) আদি বুলি বিশেষভাৱে ক'ব লগা হ'ব পাৰে। এইবোৰো ভৱিষ্যতে হ'ব লগীয়া কাম। কিন্তু এইবোৰ Simple Future tenseৰ নহয়।
কোনো বিশেষ উল্লেখ নথকাকৈ কেৱল কোনো কাম ভৱিষ্যতে হ'ব বুলি (যেনে - মই যাম, খাম, পঢ়িম, লিখিম আদি) বুলি সাধাৰণভাৱে বুজালে তেনে বাক্যবোৰ Simple Future Tenseত লিখিব লাগিব।
এনে বাক্যৰ pattern হ'ল -
S + shall/will + V1 + O
যেনে -
1. মই গুৱাহাটীলৈ যাম।
Ans. I shall go to Guwahati.
2. আমি ভাত খাম।
Ans. We shall eat rice.
3. তই ফুটবল খেলিবি।
Ans. You will play football.
4. তুমি তেজপুৰলৈ আহিবা।
Ans. You will come to Tezpur.
5. আপুনি চকীখনত বহিব।
Ans. You will sit on the chair.
6. তহঁতে গছ ৰুবি।
Ans. You will plant trees.
7. তোমালোকে চাইকেল চলাবা।
Ans. You will ride bicycles.
8. আপোনালোকে কবিতা আবৃত্তি কৰিব।
Ans. You will recite poems.
9. সি দৌৰিব।
Ans. He will run.
10. তাই গান গাব।
Ans. She will sing songs.
11. এইটোৱে নাচিব।
Ans. It will dance.
12. ৰামে জপিয়াব।
Ans. Ram will jump.
13. সীতাই চিঞৰিব।
Ans. Sita will shout.
14. ল'ৰাটোৱে লিখিব।
Ans. The boy will play.
15. ছোৱালীজনীয়ে গাড়ীখন চলাব।
Ans. The girl will drive the car.
16. সিহঁতে ডাঙৰকৈ হাঁহিব।
Ans. They will lough loudly.
17. ৰাম আৰু সীতাই আনিব।
Ans. Ram and Sita will bring.
18. ল'ৰাবোৰে কিনিব।
Ans. The boys will buy.
19. ছোৱালীবোৰে ছবি আঁকিব।
Ans. The girls will draw pictures.
20. আমি এতিয়া এই বাক্যবোৰ ইংৰাজীলৈ আনুবাদ কৰিম।
Ans. We shall translate these sentences now.
21. আমি পুলি ৰুম।
Ans. We will plant seedlings.
22. আমি ডাক্তৰৰ তালৈ যাম।
Ans. We shall go to the doctor.
23. আমি ঘৰটো ভাঙিম।
Ans. We shall break the house.
Thnq sir
ReplyDeleteIt is truly a well-researched content and excellent wording. about translation services near me. I got so engaged in this material that I couldn’t wait to read. I am impressed with your work and skill. Thanks.
ReplyDelete