সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ, পঞ্চম শ্ৰেণী।

1. মেলেৰিয়া কি?
উত্তৰ - মেলেৰিয়া এবিধ সংক্ৰামক ৰোগ।
2. মেলেৰিয়া ৰোগ কিহৰ দ্বাৰা বিয়পে?
উত্তৰ - মেলেৰিয়া ৰোগ এন'ফিলিছ নামৰ এবিধ মাইকী মহৰ দ্বাৰা বিয়পে।
3. সংক্ৰামক ৰোগ কাক বোলে?
উত্তৰ - যিবোৰ ৰোগ এজনৰ পৰা‌ আন এজনলৈ বিয়পিব পাৰে, তেনেবোৰ ৰোগকে সংক্ৰামক ৰোগ বোলে।

বা কিছুমান ৰোগ আছে যিবোৰ সহজে এজনৰ পৰা আন এজনলৈ বিয়পে। এনে ৰোগত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শত থাকিলে সুস্থ ব্যক্তিও সেই ৰোগত ভুগিব পাৰে। এনেবোৰ ৰোগক সংক্ৰামক ৰোগ বোলে।

4. বীজাণুৰ দ্বাৰা বিয়পিব পৰা কেইবিধমান ৰোগৰ নাম লিখাঁ।

উত্তৰ - বীজাণুৰ দ্বাৰা বিয়পিব পৰা কেইবিধমান ৰোগৰ নাম হ'ল - কলেৰা, ডিছেন্ট্ৰী, মেলেৰিয়া, যক্ষ্মা আদি।

4. মহৰ শৰীৰটো কেইটা আৰু কি কি ভাগত ভাগ কৰিব পাৰি?
উত্তৰ - মহৰ শৰীৰটো তিনিটা ভাগত ভাগ কৰিব পাৰি।
 ভাগকেইটা হ'ল - মূৰ, বুকু আৰু উদৰ।
5. মহৰ মূৰত থকা দীঘল নলীডালক কি বোলে?
উত্তৰ - শুং বোলে।
6. মহৰ বুকুত কেইযোৰ ঠেং থাকে?
উত্তৰ - তিনিযোৰ
7. মহে উৰোতে কিহৰ দ্বাৰা গুণগুণ শব্দ কৰে?
উত্তৰ - মহে উৰোতে বতাহত পাখি দুখন লাগি গুণগুণ শব্দ হয়।
8. কণীৰ পৰা মহ হ'বলৈ কিমান সময় লাগে?
উত্তৰ - কণীৰ পৰা মহ হ'বলৈ সাতৰ পৰা দহদিন সময় লাগে।
9. মহৰ জীৱনকাল কিমান?
উত্তৰ - দুই সপ্তাহ।
10. মহৰ দ্বাৰা কেনেকৈ মেলেৰিয়া ৰোগ বিয়পে?
উত্তৰ - যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এগৰাকী মেলেৰিয়া বেমাৰীৰ তেজ শােহে, তেতিয়া মেলেৰিয়া  বীজাণু বেমাৰী লােকজনৰ তেজৰ সৈতে  মহটোৰ গালৈ আহে। সেইটো মহে আন এজন সুস্হলােকক কামুৰিলে সেইজন লােকৰ শৰীৰলৈ সেই বীজাণু বিয়পে আৰু লােকজন মেলেৰিয়াত
আক্রান্ত হৈ পৰে। এনেকৈয়ে মহৰ দ্বাৰা মেলেৰিয়া ৰোগ বিয়পে।
11. মাখিৰ শৰীৰটো কেইটা আৰু কি কি ভাগত ভাগ কৰিব পাৰি?
উত্তৰ - মাখিৰ শৰীৰটো তিনিটা ভাগত ভাগ কৰিব পাৰি।
- মূৰ, বুকু আৰু উদৰ।
12. মাখিৰ বুকুত কেইযোৰ ঠেং আছে?
উত্তৰ - মাখিৰ বুকুত তিনিযোৰ ঠেং আছে।
13. মাখিয়ে এবাৰত কিমান কণী পাৰিব পাৰে?
উত্তৰ - এশ বিশৰ পৰা এশ পঞ্চাশটা।
14. মাখিৰ জীৱনকাল কিমান?
উত্তৰ - দুই সপ্তাহ।
15. মাখিৰ দ্বাৰা কেনেকৈ ৰোগ বিয়পে?
উত্তৰ - যেতিয়া এটা মাখি জাবৰ বা বিষ্ঠাৰ ওপৰত পৰে, তেতিয়া মাখিটোৰ ঠেং আৰু শৰীৰত
জাবৰ, বিষ্ঠা আদিৰ পৰা বীজাণু লাগি আহে। সেই মাখিটো খােৱা বস্তুৰ ওপৰত পৰিলে তাৰ গাত
লাগি অহা বীজাণু খােবা বস্তুলৈ যায় আৰু সেই বস্তু সুস্থ লােকে খালে তেওঁৰ শৰীৰলৈ সেই বীজাণু বিয়পে আৰু লােকজনক বেমাৰী কৰি তােলে। এনেদৰে মাখিৰ দ্বাৰা ৰোগ বিয়পে।
16. মাখিৰ দ্বাৰা বিয়পিব পৰা তিনিবিধ ৰোগৰ নাম লিখা।
উত্তৰ - মাখিৰ দ্বাৰা বিয়পিব পৰা তিনিবিধ ৰোগৰ নাম হ'ল - কলেৰা, টাইফ'য়ড আৰু ডায়েৰিয়া
17. দূষিত পানী আৰু খাদ্যৰ পৰা হোৱা চাৰিবিধ ৰোগৰ নাম লিখা।
উত্তৰ - দূষিত পানী আৰু খাদ্যৰ পৰা হোৱা চাৰিবিধ ৰোগৰ নাম হ'ল - কলেৰা, ডিছেন্ট্ৰী, টাইফ'য়েড আৰু জণ্ডিছ।
18. কলেৰা ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ উপায় লিখা।
উত্তৰ - কলেৰা ৰোগৰ কাৰণ হ'ল দূষিত পানী আৰু খাদ্য গ্ৰহণ কৰা। এই ৰোগত বমি আৰু সঘনাই পায়খানা হয়। বিশুদ্ধ পানী আৰু অ'আৰ এছ ব্যৱহাৰ কৰি ইয়াৰ প্ৰতিৰোধ কৰিব পাৰি।
192021

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী