Concept of Determiners

   


Determiner - নিৰ্ধাৰক

পূৰ্বজ্ঞান - 

*Determine এটা Verb. (Determine - Determined - Determined)Determine ৰ এটা অৰ্থ "নিৰ্ধাৰণ কৰ্"। সেই হিচাপে Determiner মানে নিৰ্ধাৰক।

যেনে -

I shall determine the price of the product.

মই বস্তুটোৰ মূল্য নিৰ্ধাৰণ কৰিম।

    Determiner বোৰ হ'ল এনে কিছুমান শব্ধ যি কোনো জীৱ, বস্তু আদি কিমান সংখ্যক, কিমান পৰিমাণ আদি আছে তাক দেখুৱাই বা নিৰ্ধাৰণ কৰে।

    উদাহৰণস্বৰূপে - There is a book on the table. এই বাক্যটোত 'a' শব্দটোৱে টেবুলৰ ওপৰত যে "এখন" কিতাপ আছে, সেইটো বুজাইছে। অৰ্থাত্ এখন কিতাপ থকা বুলি নিৰ্ধাৰণ কৰিছে। গতিকে, 'a' শব্দটো এটা Determiner.

    Determiner ৰ এটা ভাগ Article. Article মানে এক প্ৰকাৰে বস্তু। বস্তুবোৰ নিৰ্দিষ্ট (definite) আৰু অনিৰ্দিষ্ট (indefinite) এই দুই ধৰণৰ হ'ব পাৰে। অৰ্থাত্ Article দুই প্ৰকাৰৰ। Definite Article  (নিৰ্দিষ্ট বস্তু) আৰু Indefinite Article (অনিৰ্দিষ্ট বস্তু).

    কোনো বস্তুক নিৰ্দিষ্টকৈ (definetely) বুজাবলৈ the ব্যৱহাৰ কৰা হয়।

    যেনে - The book is on the table.

               কিতাপখন টেবুলৰ ওপৰত আছে।

    ইয়াত the শব্দটোৱে কিতাপখনক বিশেষকৈ (নিৰ্দিষ্টকৈ) বুজাইছে।

    Homework - The ব্যৱহাৰৰ বিভিন্ন নিয়মবোৰ লিখাঁ।

    কোনো বস্তুক নিৰ্দিষ্টকৈ (definetely) নুবুজালে অৰ্থাত্ অনিৰ্দিষ্টভাৱে বুজালে a আৰু an ব্যৱহাৰ কৰা হয়।

    যেনে - That is a book.

               সেইখন (এখন) কিতাপ।

    ইয়াত a শব্দটোৱে সাধাৰণভাৱে কিতাপ এখনৰ কথা কৈছে যদিও কিতাপখনক বিশেষকৈ (নিৰ্দিষ্টকৈ) দেখুওৱা নাই।

    a ব্যৱহাৰৰ নিয়ম - কোনো শব্দৰ প্ৰথম/আদি উচ্চাৰণটো consonant উচ্চাৰণ হ'লে শব্দটোৰ আগত a ব্যৱহাৰ কৰা হয়।

        যেনে -

1. a book. (বুক / ব্-উ-ক্, ব - B, B উচ্চাৰণটো Consonant উচ্চাৰণ। সেয়েহে ইয়াৰ আগত a ব্যৱহাৰ হৈছে।)

2. a pen. (পেন / প্ -এ-ন্, প - P, P উচ্চাৰণটো Consonant উচ্চাৰণ। সেয়েহে ইয়াৰ আগত a ব্যৱহাৰ হৈছে।)

3. a one rupee note. (ওৱান্ নহয় ৱান্ ৱ্ -আ-ন্,  - VV উচ্চাৰণটো Consonant উচ্চাৰণ। সেয়েহে ইয়াৰ আগত a ব্যৱহাৰ হৈছে।)

    an ব্যৱহাৰৰ নিয়ম - কোনো শব্দৰ প্ৰথম/আদি  (initial)উচ্চাৰণটো vowel উচ্চাৰণ হ'লে শব্দটোৰ আগত an ব্যৱহাৰ কৰা হয়।

        যেনে -

1. an elephant. (এ'ফেন্ট / এ'-ল্-ই-ফ্-(এ)ণ্ট, এ' - e, e উচ্চাৰণটো vowel উচ্চাৰণ। সেয়েহে ইয়াৰ আগত an ব্যৱহাৰ হৈছে।)

2. an honour. (অনৰ / অ-ন্(অ)-ৰ্, -উচ্চাৰণটো vowel উচ্চাৰণ। সেয়েহে ইয়াৰ আগত a ব্যৱহাৰ হৈছে।)

3. a RCC building. (আৰ্-চি-চি ৰ্-aar - aaaa উচ্চাৰণটো vowel উচ্চাৰণ। সেয়েহে ইয়াৰ আগত an ব্যৱহাৰ হৈছে।)

Practice -

1. It is _____ unanimous decision. (a / an / the)

Ans. a

Hintunanimous (অৰ্থ -সৰ্বসন্মত) এই শব্দটোৰ উচ্চাৰণটো  "ই-উ-নেন্-ই-ম্(আ)ছ্" নহয়, "য়ু-নেন্-ই-ম্(আ)ছ্" হে। ই ইংৰাজীৰ yu ধৰণৰ উচ্চাৰণেৰে আৰম্ভ হৈছে। গতিকে ইয়াৰ আগত a হে ব্যৱহাৰ কৰিব লাগিব। আনকেইটামান এনে উচ্চাৰণৰ উদাহৰণ হ'ল - union, unique, university, useful আদি।

    যেনে - 

2. This is _____ unique idea. (a / an / the)

Ans. a

3. I will give you _____ useful hint. (a / an / the)

Ans. a

4. This is  _____ unique idea. (a / an / the)

Ans. a

5. His brother is  _____ university student. (a / an / the)

Ans. a

5. He is  _____ honest man. (a / an / the)

Ans. an

6. He will come back within _____ hour. (a / an / the)

Ans. an

7. I gave _____  one rupee note to the beggar. (a / an / the)

Ans. a

Hint : ইয়াত one শব্দটোৰ প্ৰথম আখৰ o এটা vowel যদিও ইয়াৰ উচ্চাৰণ ওৱান নহয় ৱান (wan) হে। wa উচ্চাৰণটো এটা consonant উচ্চাৰণ হোৱা বাবে ইয়াৰ আগত হে ব্যৱহাৰ হ'ব।

8. This is _____  unique book on history. (a / an / the)

Ans. a

Hint : ইয়াত unique শব্দটোৰ প্ৰথম আখৰ u। ই এটা vowel. কিন্তু, ইয়াৰ আদি উচ্চাৰণ ইউনিক্ নহয়, য়ুনিক (yu-nique) হে। শব্দটো yu উচ্চাৰণেৰে আৰম্ভ হৈছে, যি এটা consonant sound। সেয়েহে ইয়াৰ আগত ব্যৱহাৰ হ'ব।

9. My brother is _____ NCC Cadet. (a / an / the)

Ans. a

Hint - NCC (ন্.চি.চি.) এই শব্দটোৰ আদি উচ্চাৰণটো  ""। "" উচ্চাৰণটো vowel উচ্চাৰণ। গতিকে ইয়াৰ আগত an ব্যৱহাৰ কৰিব লাগিব। এনে উচ্চাৰণৰ আনকেইটামান  উদাহৰণ হ'ল 

9. She  is _____ European. (a / an / the)

Ans. a

Hint : ইয়াত European শব্দটোৰ প্ৰথম আখৰ E। ই এটা vowel. কিন্তু, ইয়াৰ উচ্চাৰণ ইউৰুপীয়ান নহয়, য়ুৰুপীয়ান (yu-ropean) হে। শব্দটো yu উচ্চাৰণেৰে আৰম্ভ হৈছে, যি এটা consonant sound। সেয়েহে ইয়াৰ আগত ব্যৱহাৰ হ'ব।

   (আগলৈ ...)

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী