উদ্ভিদৰ বিভিন্ন অংশ আৰু কাৰ্য, বিজ্ঞান, পঞ্চম শ্ৰেণী, শংকৰদেৱ শিঃ বিঃ নিঃ।

 

পাঠ - 4

উদ্ভিদৰ বিভিন্ন অংশ আৰু কাৰ্য


পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 37

1. জীৱজগত কাক বোলে?

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীসমূহক একেলগে জীৱজগত বোলে।

2. উদ্ভিদ আৰু প্ৰাণীৰ কেইটামান সাদৃশ্য লিখাঁ।

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ কেইটামান সাদৃশ্য তলত দিয়া ধৰণৰ –

   (ক) জীয়াই থাকিবলৈ উদ্ভিদ আৰু প্ৰাণী উভয়কে বায়ু, পানী আৰু আহাৰৰ প্ৰয়োজন।

   (খ) উদ্ভিদ আৰু প্ৰাণী উভয়ৰে বৃদ্ধি হয়।

   (গ) উদ্ভিদ আৰু প্ৰাণী উভয়েই বংশবৃদ্ধি কৰে।

   (ঘ) উিদ্ভিদ আৰু প্ৰাণী উভয়ৰেই এটা সময়ত মৃত্যু হয়।

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 38

। শিপা কাক বোলে?

উত্তৰঃ উদ্ভিদৰ মাটিৰ তলত সোমাই থকা অংশকে শিপা বোলে।

 

। উদ্ভিদৰ শিপাৰ প্ৰধান কামবোৰ কি কি?

উত্তৰঃ উদ্ভিদৰ শিপাৰ প্ৰধান কামবোৰ হল –

   (ক) উদ্ভিদৰ বৃদ্ধিৰ বাবে আৱশ্যকীয় পানী আৰু খনিজ লৱণ মাটিৰ পৰা শোষণ কৰা।

   (খ) মাটিত খামুচি থাকি উদ্ভিদজোপাক বাগৰি নোযোৱাকৈ ৰখা।

   (গ) কোনো কোনো ক্ষেত্ৰত ভৱিষ্যতৰ বাবে খাদ্য জমা কৰি ৰখা।

 

। উদ্ভিদৰ শিপা কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ উদ্ভিদৰ শিপা দুই প্ৰকাৰৰ –

   (ক) স্থানিক বা মুখ্য শিপা। আৰু

   (খ) অস্থানিক শিপা বা চুলি শিপা।

 

। স্থানিক বা মুখ্য শিপা কাক বোলেউদাহৰণ দিয়াঁ।

উত্তৰঃ উদ্ভিদৰ যি ধৰণৰ শিপা বীজৰ গজালি মেলাৰ লগে লগে লম্বভাৱে আৰু পোনে পোনে মাটিৰ তললৈ সোমাই যায়, তেনে শিপাকে স্থানিক বা মুখ্য শিপা বোলে।

   যেনে – গাজৰ, মূলা, কঠাল, আম, আহত আদি।

 

। অস্থানিক বা চুলি শিপা কাক বোলে? উদাহৰণ দিয়াঁ।

উত্তৰঃ উদ্ভিদৰ জন্মমূল বাঢ়ি গৈ তাৰ গুৰিৰ পৰা কিছুমান থোপা হিচাপে ওলোৱা শিপাক  অস্থানিক শিপা বা চুলি শিপা বোলে।

   যেনে – ঘেঁহু, মাকৈ, ধানগছ, নহৰু, পিয়াঁজ আদি।

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 39


8. দুবিধ এনে উদ্ভিদৰ উদাহৰণ দিয়াঁ, যাৰ শিপাই গছজোপাৰ বাবে খাদ্য সংৰক্ষণ কৰি ৰাখে।

উত্তৰঃ মূলা আৰু গাজৰ।

 

9. তিনিবিধ এনে উদ্ভিদৰ নাম উল্লেখ কৰাঁ যাৰ শিপা আমি খাদ্য হিচাপে গ্ৰহণ কৰোঁ।

উত্তৰঃ মূলা, গাজৰ আৰু বীট্।

 

10. উদ্ভিদৰ কাণ্ড কাক বোলে?

উত্তৰঃ উদ্ভিদৰ যি অংশত ফুল, ফল আৰু পাত লাগি থাকে তাকে কাণ্ড বোলে।

 

11. বিটপ তন্ত্ৰ কিহেৰে গঠিত?

উত্তৰঃ উদ্ভিদৰ কাণ্ডৰ সৈতে থকা ডাল, পাত, ফুল, ফল আদিবোৰ বিটপ তন্ত্ৰ গঠিত হয়।

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 40

। উদ্ভিদৰ কাণ্ড ______ ৰ দিশলৈ আগবাঢ়ে।

উত্তৰঃ পোহৰ

। মৃদ্গত কাণ্ড কাক বোলে? উদাহৰণ দিয়াঁ।

উত্তৰঃ যিবোৰ কাণ্ড মাটিৰ তললৈ বাঢ়ি যায়, তেনে কাণ্ডক মৃদ্গত কাণ্ড বোলে।

            যেনে - আলু, আদা, পিয়াজ, ওল আদিৰ কাণ্ড।

১০। মৃদ্গত কাণ্ডবিলাকৰ এটা কাম লিখাঁ।

উত্তৰঃ মৃদ্গত কাণ্ডবিলাকৰ এটা কাম হ'ল - উদ্ভিদজোপাৰ বাবে খাদ্য সঞ্চয় কৰাঁ।


Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী