পোহৰ - প্ৰতিফলন আৰু প্ৰতিসৰণ, (খণ্ড-1), বিজ্ঞান, দশম শ্ৰেণী।

1.  পোহৰৰ প্ৰতিফলন কাক বোলে?

উত্তৰ - কোনো মাধ্যমৰ মাজেৰে অহা পোহৰ কোনো পৃষ্ঠত ঠেকা খাই পুনৰ আগৰ মাধ্যমলৈ ঘূৰি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে৷

2.  কোনো বস্তু আমি কিদৰে দেখা পাওঁ?

উঃ কোনো বস্তুৰ পৰা অহা পোহৰ বা কোনো বস্তুৰ পৃষ্ঠত আপতিত হোৱা পোহৰ প্ৰতিফলিত হৈ আহি আমাৰ চকুত সোমালে, আমি বস্তুটো দেখা পাওঁ৷

3.  স্বচ্চ মাধ্যম এটাৰ মাজেদি চাই পঠিয়ালে আমি বস্তুবোৰ দেখা পাওঁ কিয়?

উঃ কোনো বস্তুৰ পৰা অহা পোহৰ বা কোনো বস্তুৰ পৃষ্ঠত আপতিত হোৱা পোহৰ প্ৰতিফলিত হৈ আহি আমাৰ চকুত সোমালে, আমি বস্তুটো দেখা পাওঁ৷ কোনো বস্তুৰ পৰা এইদৰে অহা পোহৰ স্বচ্চ মাধ্যমৰ মাজেৰে পাৰ হৈ আমাৰ চকুত সোমাবহি পাৰে, সেয়েহে আমি স্বচ্চ মাধ্যম এটাৰ মাজেদি চাই পঠিয়ালে বস্তুবোৰ দেখা পাওঁ৷

4.  সাধাৰণতে পোহৰৰ গতি .................. প্ৰকৃতিৰ৷

উঃ সৰলৰৈখিক৷

5.  পোহৰৰ গতি সৰলৰৈখিক বুলি সাব্যস্ত কৰিব পৰা এটা পৰিঘটনা উল্লেখ কৰাঁ৷

উঃ পোহৰৰ সৰু উৎসই অস্বচ্ছ বস্তুৰ স্পষ্ট ছাঁ উৎপন্ন কৰে৷ এই ঘটনাটোৱেই সাব্যস্ত কৰে যে পোহৰৰ গতি সৰলৰৈখিক৷

6.  পোহৰৰ সৰলৰৈখিক পথক সাধাৰণতে ________ ৰে নিৰ্দেশ কৰা হয়৷

উঃ পোহৰ ৰশ্মি

7.  পোহৰৰ অপবৰ্তন কাক বোলে?

বা পোহৰৰ অপবৰ্তন কি?   TP.16

উঃ পোহৰৰ গতি পথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটা থ’লে পোহৰে পোনে পোনে যোৱাৰ সলনি কাষেদি বেঁকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱায়৷ ইয়াকে পোহৰৰ অপবৰ্তন বোলে৷

8.  পোহৰৰ তৰংগ ধৰ্ম সাব্যস্ত কৰা এটা পৰিঘটনাৰ নাম লিখাঁ৷

উঃ অপবৰ্তন

9.  পোহৰৰ আধুনিক কোৱান্টাম তত্ত্বটো কি?

উঃ পোহৰৰ আধুনিক কোৱান্টাম তত্ত্ব মতে পোহৰ ‘তৰংগ’ও নহয় আৰু ‘পদাৰ্থ কণা’ও নহয়৷

10. পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা লিখাঁ৷  TP.14,15,16,17,18,19

উত্তৰ - পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা হ’ল -

   (i) আপতন কোণ প্ৰতিফলন কোণৰ সমান৷ আৰু

   (ii) আপতিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব, আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে৷

11. সমতল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ ধৰ্মসমূহ লিখাঁ৷

উত্তৰ - সমতল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ ধৰ্মসমূহ হ’ল -

                (i) এনে প্ৰতিবিম্ব সদায় অসৎ আৰু থিয়৷

                (ii) এনে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান৷

                (iii) দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ

দূৰত্ব সমান৷ আৰু

                (iv) প্ৰতিবিম্বসমূহ পাশ্বীৰ্য়ভাৱে ওলোটা হয়৷

13. ৰশ্মি চিত্ৰৰ সহায়ত পোহৰৰ প্ৰতিফলনৰ সূত্ৰসমূহ লিখাঁ৷ TP.18

উঃ 
















12. সমতল দাপোণে +1 বিবৰ্ধন দিয়ে৷ ইয়াৰ অৰ্থ কি?   TP.16,17,18

বা এখন সমতল দাপোণৰ বিবৰ্ধন ূৰ৷ এই উক্তিটোৰ অৰ্থ কি?  TP.14,18

উঃ সমতল দাপোণে +1 বিবৰ্ধন দিয়ে৷ ইয়াৰ অৰ্থ হ’ল যে সমতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সমান হোৱাৰ লগতে প্ৰতিবিম্বৰ আকাৰ, উচ্চতা আদি লক্ষ্যবস্তুৰ আকাৰ, উচ্চতা আদিৰ লগত সমান হয়৷

জানি থ'বা - বিবৰ্ধন শব্দটোৱে প্ৰতিবিম্ব এটা লক্ষ্যবস্তুতকৈ কিমান গুণ বিবৰ্ধিত হৈছে তাক বুজায়। ইয়াক ইংৰাজীত Magnification বুলি কোৱা হয় আৰু সংক্ষিপ্তকৈ m আখৰেৰে বুজোৱা হয়।

ইংৰাজী u আখৰেৰে লক্ষ্যবস্তুৰ দূৰত্ব বুজোৱা হয়। ই হ'ল দাপোণ এখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব।

ইংৰাজী v আখৰেৰে প্ৰতিবিম্বৰ দূৰত্ব বুজোৱা হয়। ই হ'ল দাপোণ এখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব।

13. সমতল দাপোণে গঠন কৰা প্ৰতিবিম্ব - TP.18

(a) বাস্তৱ, থিয় আৰু আকাৰত লক্ষ্যবস্তুৰ সমান৷

(b) বাস্তৱ, ওলোটা আৰু আকাৰত লক্ষ্যবস্তুৰ সমান৷

(c) অবাস্তৱ, থিয় আৰু আকাৰত লক্ষ্যবস্তুৰ সমান৷

(d) অবাস্তৱ, ওলোটা আৰু আকাৰত লক্ষ্যবস্তুৰ সমান৷

উঃ (c) অবাস্তৱ, থিয় আৰু আকাৰত লক্ষ্যবস্তুৰ সমান৷

13. আটাইতকৈ বহুলভাৱে ব্যৱহাৰ কৰা বক্ৰ দাপোণ হৈছে _______ দাপোণ৷ 

উঃ গোলকীয়

14. গোলকীয় দাপোণ বুলিলে কি বুজা? ই কেই প্ৰকাৰৰ আৰু কি কি? 

উঃ যি বক্ৰ দাপোণৰ প্ৰতিফলক পৃষ্ঠখন এটা গোলকৰ অংশ বিশেষ, তেনে দাপোণকে গোলকীয় দাপোণ বোলে৷ 

  ই দুই প্ৰকাৰৰ -

                (i) অৱতল দাপোণ৷ আৰু 

                (ii) উত্তল দাপোণ৷

15. অৱতল দাপোণ আৰু উত্তল দাপোণৰ চিত্ৰ সহ সংজ্ঞা লিখাঁ৷ 

উঃ 


    যিবিলাক গোলকীয় দাপোণৰ প্ৰতিফলক পৃষ্ঠ ভিতৰলৈ বক্ৰ অৰ্থাৎ গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা, সেইবিলাক দাপোণক অৱতল দাপোণ বোলে৷

    যিবিলাক গোলকীয় দাপোণৰ প্ৰতিফলক পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ তেনেবোৰ দাপোণক উত্তল দাপোণ বোলে৷ 

মন দিবা - উত্তল শব্দৰ অৰ্থ হ’ল উঠঙা বা ওফন্দি থকা৷ আমি আমাৰ নিজৰ কপালখনকে উত্তল বুলি ক’ব পাৰোঁ৷ গতিকে উত্তল দাপোণ বুলি ক’লে গোলাকাৰ দাপোণৰ উঠঙা পিঠিৰ ফালেদি মুখ চাব পৰা দাপোণ বুলি বুজিব লাগিব৷ সেইদৰে গোলাকাৰ দাপোণৰ ভিতৰৰ ফালে সোঁমাই থকা পিঠিৰে মুখ চাব পৰা দাপোণখন হ’ব অৱতল দাপোণ৷ 

16. আমি ব্যৱহাৰ কৰা চামুচৰ ভিতৰৰ দিশে বক্ৰ পৃষ্ঠখন _______  দাপোণৰ সদৃশ, আৰু বাহিৰৰ দিশে বক্ৰ পৃষ্ঠখন _______ দাপোণৰ সদৃশ৷

উঃ অৱতল; উত্তল৷ 

17. গোলাকাৰ দাপোণৰ মেৰু (Pole) কাক বোলে? ইয়াক কি আখৰেৰে বুজোৱা হয়? 

উঃ গোলাকাৰ দাপোণৰ প্ৰতিফলক পৃষ্ঠৰ কেন্দ্ৰবিন্দুক মেৰু (Pole) বোলে৷ ইয়াক ইংৰাজী ত্ন আখৰেৰে বুজোৱা হয়৷ 

18. গোলাকাৰ দাপোণৰ ভাঁজকেন্দ্ৰ কাক বোলে? ইয়াক কি আখৰেৰে সূচোৱা হয়? 

উঃ গোলাকাৰ দাপোণ এখন যি গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰক দাপোণখনৰ ভাঁজকেন্দ্ৰ বোলে৷ 

ইয়াক ইংৰাজীৰ C আখৰেৰে সূচোৱা হয়৷ 

19. গোলাকাৰ দাপোণৰ ভাঁজব্যাসাৰ্ধ কাক বোলে? ইয়াক কি আখৰেৰে সূচোৱা হয়? 

উঃ গোলাকাৰ দাপোণখন যিটো গোলকৰ অংশ সেই গোলকৰ ব্যাসাৰ্ধকদাপোণখনৰ ভাঁজব্যাসাৰ্ধ বোলে৷ 

 ইয়াক ইংৰাজীৰ r আখৰেৰে সূচোৱা হয়৷ 

20. গোলাকাৰ দাপোণৰ মুখ্য অক্ষ বুলিলে কি বুজা? চিত্ৰ আঁকি দেখওৱা৷  

উঃ গোলাকাৰ দাপোণৰ মেৰু (P) আৰু ভাঁজকেন্দ্ৰ (C) ৰ মাজেৰে কল্পনা কৰা সৰলৰেখাডালক মুখ্য অক্ষ বোলে৷ 

21. অৱতল দাপোণ এখনত আপতিত সূৰ্যৰ পোহৰ প্ৰতিফলনৰ পিছত অভিসাৰী হোৱা বিন্দুত এখন কাগজ ৰাখিলে কাগজডোখৰ ধোঁৱা উৎপন্ন কৰি জ্বলি উঠে কিয়? 

উঃ অৱতল দাপোণ এখনত আপতিত সূৰ্যৰ পোহৰ প্ৰতিফলনৰ পিছত অভিসাৰী হোৱা বিন্দুত কাগজ এখন ৰাখিলে কাগজডোখৰ ধোঁৱা উৎপন্ন কৰি জ্বলি উঠে৷ কিয়নো, পোহৰ এক প্ৰকাৰৰ শক্তি আৰু দাপোণখনে পোহৰ ৰশ্মিক এটা বিন্দুলৈ অভিসাৰী কৰাৰ ফলত সেই বিন্দুত মুুঠ তাপশক্তি বাঢ়ি গৈ কাগজখন প্ৰজ্বলিত কৰে৷ 

***************

টোকা -

১. অৱতল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ফ'কাছ বিন্দুৰ মাজেৰে  যায়।

২. অৱতল দাপোণৰ ফ'কাছ বিন্দুৰ মাজেৰে আপতিত পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হয়।

৩. অৱতল দাপোণৰ ভাঁজকেন্দ্ৰৰ মাজেৰে আপতিত পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত যোৱা বাটেৰে ঘুৰি যায় ।

৪. অৱতল দাপোণৰ মেৰু অভিমুখী পোহৰ ৰশ্মিয়ে মুখ্য অক্ষৰ লগত যিমান ডিগ্ৰী কোণ কৰি আপতিত হয়, প্ৰতিফলনৰ পিছত প্ৰতিফলিত ৰশ্মিডালেও মুখ্য অক্ষৰ লগত সিমান ডিগ্ৰী কোণ কৰিয়েই প্ৰতিফলিত হয়।

***************

22. অৱতল দাপোণৰ মুখ্য ফ’কাছ বুলিলে কি বুজা? ইয়াক চিত্ৰৰ সহায়ত দেখুওৱা৷ মুখ্য ফ’কাছক কি আখৰেৰে সূচোৱা হয়? 

উঃ অৱতল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত দাপোণৰ সন্মুখত মুখ্য অক্ষৰ ওপৰত অৱস্থিত যিটো বিন্দুলৈ অভিসাৰী হয়, সেই বিন্দুটোকে অৱতল দাপোণৰ মুখ্য ফ’কাছ বোলে৷   

ওপৰৰ চিত্ৰত অৱতল দাপোনখনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ কেইবাডালো ৰশ্মি আপতিত হৈছে আৰু সকলোবোৰেই প্ৰতিফলনৰ পিছত দাপোণখনৰ সন্মুখত মুখ্য অক্ষৰ এটা বিশেষ বিন্দুলৈ অভিসাৰী হৈছে তথা পৰস্পৰে কটাকটি কৰিছে৷ এই বিশেষ বিন্দুটোৱেই অৱতল দাপোণখনৰ মুখ্য ফ’কাছ৷ 

মুখ্য ফ’কাছক ইংৰাজীৰ F আখৰেৰে সূচোৱা হয়৷ 

23. উত্তল দাপোণৰ মুখ্য ফ’কাছ বুলিলে কি বুজা? ইয়াক কি আখৰেৰে সূচোৱা হয়? 

উঃ উত্তল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত দাপোণৰ পিছফালে থকা মুখ্য অক্ষত অৱস্থিত যিটো বিন্দুৰ পৰা আপাতভাৱে অপসাৰী হৈ ওলাই অহা যেন লাগে, সেই বিন্দুটোকে উত্তল দাপোণৰ মুখ্য ফ’কাছ বোলে৷        

ওপৰৰ চিত্ৰত উত্তল দাপোনখনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ কেইবাডালো ৰশ্মি আপতিত হৈছে আৰু সকলোবোৰেই প্ৰতিফলনৰ পিছত দাপোণখনৰ পিছফালে মুখ্য অক্ষৰ এটা বিশেষ বিন্দুৰ পৰা আপাত ভাৱে অপসাৰী হৈ ওলাই অহা যেন লাগিছে৷ এই বিশেষ বিন্দুটোৱেই উত্তল দাপোণখনৰ মুখ্য ফ’কাছ৷ 

ইয়াক ইংৰাজীৰ F আখৰেৰে সূচোৱা হয়৷ 

24. গোলাকাৰ দাপোণৰ ফ’কাছ দৈৰ্ঘ্য্য বুলিলে কি বুজা? ইয়াক কি আখৰেৰে সূচোৱা হয়? 

উঃ গোলাকাৰ দাপোণৰ মেৰু আৰু মুখ্য ফ’কাছৰ মাজৰ দূৰত্বক গোলাকাৰ দাপোণৰ ফ’কাছ দৈৰ্ঘ্য্য বোলে৷ 

ইয়াক ইংৰাজীৰ f আখৰেৰে সূচোৱা হয়৷

25. গোলাকাৰ দাপোণৰ মুখ্য ফ’কাছ বুলিলে কি বুজা? ইয়াক কি আখৰেৰে বুজোৱা হয়? 

উঃ গোলাকাৰ দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত দাপোণৰ সন্মুখত মুখ্য অক্ষত অৱস্থিত যিটো বিন্দুলৈ অভিসাৰী হয় (অৱতল দাপোণৰ ক্ষেত্ৰত) বা দাপোণৰ পিছফালে থকা মুখ্য অক্ষত অৱস্থিত যিটো বিন্দুৰ পৰা আপাতভাৱে অপসাৰী হৈ ওলাই অহা যেন লাগে (উত্তল দাপোণৰ ক্ষেত্ৰত), সেই বিন্দুটোকে গোলাকাৰ দাপোণৰ মুখ্য ফ’কাছ বুলি কোৱা হয়৷ 

ইয়াক ইংৰাজীৰ F আখৰেৰে সূচোৱা হয়৷ 

25. সৰু গবাক্ষৰ গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসাৰ্দ্ধ আৰু ফ’কাছ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো লিখাঁ৷ T.P. 18

উঃ সৰু গবাক্ষৰ গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসাৰ্দ্ধ, ইয়াৰ ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ৷ অথাৰ্ৎ৷    r = 2f

গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসাৰ্দ্ধ আৰু ফ’কাছ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো হ’ল - r = 2f

26. 

























59. এটা সৎ, ওলোটা আৰু লক্ষ্যবস্তুৰ সমান আকাৰত প্ৰতিবিম্ব গঠন হয় -   TP.18

  (a) অৱতল দাপোণত (b) উত্তল দাপোণত

(c) সমতল দাপোণত (d) ওপৰৰ এটাও নহয়

উঃ (a) অৱতল দাপোণত

60. অৱতল দাপোণত গঠিত লক্ষ্যবস্তুৰ সমান, সৎ আৰু ওলোটা প্ৰতিবিম্বৰ ৰশ্মিচিত্ৰ অংকন কৰি দেখুওৱাঁ৷   TP.18

উঃ অৱতল দাপোণৰ লক্ষ্যবস্তু ভাঁজকেন্দ্ৰত থাকিলে লক্ষ্যবস্তুৰ সমান, সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন হয়৷











61. প্ৰতিবিম্বৰ অৱস্থান আৰু আকৃতি প্ৰকৃতি দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰাঁ যেতিয়া উত্তল দাপোণৰ লক্ষ্যবস্তু -

  (i) অসীমত থাকে৷ আৰু (ii) অসীম আৰু মেৰুৰ মাজত৷

উঃ (i)

        ওপৰৰ চিত্ৰত দেখুৱাৰ দৰে উত্তল দাপোণৰ ক্ষেত্ৰত লক্ষ্যবস্তু অসীমত থাকিলে প্ৰতিবিম্ব দাপোণৰ পিছফালে ফ’কাছত গঠিত হয়৷ ই অসৎ, থিয় আৰু আকাৰত লক্ষ্যবস্তুতকৈ অতিশয় সংকুচিত (বিন্দু আকাৰৰ) হয়৷

        ওপৰৰ চিত্ৰত দেখুৱাৰ দৰে উত্তল দাপোণৰ ক্ষেত্ৰত লক্ষ্যবস্তু অসীম আৰু মেৰুৰ মাজত থাকিলে প্ৰতিবিম্ব দাপোণৰ পিছফালে মেৰু আৰু ফ’কাছৰ মাজত গঠিত হয়৷ ই  অসৎ, থিয় আৰু আকাৰত লক্ষ্যবস্তুতকৈ সংকুচিত,হয়৷
62. পোহৰৰ প্ৰতিসৰণ কাক বোলে? পোহৰৰ প্ৰতিসৰণৰ কাৰণ কি?
উঃ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিতলত পোহৰ ৰশ্মিৰ দিশৰ পৰিৱৰ্তনকে পোহৰৰ প্ৰতিসৰণ বোলে৷
কোনো পোহৰ ৰশ্মি এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্চ মাধ্যমলৈ যাওঁতে হোৱা পোহৰৰ দ্ৰুতি (speed) ৰ পৰিৱৰ্তনেই পোহৰৰ প্ৰতিসৰণৰ কাৰণ৷
টোকা : উত্তল লেনছত লক্ষ্যবস্তুৰ তলৰ চাৰিটা অৱস্থানৰ বাবে আমি প্ৰতিবিম্ব গঠনৰ ৰশ্মিচিত্ৰ অংকন কৰিব লাগিব।
1. অসীমত
2. F1 আৰু 2F1ৰ মাজত
3. F1 ত
4. 2F1ত
5. 2F1 ৰ বাহিৰত
6. F1 আৰু O ৰ মাজত

(বানানৰ কিবা ভুল চকুত পৰিলে মন্তব্য কৰি জনাবাঁ। ধন্যবাদ।)

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

"Kamala" by Vijay Tendulkar

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি