সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ, পঞ্চম শ্ৰেণী। (পৰিকল্পনা আৰু প্ৰস্তুতি - সত্যজিত্ শইকীয়া)

 পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 16

১. মেলেৰিয়া কি? এই ৰোগ কিহৰ দ্বাৰা বিয়পে?

উত্তৰ - মেলেৰিয়া এবিধ সংক্ৰামক ৰোগ। এই ৰোগ এন'ফিলিছ নামৰ এবিধ মাইকী মহৰ দ্বাাৰা বিয়পে।

২. সংক্ৰামক ৰোগ কাক বোলে?

উত্তৰ - যিবোৰ ৰোগ মহ, মাখি, আহাৰ, পানী, বতাহ, ৰোগীৰ লগত হোৱা সংস্পৰ্শ আদিৰ দ্বাৰা সহজে এজনৰ পৰা আনজনলৈ বিয়পে, তেনে ৰোগকে সংক্ৰামক ৰোগ বোলে।

৩. বীজাণুৰ দ্বাৰা সংক্ৰমিত হোৱা কেইবিধমান ৰোগৰ নাম লিখাঁ।

উত্তৰ - বীজাণুৰ দ্বাৰা সংক্ৰমিত হোৱা কেইবিধমান ৰোগৰ নাম হ'ল - কলেৰা, ডিছেন্ট্ৰী, মেলেৰিয়া আদি।

৪. মহৰ শৰীৰটো কেইটা আৰু কি কি ভাগত বিভক্ত?

উত্তৰ - মহৰ শৰীৰটো তিনিটা ভাগত বিভক্ত। সেইকেইটা হ'ল - মুৰ, বুকু আৰু উদৰ।

৫. মহৰ মূৰত থকা দীঘল নলীডালক কি বোলে?

উত্তৰ - মহৰ মূৰত থকা দীঘল নলীডালক শুং বোলে।

৬. মহে কিহৰ সহায়ত মানুহৰ শৰীৰৰ পৰা তেজ শুহি খায়?

উত্তৰ - মহে শুঙৰ সহায়ত মানুহৰ শৰীৰৰ পৰা তেজ শুহি খায়।

৭. মহৰ বুকুত __ যোৰ ঠেং আছে।

উত্তৰ - তিনি

৮. এজনী মাইকী মহে এবাৰত কিমান কণী পাৰিব পাৰে?

উত্তৰ - এজনী মাইকী মহে এবাৰত দুশৰ পৰা তিনিশ পৰ্যন্ত কণী পাৰিব পাৰে।

৯. এটা কণীৰ পৰা মহ হ'বলৈ কিমান সময় লাগে?

উত্তৰ - এটা কণীৰ পৰা মহ হ'বলৈ সাতৰ পৰা দহ দিন সময় লাগে।

১০. মহৰ জীৱনকাল কিমান?

উত্তৰ - মহৰ জীৱনকাল দুই সপ্তাহ।

১১. কোনবিধ মহৰ দ্বাৰা মেলেৰিয়া ৰোগ বিয়পে?

উত্তৰ - মাইকী এন'ফিলিছ মহৰ দ্বাৰা মেলেৰিয়া ৰোগ বিয়পে।

১২. মেলেৰিয়া ৰোগ কিদৰে বিয়পে?

উত্তৰ - যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এগৰাকী মেলেৰিয়া বেমাৰীৰ তেজ শোহে তেতিয়া বেমাৰী লোকজনৰ তেজৰ সৈতে বীজাণু মহটোৰ গালৈ আহে। সেইটো মহে আন এজন সুস্থ লোকক কামুৰিলে সেইজন লোকৰ শৰীৰলৈ সেই বীজাণু বিয়পে আৰু লোকজন মেলেৰিয়াত আক্ৰান্ত হৈ পৰে।

১৩. মাখিৰ শৰীৰটো কেইটা আৰু কি কি ভাগত বিভক্ত?

উত্তৰ - মাখিৰ শৰীৰটো তিনিটা ভাগত বিভক্ত। ভাগকেইটা হ'ল - মূৰ, বুকু আৰু উদৰ।

১৪. মাখিৰ বুকুত _______ যোৰ ঠেং আৰু  ______  পাখি আছে।

উত্তৰ - তিনি ;এযোৰ

১৫. মাখিয়ে এবাৰত কিমান কণী পাৰে?

উত্তৰ - মাখিয়ে এবাৰ এশ বিশৰ পৰা এশ পঞ্চাশটা কণী পাৰে।

১৬. মাখিৰ জীৱনকাল কিমান?

উত্তৰ - মাখিৰ জীৱনকাল দুই সপ্তাহ।

১৭. মাখিৰ দ্বাৰা কেনেকৈ ৰোগ বিয়পে?

উত্তৰ - যেতিয়া মাখি জাবৰ, বিষ্ঠা আদিৰ ওপৰত পৰে, তেতিয়া মাখিটোৰ ঠেং আৰু শৰীৰত জাবৰ, বিষ্ঠা আদিৰ পৰা বীজাণু লাগি আহে। সেই মাখিটো খোৱা বস্তুৰ ওপৰত পৰিলে তাৰ গাত লাগি অহা বীজাণু খোৱা বস্তুলৈ যায়, আৰু সেই বস্তু সুস্থ লোকে খালে তেওঁৰ শৰীৰলৈ সেই বীজাণু বিয়পে আৰু লোকজনক বেমাৰী কৰি তোলে।

১৮. মাখিৰ দ্বাৰা বিয়পা তিনিবিধ ৰোগৰ নাম লিখাঁ।

উত্তৰ - মাখিৰ দ্বাৰা বিয়পা তিনিবিধ ৰোগৰ নাম হ'ল - কলেৰা, টাইফ'য়ড আৰু ডায়েৰিয়া।

১৯. কলেৰা ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ উপায় লিখাঁ।

উত্তৰ - দূষিত পানী আৰু খাদ্যৰ বাব কলেৰা ৰোগ হয়। কলেৰা ৰোগ হ'লে ৰোগীৰ বমি আৰু সঘনাই ঢিলা পায়খানা হয়। বিশুদ্ধ পানী আৰু অ'.আৰ.এছ. ব্যৱহাৰ কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

২০. টাইফয়ড ৰোগৰ কাৰণ, লক্ষণ আু প্ৰতিৰোধৰ উপায় লিখাঁ।

উত্তৰ - দূষিত পানী আৰু খাদ্যৰ বাব টাইফ'য়ড ৰোগ হয়।

    এই ৰোগৰ লক্ষণবোৰ হ'ল -

    (ক) অতিমাত্ৰ জ্বৰ হয়।

    (খ) আবেলি জ্বৰ বেছিকৈ উঠে।

    ছিটা ব্যৱহাৰ কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

২০. জণ্ডিছ ৰোগৰ কাৰণ, লক্ষণ আু প্ৰতিৰোধৰ উপায় লিখাঁ।

উত্তৰ - দূষিত পানী আৰু খাদ্যৰ বাবে জণ্ডিছ ৰোগ হয়।

    এই ৰোগৰ লক্ষণবোৰ হ'ল -

    (ক) নখ, চকু আৰু ছাল হালধীয়া হয়।

    (খ) প্ৰস্ৰাৱ হালধীয়া হয়।

    (গ) ভোক নলগা হয়।

    (ঘ) সামান্য জ্বৰ হয়।

    জণ্ডিছ ৰোগ প্ৰতিৰোধৰ উপায়বোৰ হ'ল -

       (ক) বিশুদ্ধ পানী আৰু খাদ্য ব্যৱহাৰ কৰা।

        (খ) ছিটা ব্যৱহাৰ কৰা।

২১. ডিছেন্ট্ৰী ৰোগৰ কাৰণ, লক্ষণ আু প্ৰতিৰোধৰ উপায় লিখাঁ।

উত্তৰ - দূষিত পানী আৰু খাদ্যৰ বাবে জণ্ডিছ ৰোগ হয়।

এই ৰোগৰ লক্ষণবোৰ হ'ল -

    (ক) শৌচৰৰ লগত তেজ আৰু শাওঁ পৰা।

    (খ) পেটৰ বিষ হোৱা।

    (গ) সঘনাই শৌচ লগা।

বিশুদ্ধ পানী আৰু খাদ্য ব্যৱহাৰ কৰি এই ৰোগৰ প্ৰতিকাৰ কৰিব পাৰি।

২২. বেমাৰৰ পৰা নিজকে ৰক্ষা কৰি ৰখাৰ কেইটামান উপায় লিখাঁ।

উত্তৰ - বেমাৰৰ পৰা নিজকে ৰক্ষা কৰি ৰখাৰ কেইটামান উপায় হ'ল -

    (ক) দূষিত খাদ্য খাব নালাগে।

    (খ) ৰন্ধন কৰা খাদ্যবস্তু উপযুক্ত ঢাকনিৰে ঢাকি ৰাখিব লাগে।

    (গ) দূষিত পানী খাব নালাগে।

    (ঘ) পেলনীয়া সামগ্ৰী সুৰক্ষিত স্থানত ৰাখিব লাগে।

    (ঙ) পানীৰ উত্স যাতে দূষিত নহয় তাৰ বাবে ইয়াৰ কাষত জাবৰ-জোথৰ ৰাখিব নালাগে বা কাপোৰ-কানি ধুব নালাগে।

    (চ) খোৱাৰ আগত হাত সদায় পৰিষ্কাৰকৈ ধুহ লাগে।

    (ছ) সময়ে সময়ে নখ কাটি পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিব লাগে।

    (জ) ঘৰৰ বাহিৰলৈ পিন্ধি যোৱা জোতা, চেণ্ডল আদি ঘৰৰ ভিতৰলৈ আনিব নালাগে।

    (ঝ) আমি কাহ আৰু হাঁচি আহোঁতে আমাৰ মুখ ঢাকি ৰাখিব লাগে। এনে কৰিলে আমাৰ মুখৰ বীজাণু বতাহত বিয়পিব নোৱাৰে।

    (ঞ) সংক্ৰামক ৰোগত আক্ৰান্ত ব্যক্তয়ে য'তে ত'তে কেতিয়াও থু-খেকাৰ পেলাব নালাগে।

    (ট) কোনো ৰোগীয়ে ব্যৱহাৰ কৰা ৰুমাল, গামোচা, বিছনা চাদৰ আদি সুস্থ লোকে ব্যৱহাৰ কৰিব নালাগে।

২৩. কলেৰা আৰু ডিছেন্ট্ৰী ৰোগত আক্ৰান্ত ৰোগীক কিয় সঘনাই অ'আৰ এছ খুৱাই থাকিব লাগে।

উত্তৰ - কলেৰা আৰু ডিছেন্ট্ৰী ৰোগত আক্ৰান্ত ৰোগীৰ যথেষ্ট পৰিমাণে বমি আৰু পনীয়া শৌচ হোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি আহে। এই হ্ৰাস পোৱা পানী ৰোগীৰ শৰীৰত যোগাবৰ বাবে সঘনাই অ'আৰ এছ খুৱাই থাকিব লাগে।

২৪. আমি ঘৰতে কিদৰে সহজে অ'আৰ এছ প্ৰস্তুত কৰিব পাৰোঁ?

উত্তৰ - আমি এক লিটাৰ বিশুদ্ধ পানী উতলাই চেঁচা কৰি তাত এচামুচ নিমখ, চাৰি চামুচ চেনি আৰু কেইটোপালমান নেমু টেঙাৰ ৰস দি ঘৰতে সহজে অ'আৰ এছ প্ৰস্তুত কৰিব পাৰোঁ।

২৫. বায়ু বা বতাহৰ দ্বাৰা কিদৰে বেমাৰ বিয়পে?

উত্তৰ - যেতিয়া কোনো লোক কাহ, হাঁচি আদিত আক্ৰান্ত হয়, তেতিয়া তেওঁৰ মুখ আৰু নাকৰ পৰা ওলোৱা বীজাণু বায়ুৰ লগত মিহলি হয়। এনে বীজাণু থকা বায়ু কোনো সুস্থলোকে উশাহত গ্ৰহণ কৰিলে সুস্থ লোকজনো সেই বেমাৰত আক্ৰান্ত হ'ব পাৰে।

২৬. বায়ু বা বতাহৰ দ্বাৰা বিয়পা কেইবিধমান ৰোগৰ নাম লিখাঁ।

উত্তৰ - বায়ু বা বতাহৰ দ্বাৰা বিয়পা কেইবিধমান ৰোগৰ নাম হ'ল - পানী লগা, সৰু আই, হুপিং কাহ, ৰঙা ফোঁহা, যক্ষ্মা, ঘোঁৰা শলখা আদি।

২৭. ৰঙা ফোঁহা ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰৰ উপায় লিখাঁ।

উত্তৰ - ৰঙা ফোঁহা ৰোগৰ লক্ষণবোৰ হ'ল -

        (ক) নাকেৰে পানী ওলোৱা আৰু কাহ হোৱা।

        (খ) শৰীৰত ৰঙা ফোঁহা ওলোৱা।

        (গ) জ্বৰ হোৱা।

    ছিটা লৈ এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

২৮. যক্ষ্ম ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰৰ উপায় লিখাঁ।

উত্তৰ - যক্ষ্ম  ৰোগৰ লক্ষণবোৰ হ'ল -

        (ক) শৰীৰৰ ওজন কমা।

        (খ) ভোক নলগা।

        (গ) সামান্য জ্বৰ হোৱা। আৰু

        (ঘ) থু-খেকাৰত তোজ যোৱা।

    ছিটা লৈ এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

২৯. ডিপথেৰিয়া বা ঘোঁৰা শলখা ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰৰ উপায় লিখাঁ।

উত্তৰ - ডিপথেৰিয়া বা ঘোঁৰা শলখা  ৰোগৰ লক্ষণবোৰ হ'ল -

        (ক) জ্বৰ হোৱা।

        (খ) ডিঙি খজুওৱা আৰু ওখহা। আৰু

        (গ) উশাহ-নিশাহত কষ্ট হোৱা।

    ছিটা লৈ এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

৩০. হুপিং কাহ ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰৰ উপায় লিখাঁ।

উত্তৰ - হুপিং কাহ ৰোগৰ লক্ষণবোৰ হ'ল -

        (ক) সঘনাই শুকান কাহ অহা।

        (ক) কাহ মাৰোঁতে মুখ ৰঙা হোৱা।

        (খ) চকু চলচলীয়া হোৱা আৰু

        (গ) সামান্য জ্বৰ হোৱা।

    ছিটা লৈ এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

Comments

Popular posts from this blog

"Kamala" by Vijay Tendulkar

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি