বিভিন্ন পৰিৱেশৰ প্ৰাণী, ৭ম অধ্যায়, পঞ্চম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বেলতলা। (সত্যজিত্ শইকীয়া)

     পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 71  

    প্ৰ.1 পৰিৱেশ কাক বোলে?

    উঃ   আমি আৰু আমাৰ চাৰিওফালৰ মাটি, পানী, বায়ু, গছ-গছনি, চৰাই-চিৰিকটি আদিবোৰক একেলগে পৰিৱেশ বোলে।

    প্ৰ.2 মৰুভূমিৰ উদ্ভিদৰ গাত অসংখ্য _______ থাকে।

    উঃ  কাঁইট

    প্ৰ.3 মৰুভূমিৰ প্ৰাণী উটৰ পিঠিত থকা কুঁজটোৱে ইয়াক কেনেদৰে সহায় কৰে?

    উঃ  মৰুভূমিৰ প্ৰাণী উটৰ পিঠিৰ কুঁজটোত ইহঁতে বহু পৰিমাণে চৰ্বী আৰু পানী জমা কৰি ৰাখিব পাৰে। ফলত মৰুভূমিত বহুদিনলৈ খাদ্য আৰু পানীৰ অভাৱ হলেও ইহঁতে শৰীৰৰত জমা হৈ থকা চৰ্বী আৰু পানীৰে বহুদিনলৈ চলিব পাৰে।

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 72

    1. কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অৱস্থাত পাওঁ?

     উত্তৰ – পৃথিৱীৰ বিভিন্ন প্ৰকাৰৰ জীৱসমূহৰ সৃষ্টিত জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তনৰ বিশেষ প্ৰভাৱ আছে। বিশেষ বিশেষ জলবায়ুৰ লগত খাপ খাব পৰাকৈ জীৱসমূহৰ দেহ বিশেষ বিশেষ আৰ্হিৰে গঠিত হৈছে। জীৱসমূহে অকস্মাতে নতুন পৰিৱেশৰ সন্মুখীন হলে জীয়াই থাকিব নোৱাৰে বা জীয়াই থকাত কষ্ট হ'ব পাৰে। সেয়েহে আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অৱস্থাত পাওঁ

    উদাহৰণস্বৰূপে বৰফাবৃত মেৰু অঞ্চলত ঠাণ্ডা সহিব পৰাকৈ বগা ভালুকৰ দেহত ডাঠ দুইতৰপীয়া নোম থকাৰ লগতে শৰীৰৰ তাপ বাহিৰলৈ ওলাই নাযাবৰ বাবে সিহঁতৰ ছালৰ তলত চৰ্বীৰ এটা তৰপো থাকে। দেহৰ এনে বিশেষ গঠন মেৰু অঞ্চলৰ দৰে শীতল জলবায়ুৰ বাবেহে উপযুক্ত, মৰুভুমিৰ দৰে গৰম জলবায়ুৰ বাবে নহয়।


Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

তাপৰ ধাৰণা, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিৎ শইকীয়া)।