প্ৰাথমিক চিকিত্সা, 3 য় অধ্যায়, পঞ্চম শ্ৰেণী, শং.শি.বি.নি. (প্ৰস্তুতি - সত্যজিত্ শইকীয়া)
প্ৰাথমিক চিকিৎসা
৩য় অধ্যায়,
পঞ্চম শ্ৰেণী
1. প্ৰাথমিক চিকিৎসা কাক বোলে?
উত্তৰ - কোনো দুৰ্ঘটানা সংঘটিত হ'লে তৎকালীনভাৱে যোগোৱা চিকিৎসামূলক সহায়কে প্ৰাথমিক চিকিৎসা বোলে।
2. প্ৰাথমিক চিকিৎসা বাকচত থকা কেইবিধমান সামগ্ৰীৰ নাম লিখাঁ।
উত্তৰ - প্ৰাথমিক চিকিৎসা বাকচত থকা কেইবিধমান সামগ্ৰীৰ নাম হ'ল - বেণ্ডেজ, কপাহ, দুখন কেঁচি, পটাছিয়াম-পাৰ-মাংগানেট, এনটিচেপ্টিক মলম, স্পিৰিট, থাৰ্ম'মিটাৰ।
পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 29/30
3. প্ৰাথমিক চিকিৎসা দিব খোজা ব্যক্তি এজনে কি কি কথা সঠিকভাৱে জানিব লাগে?
উত্তৰ - প্ৰাথমিক চিকিৎসা দিব খোজা ব্যক্তি এজনে সঠিকভাৱে জানিব লাগীয়া কথাবোৰ হ'ল -
(ক) প্ৰাথমিক চিকিৎসাৰ বাকচত কি কি সামগ্ৰী পায় তাৰ বিষয়ে সম্পূৰ্ণৰূপে জ্ঞাত হ'ব লাগে।
(খ) প্ৰাথমিক চিকিৎসাৰ বাকচত পোৱা সঁজুলিসমূহৰ সঠিক ব্যৱহাৰো নিখুঁতভাৱে জানিব লাগিব।
(গ) আঘাতপ্ৰাপ্ত ব্যক্তিক দেখি ভয় খাব নালাগিব। অৰ্থাৎ যিকোনো পৰিস্থিতিকে চম্ভালিব পৰাকৈ মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব।
4. জ্বলা বা পোৰা ক্ষেত্ৰত আমাৰ কৰণীয়বোৰ কি কি?
উত্তৰ - জ্বলা বা পোৰাৰ ক্ষেত্ৰত আমাৰ কৰণীয়বোৰ হ'ল -
(ক) পুৰিলে পোৰা অংশত পুৰণি অনুভৱ হৈ থকালৈকে ঠাণ্ডাপানী ঢালি থাকিব লাগে।
(খ) পোৰা ঠাইত বৰফ বা ঠাণ্ডা পানী লগাই থাকিব লাগে।
(ক) কাপোৰত জুই লাগিলে ব্যক্তিজন তৎক্ষণাৎ মজিয়াত বাগৰি দিব লাগে।
(গ) পোৰা অংশ ধূলি, মকতি, মহ-মাখি আদিৰ পৰা আঁতৰাই ৰাখিব লাগে, আৰু কোমল কপাহী কাপোৰেৰে ঢাকি ৰাখিব লাগে।
(ঘ) বেছিকৈ পুৰিলে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।
5. জ্বলা বা পোৰা ক্ষেত্ৰত আমাৰ অকৰণীয়বোৰ কি কি?
বা জ্বলা বা পোৰা ক্ষেত্ৰত আমাৰ কি কি কৰিব নালাগে?
উত্তৰ - জ্বলা বা পোৰাৰ ক্ষেত্ৰত আমি তলত দিয়াবোৰ কৰিব নালাগে -
(ক) পোৰা ঠাইত ঘিউ বা তেল লগাব নালাগে।
(খ) পোৰা ঠাই ডাঠ কাপোৰেৰে বান্ধি বা ঢাকি থ'ব নালাগে।
(গ) কাপোৰত জুই লগা ব্যক্তিক কম্বলেৰে মেৰাই ধৰিব নালাগে।
(ঘ) পোৰা অংশ টান কাপোৰেৰে বান্ধিব নালাগে।
(ঙ) পোৰা অংশ লেতেৰা কাপোৰেৰে বান্ধি বা ঢাকি থ'ব নালাগে।
(চ) অনভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব নালাগে।
6. ঘৰত গেছৰ চুলা ব্যৱহাৰ কৰোঁতে আমি কি কি সাৱধানতা অৱলম্বন কৰা উচিত?
উত্তৰ - ঘৰত গেছৰ চুলা ব্যৱহাৰ কৰোঁতে তলত দিয়া সাৱধানতাসমূহ অৱলম্বন কৰা উচিত -
(ক) কোঠাৰ দুৱাৰ-খিৰিকীবিলাক খোলা ৰাখিব লাগে।
(খ) ব্যৱহাৰৰ পিছত ছিলিণ্ডাৰৰ চুইছ সদায় বন্ধ ৰাখিব সাগে।
(গ) কোনো বয়স্ক লোকৰ অনুপস্থিতিত গেছষ্ট'ভত কাম কৰিব নালাগে।
7. নাকেৰে তেজ ওলোৱাৰ ক্ষেত্ৰত কৰণীয়বোৰ কি কি?
উত্তৰ - নাকেৰে তেজ ওলোৱাৰ ক্ষেত্ৰত কৰণীয়বোৰ হ'ল -
(ক) নাকেদি তেজ ওলোৱা ব্যক্তিজনক শৰীৰকৰৈ মূৰটো বেছি তললৈ হেলনীয়া কৰি ওপৰমুৱাকৈ শুৱাই দিব লাগে।
(খ) ৰোগাৰ মূৰত ঠাণ্ডা পানী দিব লাগে।
(গ) নাকৰ ওপৰত ঠাণ্ডা পতি লগাব লাগে।
8. নাকেৰে তেজ ওলোৱাৰ ক্ষেত্ৰত অকৰণীয়বোৰ কি কি?
উত্তৰ - নাকেৰে তেজ ওলোৱাৰ ক্ষেত্ৰত অকৰণীয়বোৰ হ'ল -
(ক) ৰোগীৰ মূৰৰ তলত কোনো গাৰু দিব নালাগে।
(খ) ৰোগীয়ে নাকৰ ভিতৰত আঙুলি আদি ভৰাব নালাগে।
(গ) ৰোগীয়ে নাকত হেঁচা, খুন্দা, মৰা অথবা নাকত জোৰ পৰা কাম কৰিব নালাগে।
9. পোক-পতংগই বিন্ধিলে উপশমৰ বাবে আমি কি কৰিব লাগে?
উত্তৰ - পোক-পতংগই বিন্ধিলে উপশম পাবলৈ এটুকুৰা বৰফ অথবা ঠাণ্ডা পানী বিন্ধা ঠাইত দিব পাৰি। এনে কৰিলে বিষৰ পৰা যথেষ্ট সকাহ পোৱা যায়। নেমুৰ ৰস অথবা এম'নিয়া লগাই দিলেও বিষ কমি আহে।
10. আঘাত পালে উপশমৰ বাবে আমি কি কৰিব লাগে?
উত্তৰ - আঘাত পালে উপশমৰ বাবে আমি আঘাত পোৱা ঠাইখিনি পৰিষ্কাৰ পানীৰে ধুই ল'ব লাগে আৰু এটা এনটিচেপটিক মলম সানি ঘা টুকুৰা ধুলি-বালিৰ পৰা আঁতৰাই পৰিষ্কাৰকৈ ৰাখিব লাগে।
11. আঘাত পালে আমি কি কৰিব নালাগে?
উত্তৰ - আঘাত পালে আঘাত পোৱা ঠাইত কোনো কাৰণতে তেল বা তেলজাতীয় দ্ৰব্য লগাব নালাগে।
12. মোচোকা খালে আমি কি কি কৰিব লাগে?
উত্তৰ - মোচোকা খালে আমি তলত দিয়াবোৰ কৰিব লাগে -
(ক) মোচোকা খােৱা ঠাই (বিশেষকৈ হাত বা ভৰিৰ ক্ষেত্ৰত) লৰচৰ নােহােৱাকৈ ভালদৰে বান্ধি ৰাখিব লাগে।
(খ) আঘাত পােৱা ঠাইত ঠাণ্ডা পানীত কাপােৰ তিয়াই লগাই দিব লাগে।
(গ) ২৪ ঘণ্টাৰ পাছত মোঁচোকা খােৱা ঠাইখিনি কুহুমীয়া গৰম পানীত নিমখ দি সেকি দিব লাগে।
(ঘ) মোচোকা খােৱাৰ বিষ উপশম নােহােৱালৈকে মেচোকা খােৱা ঠাইখিনি
বান্ধি ৰাখিব লাগে।
12. মোচোকা খালে আমি কি কি কৰিব নালাগে?
উত্তৰ - মোচোকা খালে আমি তলত দিয়াবোৰ কৰিব নালাগে।
(ক) মোঁচেকা খোৱা ঠাইত মালিচ কৰিব নালাগে।
(খ) কোনাে অনভিজ্ঞ ব্যক্তিৰ পৰামর্শ ল'ব নালাগে।
(গ) মোচোকা খােৱা ঠাইত তৎক্ষণাৎ গৰম পানীৰে সেকিব নালাগে।
(ঘ) মোচোকা খােৱা ঠাইখিনি ফুলি থকালৈকে কোনাে হেঁচা প্রয়ােগ
কৰিব নালাগে।
13. পাকঘৰত কাম কৰোঁতে আমি কিয় নাইলন কাপোৰৰ পৰিৱৰ্তে কপাহী কাপোৰ পিন্ধিব লাগে?
উত্তৰ - কপাহী কাপোৰতকৈ নাইলন কাপোৰত সহজে জুই লাগে, সেয়েহে পাকঘৰত কাম কৰোঁতে অনাকাংক্ষিত বিপদৰ পৰা হাত সাৰিবৰ বাবে নাইলন কাপোৰৰ পৰিৱৰ্তে কপাহী কাপোৰহে পিন্ধিব লাগে।
লিখিত কাৰ্য -
1. গাত গৰম পানী পৰিলে কি কৰা উচিত?
উত্তৰ - গাত গৰম পানী পৰিলে আমি তলত দিয়া কামবোৰ কৰিব পাৰোঁ -
(ক) তৎক্ষণাত পোৰা ঠাইডোখৰত ঠাণ্ডা পানী ঢালি দিব লাগে। পোৰণি অনুভৱ হৈ থকালৈক পানী ঢালি থাকিব লাগে।
(খ) পোৰা ঠাইত বৰফ তথা ঠাণ্ডা পানী লগাব লাগে।
(গ) বেছিকৈ পুৰিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।
2. প্ৰাথমিক চিকিৎসাৰ প্ৰয়োজনীয়তা কি ?
উত্তৰ - আকস্মাতে ঘটা কোনো দুৰ্ঘটনাৰ সময়ত তৎকালীনভাৱে সহায় আগবঢ়াবলৈ প্ৰাথমিক চিকিৎসাৰ প্ৰয়োজন।
3. বাটত হোৱা দুৰ্ঘটনাবোৰৰ কাৰণবোৰ কি কি ?
উত্তৰ - বাটত হোৱা দুৰ্ঘটনাবোৰৰ কাৰণবোৰ হ'ল -
(ক) ট্ৰেফিকৰ নিয়ম অমান্য কৰা।
(খ) ৰাস্তা পাৰ হওঁতে দুয়োফালৰ যান-বাহন চাই নোলোৱা।
(গ) অকস্মাতে ৰাস্তাৰ বাওঁ দাঁতি এৰি সোঁ-দাঁতিয়েদি খোজ কঢ়া বা বাহন চলোৱা।
4. এটা প্ৰাথমিক চিকিৎসা বাকচ আঁকাঁ, বাকচটোত থকা প্ৰতিবিধ সঁজুলি অংকন কৰিবাঁ ?
উত্তৰ -
(আগলৈ ...)
Yh
ReplyDelete