Concept of "Person" in Grammar


     ব্যাকৰণত পুৰুষ হ'ল কোনো ঘটনা (event) ৰ লগত জড়িত কোনো ব্যক্তিৰ বিষয়ে উল্লেখ কৰাৰ উপায়। উদাহৰণস্বৰূপে কোনো কথা কোনে কৈ আছে, কাক কৈ আছে, কাৰ বিষয়ে কৈ আছে - এই তিনিওটাই তিনিটা পুৰুষ (person) ক বুজায়। ইংৰাজী ব্যাকৰণত এই পুৰুষ তিনি প্ৰকাৰৰ।

        i.   1st person তথা প্ৰথম পুৰুষ।

        ii.  2nd person তথা দ্বিতীয় পুৰুষ। আৰু

        iii. 3rd person তথা তৃতীয় পুৰুষ।

    যি কয়, তেওঁ 1st person তথা প্ৰথম পুৰুষ, যাক কয়, তেওঁ 2nd person তথা দ্বিতীয় পুৰুষ, যাৰ বিষয়ে কয়, তেওঁ 3rd person তথা তৃতীয় পুৰুষ। 

    ব্যাকৰণত পুৰুষৰ ধাৰণাটো বিশেষকৈ সৰ্বনাম (pronoun) পদৰ লগত জড়িত। এটা উদাহৰণ দিলে কথাটো স্পষ্ট হ'ব। ধৰা হওক মদন নামৰ ল'ৰাজনে বদন নামৰ ল'ৰাজনক বিনন্দ নামৰ ল'ৰাজনৰ বিষয়ে কিবা কৈ আছে। যিহেতু, ইয়াত মদনে কথাখিনি কৈ আছে, গতিকে মদন প্ৰথম পুৰুষৰ হ'ব লাগিছিল। পিছে কথাটো তেনে নহয়। মদনে কথাখিনি কৈ থাকোঁতে নিজকে "মই" বুলিহে উল্লেখ কৰিছে। "I/মই" পদটো সৰ্বনাম পদ। ই প্ৰথম পুৰুষ (1st person) ৰ।

    মদনে কথাখিনি বদনক কৈ আছে। সেইবুলি "বদন" দ্বিতীয় পুৰুষৰ নহয়। মদনে তেওঁৰ কথাখিনি কৈ থাকোঁতে বদনক "You/তুমি" বুলি সম্বোধন কৰিছে, তথা উল্লেখ কৰিছে। এই "You/তুমি" দ্বিতীয় পুৰুষৰ।     মদনে বদনক বিনন্দৰ কথা কৈ আছে, আৰু বিনন্দৰ বিষয়ে কওঁতে "সি" বা "তেওঁ" বুলি উল্লেখ কৰিছে। এই "সি" বা "তেওঁ" সৰ্বনামটো তৃতীয় পুৰুষৰ সৰ্বনাম।

    অৱশ্যে এই কথা উল্লেখনীয় যে বিনন্দ নামটোক তৃতীয় পুৰুষৰ বুলিয়ে ধৰা হয়। সেইদৰে মদনে কথাখিনি কৈ আছে যদিও "মদন" নামৰ শব্দটোও তৃতীয় পুৰুষৰ। তদ্ৰূপ "বদন" পদটোও তৃতীয় পুৰুষৰেই হ'ব।  

    চমুকৈ এই পৃথিৱীৰ সমস্ত বস্তু, নামবাচক পদ, জীৱজন্তুৰ নাম আদিবোৰ তৃতীয় পুৰুষৰেই। আমি কোনো ব্যক্তি (ধৰা হওক মদন) ৰ নাম  লোৱা মানে নিজে (প্ৰথম পুৰুষৰ "মই") সন্মুখৰ শ্ৰোতাজন (দ্বিতীয় পুৰুষৰ "তুমি") ক নামলোৱা ব্যক্তিজনৰ (ইয়াত মদনৰ) বিষয়ে কোৱা বুলি ধৰিব লগীয়া। আমি পিছত বাৰে বাৰে "মদন" নামটো উল্লেখ নকৰি  "সি" বা "তেওঁ"  বা "তেখেত" বুলি উল্লেখ কৰিম। ইয়াত -


  

Comments

Popular posts from this blog

"Kamala" by Vijay Tendulkar

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি