আঁহৰ পৰা কাপোৰলৈ, (খণ্ড-1), বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিঃ বিঃ নিঃ।

 আঁহৰ পৰা কাপোৰলৈ



পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 28

1. আমাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় আহিলাকেইবিধ কি কি?

উঃ আমাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় আহিলাকেইবিধ হ’ল খাদ্য, বস্ত্ৰ বা কাপোৰ আৰু বাসস্থান৷

2. আমাক খাদ্য কিয় লাগে?

উঃ জীয়াই থাকিবলৈ আৰু বেমাৰ আদিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আমাক খাদ্য লাগে৷

3. আমাক বাসস্থান কিয় লাগে?

উঃ বতাহ, ধুমুহা, বৰষুণ আদিৰ পৰা ৰক্ষা পাবলৈ আমাক বাসস্থান লাগে৷

4. আমি কাপোৰ কিয় পিন্ধোঁ?

উঃ বিভিন্ন পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰিবলৈ, লজ্জা নিবাৰণৰ বাবে বা নিজকে ধুনীয়া কৰিবলৈ আমি কাপোৰ পিন্ধো৷

5. আঁহ কি?

উঃ আঁহ হ’ল চুলিৰ দৰে তন্তু বা সূত্ৰিকা৷

6. ঊণ ক’ৰ পৰা আহৰণ কৰা হয়?

উঃ ভেড়া, এংগোৰা ছাগলী, য়াক আদিৰ দেহত থকা নোমৰ পৰা ঊণ আহৰণ কৰা হয়৷

7. পাটৰ আঁহ  ক’ৰ পৰা আহৰণ কৰা হয়?

উঃ পাটৰ আঁহ  পাটপলুৰ লেটাৰ পৰা আহৰণ কৰা হয়৷

9. বায়ু তাপৰ _______ ৷

উঃ কুপৰিবাহী

10.  ঊণৰ দ্বাৰা তৈয়াৰী কাপোৰ বা কম্বলৰ নিজস্ব আকাৰ আৰু উম থাকে কিয়?

উঃ ঊণ সূতাই সাধাৰণতে ভাঁজ নলয় নতুবা ই কুঞ্চিত নহয়৷ টানি দিলে যদিও ঊণৰ কুণ্ডলী বা পাকসমূহ খুলি যায় এৰি দিলে ই আকৌ আগৰ অৱস্থা পায়৷ সেয়েহে ঊণৰ দ্বাৰা তৈয়াৰী কাপোৰ বা কম্বলৰ নিজস্ব আকাৰ থাকে৷

ঊণৰ সূতাৰ প্ৰতিডাল আঁহেই খহটা শল্কৰ (Rough scale) দ্বাৰা আবৃত হৈ থাকে৷ সেয়েহে উণসূতাৰ দ্বাৰা তৈয়াৰী কাপোৰবোৰে যথেষ্ট বায়ু ধৰি ৰাখিব পাৰে৷ বায়ু তাপৰ কু-পৰিবাহী৷ সেয়েহে ঊণৰ দ্বাৰা তৈয়াৰী কাপোৰ বা কম্বলৰ নিজস্ব উম থাকে৷

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 29

11. ভেড়াৰ নোমাল ছালখনত কেইধৰণৰ আঁহ থাকে আৰু কি কি?
উঃ ভেড়াৰ নোমাল ছালখনত দুই ধৰণৰ আঁহ থাকে -
(i) মুখৰ ওচৰৰ খহটা ডাঢি. আৰু
(ii) ছালৰ ওচৰৰ খহটা মিহি অধঃস্থ নোম৷

12. ভেড়াৰ নিবাৰ্চিত প্ৰজনন (selective reproduction) বুলিলে কি বুজা?
উঃ মিহি অধঃস্থ নোমযুক্ত ভেড়া পোৱালী জন্ম দিবলৈ বিশেষ বৈশিষ্ট্য থকা মাক-বাপেকবোৰক বাছনি কৰা পদ্ধতিকে ভেড়াৰ নিবাৰ্চিত প্ৰজনন (selective reproduction) বুলি কোৱা হয়৷
                    পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 33
13. পাট (Silk) কি?
উঃ - পাট (Silk) হ'ল উজ্জ্বল দৃঢ় আঁহ বা সূতা, যাক কাপোৰ ববৰ বাবে ব্যৱহাৰ কৰা হয়।
14. পাট সূতাক কিয় সূতাৰ ৰাণী  (Queen of fibres) বুলি কোৱা হয়?
উঃ - পাট সূতাৰ এক প্ৰাকৃতিক সৌন্দৰ্য আছে, সেয়েহে পাট সূতাক  সূতাৰ ৰাণী  (Queen of fibres) বুলি কোৱা হয়।
15. পাটৰ আঁহবোৰ আমি প্ৰাণীৰ পৰা / উদ্ভিদৰ পৰা পাওঁ।
উঃ - প্ৰাণীৰ পৰা
16. ______ ৰ পৰা পাটৰ আঁহবোৰ পোৱা যায়।
উঃ - পাটপলু
17. ৰেছম বা পাটশিল্প কাক বোলে?
উঃ - পাটসূতা পাবলৈ পাটপলু প্ৰতিপালন কৰা বা পোহাক ৰেছম বা পাটশিল্প (Sericulture) বোলে।
18. আটাইতকৈ দৃঢ় প্ৰাকৃতিক সূতাবিধৰ নাম কি?
উঃ - পাটসূতা
19. ''পাটসূতা স্থিতিস্থাপক''। - ইয়াৰ অৰ্থ কি?
উঃ - ''পাটসূতা স্থিতিস্থাপক''। - ইয়াৰ অৰ্থ  হ'ল  যে পাটসূতা টানি দিলে দীঘল হয়, কিন্তু এৰি দিলে আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে।
20. শণ (flax) কি?
উঃ - শণ হ'ল পাটৰ দৰে সূতা হোৱা এবিধ গছ।
21. শণ সূতা (linen) কি?
উঃ - শণ সূতা (linen) হ'ল শণ গছৰ পৰা আহৰণ কৰা সূতা।
                    পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 34
22. ৰেয়ন (Rayon) কি?
উঃ - ৰেয়ন (Rayon) হ'ল কাঠৰ মণ্ড (Wood Pulp) ৰ পৰা প্ৰস্তুত কৰা এবিধ সূতা।
22. কাঠৰ মণ্ড (Wood Pulp) কি? ইয়াৰ প্ৰধান ব্যৱহাৰ কি?
উঃ - গছ কাটি ইয়াৰ কাঠ গুড়ি কৰি পোৱা আঁহীয়া অৱস্থাটোকে কাঠৰ মণ্ড (Wood Pulp) বুলি কোৱা হয়। ইয়াক সাধাৰণতে কাগজ প্ৰস্তুত কৰা কামত ব্যৱহাৰ কৰা হয়।
23. পাটসূতাৰ মুল বৈশিষ্ট্যসমূহ কি কি কি?
উঃ - পাটসূতাৰ মুল বৈশিষ্ট্যসমূহ হ'ল -
(ক) পাটসূতাৰ আঁহসমূহ তিনিকোণীয়া প্ৰিজম সদৃশ হোৱাৰ বাবে পাটৰ কাপোৰত পোহৰ পৰিলে ই যিকোনো দিশতে উজ্জ্বল বা জিলিকি উঠে।
(খ) এই কাপোৰ পিন্ধিবৰ বাবে আৰামদায়ক।
(গ) সহজতে ৰং কৰিব পাৰি।
(ঘ) পাটৰ কাপোৰ তাপৰ কুপৰিবাহী হোৱাৰ বাবে ই গৰম দিনত ঠাণ্ডা আৰু ঠাণ্ডা দিনত গৰম অনুভৱ হয়।
(ঙ) সকলোবোৰ প্ৰাকৃতিক সূতাৰ ভিতৰত পাটসূতাই আটাইতকৈ দৃঢ়।
(চ) পাটসূতা জুইত পুৰিলে চুলি পোৰাৰ দৰে গোন্ধায়।
24. সাধাৰণতে পোৱা পাটকেইবিধ কি কি?
উঃ - সাধাৰণতে পোৱা পাটকেইবিধ হ'ল - নুনিপাট, টাছাৰ পাট, এৰী আৰু মুগা।
25. পাটপলুৰ জীৱনচক্ৰ কিহৰ পৰা আৰম্ভ হয়?
উঃ - পাটপলুৰ জীৱনচক্ৰ মাইকী চকৰিয়ে পৰা সৰু সৰু কণীৰ পৰা আৰম্ভ হয়।
26. পাটপলুৰ মাইকী চকৰিয়ে বসন্ত কালত/শৰৎ কালত কণী পাৰে।
উঃ - শৰৎ কালত
27. পাটপলুৰ কণীবোৰৰ পৰা বসন্ত কালত/শৰৎ কালত পোৱালি ওলাবলৈ লয়।
উঃ - বসন্ত কালত
28. পাটপলুৰ কণী ফাটি ওলোৱা পোৱালীবোৰক (larvae) কি বুলি কোৱা হয়?
উঃ - পাটপলুৰ কণী ফাটি ওলোৱা পোৱালীবোৰক পাটপলু বা কেটাৰপিলাৰ (caterpillar) বুলি কোৱা হয়।
28. পাটপলুৰ জীৱন চক্ৰৰ দ্বিতীয় স্তৰটোক কি বুলি কোৱা হয়?
উঃ - পিউপা (Pupa)।
29. পিউপা (Pupa) কি? বৰ্ণনা কৰাঁ।
উঃ - পিউপা (Pupa) হ'ল পাটপলুৰ জীৱন চক্ৰৰ এটা স্তৰ। এই স্তৰত পাটপলুৰ কণী ফাটি ওলোৱা পোৱালীবোৰে নিজৰ চাৰিওফালে এখন জাল গুঠি লয়। ইয়াৰ পিছত ইয়াৰ মূৰটো অসমীয়া চাৰি (৪) আকৃতিৰ দৰে লৰাই থাকি কিছুমান প্ৰ'টিনৰ আঁহ নিঃসৰণ কৰে। এই আঁহবোৰ বায়ুৰ সংস্পৰ্শত টান হৈ আঁহলৈ পৰিৱৰ্তিত হয়। পাটপলুৱে নিজকে এইদৰে আঁহেৰে সম্পূৰ্ণকৈ আৱৰি পেলোৱা অৱস্থাটোকে পিউপা বুলি কোৱা হয়।
30. লেটা (Coccon) কি?
উঃ - পাটপলুৰ কণী ফাটি ওলোৱা পোৱালীবোৰে এটা সময়ত নিজৰ দেহৰ পৰা নিঃসৰণ কৰা যি প্ৰটিনৰ আঁহৰ আৱৰণেৰে নিজকে সম্পূৰ্ণকৈ আৱৰি লয়, তাকে লেটা (Coccon) বোলে।
31. পাটপলুৰ পিউপাৰ পৰা চকৰিলৈ বিকাশৰ প্ৰক্ৰিয়াটো  ________ ৰ ভিতৰত চলি থাকে।
উঃ - লেটা
32. কেইবিধমান পাটসূতাৰ উদাহৰণ দিয়াঁ।
উঃ - কেইবিধমান পাটসূতাৰ উদাহৰণ হ'ল - কেঁচাপাট, নুনীপাট, আচল পাট, টছৰ পাট, মুগা পাট আদি।
33. নুনিপাট সূতাৰ বৈশিষ্ট্য লিখা।
উঃ - নুনিপাট সূতাৰ বৈশিষ্ট্য হ'ল যে এই সূতা কোমল, উজ্জ্বল আৰু নমনীয় গুণসম্পন্ন আৰু এইবোৰক ধুনীয়াকৈ ৰং কৰিব পাৰি।
34. সাধাৰণতে পোৱা পাট চকৰি বুলিলে কি বুজা?
উঃ - সাধাৰণতে পোৱা পাট চকৰি বুলিলে নুনিগছৰ পাটচকৰিক বুজা যায়।
35. পাট উত্পাদনত শীৰ্ষ স্থানত থকা দেশখনৰ নাম কি?
উঃ - চীনদেশ।
36. পাট উত্পাদনৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা প্ৰজাতিটোৰ নাম কি?
উঃ - Bombyx mori
37. পাটপলুৰ জীৱন চক্ৰৰ দশা বা স্তৰ কেইটা আৰু কি কি?
উঃ -  পাটপলুৰ জীৱন চক্ৰৰ দশা বা স্তৰ চাৰিটা। কণী, পলু, লেটা আৰু পূৰ্ণাংগ চকৰি।
38. পাটসূতাৰ এটা সামৰিক ব্যৱহাৰ লিখা।
উঃ - পাটসূতাৰ এটা সামৰিক ব্যৱহাৰ হ'ল যে প্ৰথম বিশ্বযুদ্ধ পৰ্যন্ত ইয়াক গুলী-অভেদ্য (Bullet proof) চোলা (vest) প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।
39. মহুৰা ফুৰা বুলিলে কি বুজা?
উঃ - লেটাৰ পৰা সূতা উলিওৱা প্ৰণালীক মহুৰা ফুৰা (realing of silk) বুলি কোৱা হয়।


Comments

  1. ভাল লাগিল।

    ReplyDelete
  2. ভাল লাগিল

    ReplyDelete
  3. বৰ ভাল লাগিছে।
    ধন্যবাদ আচাৰ্য।

    ReplyDelete

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী