Concept of Determiners
Determiner - নিৰ্ধাৰক পূৰ্বজ্ঞান - * Determine এটা Verb . ( Determine - Determined - Determined) . Determine ৰ এটা অৰ্থ "নিৰ্ধাৰণ কৰ্"। সেই হিচাপে Determiner মানে নিৰ্ধাৰক। যেনে - I shall determine the price of the product. মই বস্তুটোৰ মূল্য নিৰ্ধাৰণ কৰিম। Determiner বোৰ হ'ল এনে কিছুমান শব্ধ যি কোনো জীৱ, বস্তু আদি কিমান সংখ্যক, কিমান পৰিমাণ আদি আছে তাক দেখুৱাই বা নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে - There is a book on the table. এই বাক্যটোত 'a' শব্দটোৱে টেবুলৰ ওপৰত যে "এখন" কিতাপ আছে, সেইটো বুজাইছে। অৰ্থাত্ এখন কিতাপ থকা বুলি নিৰ্ধাৰণ কৰিছে। গতিকে, 'a' শব্দটো এটা Determiner . Determiner ৰ এটা ভাগ Article . Article মানে এক প্ৰকাৰে বস্তু । বস্তুবোৰ নিৰ্দিষ্ট (definite) আৰু অনিৰ্দিষ্ট (indefinite) এই দুই ধৰণৰ হ'ব পাৰে। অৰ্থাত্ Article দুই প্ৰকাৰৰ। Definite Article (নিৰ্দিষ্ট বস্তু) ...