অম্ল, ক্ষাৰক আৰু লৱণ, বিজ্ঞান, (খণ্ড - 1), সপ্তম শ্ৰেণী

 পঞ্চম অধ্যায়

অম্ল আৰু ক্ষাৰক


পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 52

1. কেঁচা আমৰ টেঙা সোৱাদ _________ ৰ বাবে হয়৷

উত্তৰ - অম্ল

2. অম্ল থকা কেইবিধমান ফলৰ নাম লিখাঁ৷

উত্তৰ - অম্ল থকা কেইবিধমান ফলৰ নাম হ’ল - আম, নেমু, কমলা, কেঁচা অনাৰস, তেঁতেলী, আঙুৰ, আমলখি, কৰ্দৈ আদি৷

3. ক্ষাৰক থকা কেইবিধমান ফলৰ নাম লিখাঁ৷

উত্তৰ - ক্ষাৰক থকা কেইবিধমান ফলৰ নাম হ’ল - আমলখি, তিতাকেৰেলা, কল, মধুৰি আম, অমিতা, পকা অনাৰস আদি৷

4. অম্লৰ সোৱাদ _________ ৷

উত্তৰ - টেঙা

5. ঘৰুৱাভাৱে সততে পোৱা এবিধ লৱণৰ উদাহৰণ দিয়াঁ৷

উত্তৰ - নিমখ

6. খালী ঠাই পূৰ কৰাঁ -

(ক) অম্ল আৰু ক্ষাৰকে পৰস্পৰৰ সোৱাদ _______ কৰে৷

(খ) অম্ল আৰু _______ মিহলালে লৱণ উৎপন্ন হয়৷

উত্তৰ - (ক) নাইকীয়া

            (খ) ক্ষাৰক

6. অম্লৰ তিনিটা বৈশিষ্ট্য লিখা৷

উত্তৰ - অম্লৰ তিনিটা বৈশিষ্ট্য হ’ল -

(ক) অম্লৰ সোৱাদ টেঙা৷

(খ) অম্লই নীলা লিটমাছ ৰঙা কৰে৷

        (গ) অম্লই ক্ষাৰকক প্ৰশমিত কৰে।

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 53

6. ইংৰাজী ভাষাত অম্লক কি বুলি কোৱা হয়?

উত্তৰ - ইংৰাজী ভাষাত অম্লক এচিড (Acid) বুলি কোৱা হয়।

7. অম্লৰ ইংৰাজী নাম এচিড কোন ভাষাৰ কোন শব্দৰ পৰা আহিছে?

উত্তৰ - অম্লৰ ইংৰাজী নাম এচিড লেটিন ভাষাৰ acere শব্দৰ পৰা আহিছে।

8. লেটিন ভাষাত acere শব্দটোৰ অৰ্থ কি ?

উত্তৰ - লেটিন ভাষাত acere শব্দটোৰ অৰ্থ হৈছে টেঙা।

9. প্ৰকৃতিৰ পৰা পোৱা অম্লবোৰক কেইটা আৰু কি কি ভাগত ভাগ কৰিব পাৰি ?

উত্তৰ - প্ৰকৃতিৰ পৰা পোৱা অম্লবোৰক দুটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হ'ল - 

            (ক) জৈৱ অম্ল আৰু

            (খ) অজৈৱ অম্ল।

10. দৈ গাখীৰ কিয় টেঙা সোৱাদযুক্ত হয়?

উত্তৰ - দৈ গাখীৰত লেক্টিক্ এচিড থাকে। এচিডৰ সোৱাদ টেঙা। সেয়েহে দৈ গাখীৰ টেঙা সোৱাদযুক্ত।

11. জৈৱ অম্লবোৰ ক'ৰ পৰা পোৱা যায়?

উত্তৰ - জৈৱ অম্লবোৰ উদ্ভিদ, উদ্ভিদৰ পৰা পোৱা ফল বা গাখীৰৰ পৰা পাব পাৰি।

12. দৈ গাখীৰত থকা অম্লবিধৰ নাম কি?

উত্তৰ - দৈ গাখীৰত থকা অম্লবিধৰ নাম হ'ল - লেক্টিক এচিড।

13. মাখনত থকা অম্লবিধৰ নাম কি?

উত্তৰ - মাখনত থকা অম্লবিধৰ নাম হ'ল বিউটাইৰিক এচিড।

14. কেইবিধমান খনিজ অম্লৰ নাম আৰু ৰাসায়নিক সংকেত লিখাঁ

উত্তৰ - কেইবিধমান খনিজ অম্লৰ নাম আৰু সেইবোৰৰ ৰাসায়নিক সংকেত হ'ল - ছালফিউৰিক এচিড (H2SO4), নাইট্ৰিক এচিড (HNO3), হাইড্ৰক্লৰিক এচিড (HCl), ফছফৰিক এচিড (H3PO4) আদি।

15. খনিজ অম্লবোৰক কিয় তীব্ৰ অম্ল বুলি কোৱা হয়?

উত্তৰ - খনিজ অম্লবোৰ যথেষ্ট ক্ষতিকাৰক, সেয়েহে ইহঁতক তীব্ৰ অম্ল বোলে।

16. অধাতুবোৰৰ অক্সাইড ______ ধৰ্মী?

উত্তৰ - আম্লিক

17. ক্ষাৰকৰ তিনিটা বৈশিষ্ট্য লিখাঁ।

উত্তৰ - ক্ষাৰকৰ তিনিটা বৈশিষ্ট্য হ'ল -

            (ক) ক্ষাৰকৰ সোৱাদ খাৰুৱা বা তিতা।

            (খ) ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰো

            (গ) ক্ষাৰকে অম্লক প্ৰশমিত কৰে।

18. ক্ষাৰ কাক বোলে?

উত্তৰ - যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় বা পানীৰ লগত সম্পূৰ্ণৰূপে মিলি যাব পাৰে, সেইবোৰক ক্ষাৰ বোলে।

19. ধাতুবোৰৰ অক্সাইড আৰু হাইড্ৰক্সাইডবিলাক ______ ধৰ্মী?

উত্তৰ - ক্ষাৰক

20. কেইবিধমান ক্ষাৰকৰ নাম আৰু সংকেত লিখাঁ।

উত্তৰ - কেইবিধমান ক্ষাৰকৰ নাম আৰু সংকেত তলত দিয়া ধৰণৰ -

            ছ'ডিয়াম হাইড্ৰ'ক্সাইড (NaOH), পটেছিয়াম হাইড্ৰ'ক্সাইড (KOH), কেলছিয়াম হাইড্ৰ'ক্সাইড {Ca(OH)2}, মেগনেছিয়াম হাইড্ৰ'ক্সাইড {Mg(OH)2)}, এলুমিনিয়াম হাইড্ৰ'ক্সাইড Al(OH)3

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 54/55/56/57/58

21. সূচকবোৰ কি? ইয়াৰ ব্যৱহাৰ উল্লেখ কৰাঁ।

উত্তৰ - আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত বেলেগ বেলেগ ৰং দেখুওৱা পদাৰ্থবোৰক সূচক বোলে।

            জিভাৰে সোৱাদ লৈ আম্লিক বা ক্ষাৰকীয় পদাৰ্থবোৰ চিনাক্ত কৰাটো বিপদ্জনক। সূচকবোৰে যিহেতু আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত বেলেগ বেলেগ ৰং দেখুওৱাই, সেয়েহে অম্ল আৰু ক্ষাৰক চিনাক্ত কৰিবলৈ সূচক ব্যৱহাৰ কৰা হয়। 

22. প্ৰাকৃতিকভাৱে পোৱা কেইবিধমান সূচকৰ উদাহৰণ দিয়াঁ।

উত্তৰ - প্ৰাকৃতিকভাৱে পোৱা কেইবিধমান সূচকৰ উদাহৰণ হ'ল - হালধি, লিটমাছ, জবাফুলৰ পাহি আদি।

23. অম্ল আৰু ক্ষাৰক চিনাক্ত কৰিব পৰা দুবিধ সূচকৰ নাম লিখাঁ।

উত্তৰ - অম্ল আৰু ক্ষাৰক চিনাক্ত কৰিব পৰা দুবিধ সুচকৰ নাম হ'ল - লিটমাছ আৰু হালধি।

24. লিটমাছ ক'ৰ পৰা আহৰণ কৰা হয়?

উত্তৰ - ছত্ৰক শৈৱাল (ইংৰাজী Lichen)ৰ পৰা আহৰণ কৰা হয়।

25. হালধীৰ ৰং অম্লৰ দ্ৰৱত ______ আৰু ক্ষাৰকৰ দ্ৰৱত _______ হয়।

উত্তৰ - হালধীয়া; ৰঙা

26. আম্লিক বৰষুণ কি? ইয়াৰ কুফল লিখাঁ।

উত্তৰ - কল কাৰাখানা আদিৰ পৰা বায়ুমণ্ডললৈ নিৰ্গত হোৱা ছালফাৰ-ডাই-অক্সাইড (SO2), নাইট্ৰ'জেন ডাই-অক্সাইড (NO2), কাৰ্বন ডাই-অক্সাইড (CO2) আদিৰ দৰে আম্লিক অক্সাইডবোৰ বৰষুণৰ লগত মিহলি হৈ আহিলে তাক আম্লিক বৰষুণ বোলে।

        ই বিভিন্ন অট্টালিকা, কীৰ্তিস্তম্ভ, উদ্ভিদ, প্ৰাণী আদিৰ বাবে ক্ষতিকাৰক।

27. এচিড বৰষুণ কি? ইয়াৰ কেনেদৰে সৃষ্টি হয় ব্যাখ্যা কৰাঁ।

উত্তৰ - সাধাৰণ ভাষাত এচিড মিহলি হৈ থকা বৰষুণকে এচিড বৰষুণ বোলে।

            কল কাৰাখানা আদিৰ পৰা বায়ুমণ্ডললৈ নিৰ্গত হোৱা ছালফাৰ-ডাই-অক্সাইড (SO2), নাইট্ৰ'জেন ডাই-অক্সাইড (NO2), কাৰ্বন ডাই-অক্সাইড (CO2) আদিৰ দৰে আম্লিক অক্সাইডবোৰ বৰষুণৰ লগত মিহলি হৈ এচিড বৰষুণৰ সৃষ্টি হয়।

                                 পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 55

28. প্ৰশমণ বিক্ৰিয়া কাক বোলে?

উত্তৰ - অম্ল আৰু ক্ষাৰক মিহলি কৰিলে পৰস্পৰে পৰস্পৰৰ গুণ নোহোৱা কৰে। অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা এনে বিক্ৰিয়াক প্ৰশমণ বিক্ৰিয়া বোলে।

29. প্ৰশমণ বিক্ৰিয়াৰ ফলত কি কি উৎপন্ন হয়?

উত্তৰ - প্ৰশমণ বিক্ৰিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয়।

30. অম্শল আৰু ক্ব্দষাৰকৰ মাজৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়। - শব্দ সমীকৰণেৰে উপস্থাপন কৰাঁ।

উত্তৰ - অম্ল + ক্ষাৰক → লৱণ + পানী 

31. এটা উদাহৰণেৰে লিখাঁ - "অম্ল আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়।"

উত্তৰ - হাইড্ৰ'ক্ল'ৰিক এচিড (HCl) এবিধ অম্ল আৰু ছডিয়াম হাইড্ৰক্সাইড (NaOH) এবিধ ক্ষাৰক। ইহঁতৰ দুটাৰ মাজত বিক্ৰিয়া হ'লে এবিধ লৱণ (NaCl) আৰু পানী (H2O) উৎপন্ন হয়। সমীকৰণেৰে -

            HCl + NaOH → NaCl + H2O

32. লৱণ কি? দুবিধ লৱণৰ নাম লিখাঁ।

উত্তৰ - অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াত সৃষ্টি হোৱা আয়নীয় যৌগকে লৱণ বোলে। দুবিধ লৱণৰ নাম হ'ল - ছ'ডিয়াম ক্লৰাইড আৰু মোগনেছিয়াম ক্ল'ৰাইড।

16. পিত্তৰস ক'ত সৃষ্টি হয়?

উত্তৰ - পিত্তৰস যকৃতত সৃষ্টি হয়।

33. সোণৰ অলংকাৰ পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা তৰলবিধৰ নাম কি?

উত্তৰ - অম্লৰাজ (aqua regia)।

34. মানুহৰ পাকস্থলীত থকা অম্লবিধৰ নাম কি?

উত্তৰ - হাইড্ৰ'ক্ল'ৰিক এচিড (HCl)।

35. পিত্তৰসৰ কাম কি?

উত্তৰ - পিত্তৰসৰ কাম হ'ল চৰ্বী আৰু স্নেহজাতীয় পদাৰ্থ হজম হোৱাত সহায় কৰাঁ।

36. এবিধ অম্লনাশকৰ নাম আৰু ৰাসায়নিক সংকেত লিখাঁ।

উত্তৰ - এবিধ অম্লনাশকৰ নাম হ'ল - মেগনেছিয়াম দুগ্ধ বা মেগনেছিয়াম হাইড্ৰ'ক্সাইড। ৰাসায়নিক সংকেত হ'ল - {Mg(OH)2}।

37. বিছাই ডাকিলে, মৌ বা বৰলে বিন্ধিলে বা পৰুৱাই কামুৰিলে আমাৰ দেহত বেদনাৰ অনুভৱ হয় কিয়?

উত্তৰ - বিছা, মৌ, বৰল, পৰুৱা আদিৰ শুংবোৰত এচিড থাকে। সিহঁতে কামুৰিলে বা বিন্ধিলে আমাৰ ছালৰ ভিতৰত এনে এচিড এৰি দিয়ে। ফলত আমাাৰ দেহত বেদনাৰ অনুভৱ হয়। 

38. বিছাই ডাকিলে, মৌ বা বৰলে বিন্ধিলে বা পৰুৱাই কামুৰিলে আমাৰ দেহত বেদনাৰ অনুভৱ হয়। ইয়া পৰা পৰিত্ৰাণ পাবলৈ তাত সেমেকা চূণ, কেলামাইন দ্ৰৱ আদি ঘঁহি দিয়া হয় কিয়?

উত্তৰ - বিছা, মৌ, বৰল, পৰুৱা আদিৰ শুংবোৰত এচিড থাকে। সিহঁতে কামুৰিলে বা বিন্ধিলে আমাৰ ছালৰ ভিতৰত এনে এচিড এৰি দিয়ে। ফলত আমাাৰ দেহত বেদনাৰ অনুভৱ হয়। সেমেকা চূণ, কেলামাইন দ্ৰৱ আদিবোৰ ক্ষাৰক হোৱা বাবে এছিডৰ বাবে বেদনা হোৱা ঠাইত এইবোৰ মিহলালে এছিডৰ ক্ৰিয়া প্ৰশমিত হয়, আৰু আমি উপশম পাওঁ।

39.  বিছাই ডাকিলে আৰাম পাবৰ বাবে চূণ ঘঁহি দিয়া হয়। ইয়াৰ কাৰণ ব্যাখ্যা কৰাঁ।

উত্তৰ - বিছাই ডাকিলে আমাৰ ছালৰ ভিতৰত ফৰ্মিক এচিড এৰি দিয়ে। ফলত আমাাৰ দেহত বেদনাৰ অনুভৱ হয়। সেমেকা চূণ ক্ষাৰকীয় হোৱা বাবে বিছাই ডকা ঠাইত ঘঁহিলে এচিডৰ বাবে হোৱা বেদনা উপশম হয়। সেয়েহে বিছাই ডাকিলে আৰাম পাবৰ বাবে চূণ ঘঁহি দিয়া হয়।

40. বৰলে বিন্ধিলে আমাৰ দেহত এৰি দিয়া ৰাসায়নিক পদাৰ্থবিধৰ নাম কি?

উত্তৰ - ফৰ্মিক এচিড

41. অত্যধিক ৰাসায়নিক সাৰে মাটিক অধিক _______ কৰে।

উত্তৰ - আম্লিক

42.  পোৰা চূণ আৰু শিথিলিত চূণৰ ৰাসায়নিক সংকেত লিখাঁ।

উত্তৰ - পোৰা চূণৰ ৰাসায়নিক সংকেত  CaO আৰু শিথিলিত চূণৰ ৰাসায়নিক সংকেত {Ca(OH)2}।

43. মাটিৰ আম্লিকতা নাশ কৰিবলৈ ইয়াত ________ পদাৰ্থ যেনে - চূণ যোগ কৰা হয়।

উত্তৰ - ক্ষাৰকীয়

44. মাটিৰ ক্ষাৰকীয়তা কমাবলৈ ইয়াত ________ পদাৰ্থ যোগ কৰা হয়।

উত্তৰ - আম্লিক

(সত্যজিত্ শইকীয়া, বেলতলা, গুৱাহাটী - 9859577331 )

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

"Kamala" by Vijay Tendulkar

Where The Mind is Without Fear , Class 6 , Bharati English Reader , SSVN , Assam