প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী


প্ৰাণীৰ পৰিপুষ্টি,

সপ্তম শ্ৰেণী

1. প্ৰাণীয়ে উদ্ভিদৰ পৰা কেইপ্ৰকাৰে খাদ্য গ্ৰহণ কৰে আৰু কি কি?
উত্তৰ - প্ৰাণীয়ে উদ্ভিদৰ পৰা দুই প্ৰকাৰে খাদ্য গ্ৰহণ কৰে।
(ক) প্ৰত্যক্ষভাৱে (উদ্ভিদ খাই)। আৰু
(খ) পৰোক্ষভাৱে (উদ্ভিদ খোৱা প্ৰাণীৰ মাংস খাই)।
2. শৰীৰত খাদ্যৰ তিনিটা প্ৰয়োজনীয়তা লিখাঁ।
উত্তৰ - শৰীৰত খাদ্যৰ তিনিটা প্ৰয়োজনীয়তা হ'ল -
   (ক) ই শৰীৰত শক্তিৰ যোগান ধৰে।
   (খ) ই দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। আৰু
   (গ) ই শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে।
3. হ'ল'জইক পদ্ধতি কি?
উত্তৰ - প্ৰাণীয়ে কঠিন জৈৱ পদাৰ্থ খাদ্য হিচাপে গ্ৰহণ কৰা পদ্ধতিক হ'ল'জইক পদ্ধতি বোলে।
4. ফুলৰ মৌ চুহি খোৱা দুবিধ প্ৰাণীৰ নাম লিখা।
উত্তৰ - ফুলৰ মৌ চুহি খোৱা দুবিধ প্ৰাণীৰ নাম হ'ল মৌ-মাখি আৰু হামিং বাৰ্ড।
5. এমিবাই কিহৰ দ্বাৰা ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱ খাদ্য হিচাপে আৱৰি ধৰে?
উত্তৰ - কূটপদৰ দ্বাৰা।
6. হাইড্ৰাই কিহৰ দ্বাৰা খাদ্য গ্ৰহণ কৰে?
উত্তৰ - টেন্টাকুলৰ দ্বাৰা।
7. এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালী চিত্ৰৰে উপস্থাপন কৰা।
উত্তৰ -
8. হাইড্ৰাৰ খাদ্য গ্ৰহণ প্ৰণালী চিত্ৰৰে উপস্থাপন কৰা।
উত্তৰ -
9. ভেকুলীয়ে কিদৰে খাদ্য সংগ্ৰহ কৰে?
উত্তৰ - ভেকুলীয়ে পোক-পতংগ আদি দেখা পালে আঠাযুক্ত দীঘল জিভাখন বাহিৰলৈ উলিয়াই দি খাদ্য সংগ্ৰহ কৰে।
10. খালী ঠাই পূৰ কৰা।
(ক) প্ৰ'টিনৰ সৰল এককসমূহ _____।
উত্তৰ - এমিন'এচিড।
(খ) ফেটি এচিড বা স্নেহ এচিড ______ ৰ এবিধ সৰল একক।
উত্তৰ - স্নেহ পদাৰ্থ
(গ) স্নেহ পদাৰ্থৰ সৰল একক _____ আৰু _____।
উত্তৰ - ফেটি এচিড বা স্নেহ এচিড; গ্লিচাৰল।
(ঘ) কাৰ্বহাইড্ৰেটৰ সৰল এককসমূহক ______ বুলি কোৱা হয়।
11. চেলুলজ কি?
উত্তৰ - চেলুলজ হ'ল উদ্ভিদ কোষৰ কোষবেৰত থকা এবিধ কাৰ্বহাইড্ৰেট।
12. লালটি কি?
উত্তৰ - লালটি হ'ল লালটি গ্ৰন্থিৰ পৰা উৎপাদিত এবিধ ৰস।
13. লালটিত থকা এনজাইমবিধৰ নাম কি?
উত্তৰ - টায়ালিন।
14. খাদ্য-ভেকুঅ'ল কি?
উত্তৰ - খাদ্য-ভেকুঅ'ল হ'ল এককোষী প্ৰাণীৰ দেহত থকা কিছুমান খালী ঠাই য'ত পাচনৰ বিভিন্ন অৱস্থাত থকা খাদ্য আৰু পাচন নোহোৱা খাদ্য পদাৰ্থ সোমাই থাকে।
15. পিত্তস্থলী কি?
উত্তৰ - যকৃতৰ তলফালে থকা পেশীযুক্ত মোনাকে পিত্তস্থলী বুলি কোৱা হয়।
16. পিত্তস্থলীত সঞ্চিত হৈ থকা ৰসবিধৰ নাম কি?
উত্তৰ - পিত্তৰস।
17. পিত্তৰস কি?
উত্তৰ - পিত্তৰস হ'ল যকৃতৰ পৰা উৎপন্ন হোৱা ঈষৎ-সেউজীয়া ৰস যি পিত্তস্থলীত সঞ্চিত হৈ থাকে।
18. মানুহৰ পাচন তন্ত্ৰ কিহেৰ গঠিত?
উত্তৰ - মানুহৰ পাচন তন্ত্ৰ (ক) পৌষ্টিক নলী আৰু (খ) পাচক গ্ৰন্থিসমূহেৰে গঠিত।
19. মানুহৰ পৌষ্টিক নলীডাল কি কি ভাগত ভগাব পাৰি?
উত্তৰ - মানুহৰ পৌষ্টিক নলীডাল মুখগহ্বৰ, গ্ৰসনী, ইছ'ফেগাছ বা গ্ৰাসিকা, পাকস্থলী, ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰ এই ভাগসমূহত ভগাব পাৰি।
20. দুগ্ধদন্ত বা গাখীৰ দাঁত কাক বোলে?
উত্তৰ - মানুহৰ দাঁত এবাৰ গজি সৰি যায়। এইবোৰ দাঁতক দুগ্ধদন্ত বা গাখীৰ দাঁত বোলে।
21. স্থায়ী দাঁত কাক বোলে?
উত্তৰ - মানুহৰ দুগ্ধদন্ত বা গাখীৰ দাঁত এবাৰ সৰি পিছত আকৌ গজা দাঁতক স্হায়ী দাঁত বোলে।
22. মানুহৰ দাঁতৰ‌ সংখ্যা ৩২টা।
উত্তৰ - মানুহৰ দাঁতৰ‌ সংখ্যা কিমান?
23. জিভাত থকা _______ খাদ্যৰ বিভিন্ন স্বাদ লোৱাত সহায় কৰে।
উত্তৰ - স্বাদমুকুলে
24. দন্তক্ষয় কি?
উত্তৰ - মুখৰ ভিতৰত বেক্টেৰিয়াই সৃষ্টি কৰা অম্ল বা এচিডৰ ক্ৰিয়াৰ বাবে দাঁতৰ ক্ষয় হোৱাকে দন্তক্ষয় বুলি কোৱা হয়।
25. দাঁতৰ সুস্হতাৰ বাবে কেনে খাদ্য খাব বেছিকৈ লাগে?
উত্তৰ - দাঁতৰ সুস্হতাৰ বাবে কেলছিয়াম আৰু ফছফৰাছ থকা খাদ্য বেছিকৈ খাব লাগে।
26. খালী ঠাই পূৰ কৰা।
(ক) মুখগহ্বৰৰ পিছৰ অংশক ______ বোলে।
উত্তৰ - গ্ৰসনী
(খ) গ্ৰসনী _______ আৰু _______ ৰ উমৈহতীয়া অ‍ংশ।
উত্তৰ - খাদ্যনলী; শ্বাসনলী।
27. গ্লটিছ (glottis) কি?
উত্তৰ - গ্লটিছ হ'ল খাদ্যনলীৰ গ্ৰসনী অংশত থকা বায়ু যোৱা বাত।
28. পাকস্থলীৰ প্ৰথম, মধ্য আৰু নিম্নাংশৰ নাম কি?
উত্তৰ - পাকস্থলীৰ প্ৰথম অংশক 'ফাণ্ডাছ', মধ্যাংশক হৃৎপাকস্থলী আৰু নিম্নাংশক পাইলৰিক বোলে।
29. আমি খোৱা খাদ্য ______ নামৰ গতিৰে খাদ্যনলীৰ মাজেৰে গতি কৰে।
উত্তৰ - পেৰিষ্টেলছিছ।
30. ক্ষুদ্ৰান্ত কাক বোলে?
উত্তৰ - পাকস্থলীৰ পিছৰ অকোৱা-পকোৱা দীঘল নলীডালক ক্ষুদ্রান্ত্র বােলে।
31. ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য কিমান?
উত্তৰ - ৭.৫ মিটাৰ।
32. ক্ষুদ্ৰান্তৰ প্রথম অংশক কি বোলে? ইয়াৰ আকৃতি কেনেকুৱা?
উত্তৰ - ডুৱ'ডেনাম (duodenum)। ইয়াৰ আকৃতি ওভতা 'U' আখৰটোৰ দৰে।
33. ডুৱ ডেনামৰ
পিছৰ ভাগৰ প্রথম আৰু দ্বিতীয় অংশক অংশক কি বােলে?
উত্তৰ - ডুৱ ডেনামৰ
পিছৰ ভাগৰ প্রথম অংশক জেজুনাম (jejunum) আৰু দ্বিতীয় অংশক ইলিয়াম বােলে।
34. বৃহদান্ত্ৰ কাক বোলে?
উত্তৰ - ক্ষুদ্রান্ত্রৰ পিছৰ ১.৫ মিটাৰ দৈর্ঘ্যৰ ক্ষুদ্রান্ততকৈ বহল নলীডালক বৃহদান্ত্র বােলে।
35. বৃহদান্ত্রৰ প্রথম অংশক কি বোলে?
উত্তৰ - বৃহদান্ত্রৰ প্রথম অংশক ক'ল'ন বোলে।
36. বৃহদান্ত্রৰ দ্বিতীয় অংশক কি বোলে?
উত্তৰ - বৃহদান্ত্রৰ দ্বিতীয় অংশক মলভাণ্ড বোলে।
37. মলভাণ্ডটো ______ ৰে বাহিৰলৈ মুকলি হৈছে।
উত্তৰ - পায়ুছিদ্ৰৰে
38. মুখগহ্বৰৰ বেৰত থকা পাচক গ্ৰন্থীটোৰ নাম কি?
উত্তৰ  - লালটি গ্রন্থি।
39. পাকস্থলীৰ বেৰত থকা পাচক গ্ৰন্থীটোৰ নাম কি?
উত্তৰ - আমাশয় বা পাকস্থলী গ্রন্থি (Gastric Glands)।
40. ক্ষুদ্রান্ত্রৰ বেৰত ______ গ্রন্থি (Intestinal Glands) থাকে। উত্তৰ - আন্ত্ৰিক।
41. ক্ষুদ্রান্ত্রৰ লগত বাহিৰৰ পৰা সংযােজিত
হৈ থকা গ্ৰন্থি দুটা কি কি?
উত্তৰ - যকৃত (Liver) আৰু অগ্ন্যাশয় (Pancreas)।
42. উৎসেচক বা এনজাইম (Enzyme) ৰ কাম কি?
উত্তৰ -  উৎসেচক বা এনজাইম (Enzyme) ৰ কাম হ'ল খাদ্যৰ জটিল অণুবােৰ ভাঙি
সৰল অণুলৈ ৰূপান্তৰ কৰা।
43. খাদ্যৰ প্ৰধান উপাদান কেইটা আৰু কি কি?

উত্তৰ - খাদ্যৰ প্ৰধান উপাদান ৬ টা। সেইকেইটা হ'ল - কাৰ্ব'হাইড্ৰেট, প্ৰ'টিন, স্নেহ পদাৰ্থ, খনিজ লৱণ, ভিটামিন আৰু পানী।

44. খাদ্যৰ কোনবিধ উপাদানে দেহৰ গঠন আৰু মেৰামতিত সহায় কৰে?

উত্তৰ - প্ৰ'টিনে দেহৰ গঠন আৰু মেৰামতিত সহায় কৰে।

45. খাদ্যৰ কি কি উপাদানৰ পৰা আমি শক্তি লাভ কৰোঁ?

উত্তৰ - খাদ্যৰ কাৰ্ব'হাইড্ৰেট আৰু স্নেহ পদাৰ্থৰ পৰা আমি শক্তি লাভ কৰোঁ।

46. খাদ্যৰ কোনকেইবিধ উপাদানে আমাৰ শৰীৰক বেমাৰ আজাৰ নোহোৱাকৈ ৰখাত সহায় কৰে?

উত্তৰ - আমি খোৱা খাদ্যৰ  খনিজ লৱণ, ভিটামিন আৰু পানীয়ে আমাৰ শৰীৰক বেমাৰ আজাৰ নোহোৱাকৈ ৰখাত সহায় কৰে।

47. খাদ্যৰ জটিল উপাদান তিনিবিধ কি কি?

উত্তৰ - খাদ্যৰ জটিল উপাদান তিনিবিধ হ'ল - কাৰ্ব'হাইড্ৰেট, প্ৰ'টিন আৰু স্নেহ পদাৰ্থ।

47. খাদ্যৰ সৰল উপাদান তিনিবিধ কি কি?

উত্তৰ - খাদ্যৰ সৰল উপাদান তিনিবিধ হ'ল - খনিজ লৱণ, ভিটামিন আৰু পানী।

48. খাদ্যৰ পাচন কাক বোলে?

উত্তৰ - যি প্ৰিক্ৰয়াৰ দ্বাৰা দেহত খাদ্যৰ জটিল উপাদানবোৰ ভাগি সৰল অণুলৈ ৰূপান্তৰ হয়, তাকে পাচন বোলে।

49. লালটিত থকা উত্সেচকবিধৰ নাম আৰু কাম লিখাঁ।

উত্তৰ - লালটিত থকা উত্সেচকবিধৰ নাম হ'ল টয়ালিন। ই কাৰ্ব'হাইড্ৰেটক পাচন ঘটাই কিছু সৰল মল্ট'জলৈ পৰিণত কৰে।

50.  পাকস্থলীৰ বেৰত থকা গ্ৰন্থীবিধৰ নাম কি?

উত্তৰ - পাকস্থলী গ্ৰন্থী

51. পাকস্থলী গ্ৰন্থীয়ে ক্ষৰণ কৰা ৰসবিধৰ নাম কি?

উত্তৰ - পাকস্থলী ৰস

52. পাকস্থলী ৰসত থকা বিভিন্ন দ্ৰব্যবোৰ কি কি?

উত্তৰ - পাকস্থলী ৰসত থকা বিভিন্ন দ্ৰব্যবোৰ হ'ল - হাইড্ৰ'ক্লৰিক এছিড (HCl), শ্লেশ্মা, পেপছিন (Pepsin) আৰু ৰেনিন (Renin)।

53. শ্লেষ্মাৰ কাম কি?

উত্তৰ - শ্লেষ্মাৰ কাম হ'ল পাকস্থলীৰ ভিতৰৰ বেৰখনক এচিডৰ পৰা ৰক্ষা  কৰা।

54. হাইড্ৰ'ক্লৰিক এচিডৰ কাম কি?

উত্তৰ - হাইড্ৰ'ক্লৰিক এচিডৰ কাম হ'ল -

    (ক)  খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰা। আৰু

    (খ) মুখৰ পৰা অহা খাদ্য  আম্লিক কৰি তোলা, যাতে পেপছিন আৰু ৰেনিনে  প্ৰ'টিন ভাগক ভাঙি কিছু সৰল  পেপটোনত পৰিণত কৰিব পাৰে ।

55. ৰেনিনৰ কাম কি?

উত্তৰ - ৰেনিনৰ কাম হ'ল গাখীৰক দৈত পৰিণত কৰা।

56. কাইম কি?

উত্তৰ - পাকস্থলীত থকা অৰ্দ্ধপাচিত আম্লিক খাদ্যক কাইম বোলে ।

57. মুখত কাৰ্ব'হাইড্ৰেটৰ শৰ্কৰা ভাগি কিহলৈ পৰিণত হয়?

উত্তৰ - মুখত কাৰ্ব'হাইড্ৰেটৰ শৰ্কৰা ভাগি মল্ট'জলৈ পৰিণত হয়।

58. পাকস্থলীত খাদ্যৰ প্ৰধানকৈ কোন অংশৰ পাচন হয়?

উত্তৰ - পাকস্থলীত খাদ্যৰ প্ৰধানকৈ প্ৰ'টিন অংশৰ পাচন হয়।

59. ডুৱডেনামৰ লগত সংযুক্ত হৈ থকা নলী দুবিধ কি কি?

উত্তৰ - ডুৱডেনামৰ লগত সংযুক্ত হৈ থকা নলী দুবিধ হ'ল - িপত্তবাহী নলী আৰু অগ্ন্যাশয় নলী।

59. ডুৱডেনামৰ ভিতৰৰ আৱৰণত থকা গ্ৰন্থীবিধৰ নাম হ'ল ?

উত্তৰ - ডুৱডেনামৰ ভিতৰৰ আৱৰণত থকা গ্ৰন্থীবিধৰ নাম হ'ল - আন্ত্ৰিক গ্ৰন্থী।

61. পিত্তৰস কাক বোলে?

উত্তৰ - যকৃতে ক্ষৰণ কৰা ৰসক পিত্তৰস বোলে।

62. পিত্তৰস _____ ধৰ্মী।।

উত্তৰ - ক্ষাৰ

63. ট্ৰিপছিনৰ ক্ৰিয়াত প্ৰ'টিনবোৰ কিহলৈ পৰিণত হয়?

উত্তৰ - ট্ৰিপছিনৰ ক্ৰিয়াত প্ৰ'টিনবোৰ সৰল পেপ্টাইড আৰু এমিন' এচিডলৈ পৰিণত হয়।

64. অগ্ন্যাশয় ৰসত থকা কি কি উত্সেচকে কাৰ্ব'হাইড্ৰেটকক ভাঙি সম্পূৰ্ণ সৰল গ্লুুক'জলৈ পৰিণত কৰে?

উত্তৰ - অগ্ন্যাশয় ৰসত থকা এমাইলেজ আৰু মল্টেজ নামৰ উত্সেচকে কাৰ্ব'হাইড্ৰেটকক ভাঙি সম্পূৰ্ণ সৰল গ্লুুক'জলৈ পৰিণত কৰে।

65. অগ্ন্যাশয় ৰসত থকা কি উত্সেচকে স্নেহ পদাৰ্থক ভাঙি সম্পূৰ্ণ সৰল ফেটি এচিড আৰু গ্লিছাৰললৈ পৰিণত কৰে?

উত্তৰ - অগ্ন্যাশয় ৰসত থকা লাইপেজ নামৰ উত্সেচকে স্নেহ পদাৰ্থক ভাঙি সম্পূৰ্ণ সৰল ফেটি এচিড আৰু গ্লিচাৰললৈ পৰিণত কৰে

65. খাদ্যৰ শোষণ বা অৱশোষণ কাক বোলে?

উত্তৰ - যি প্ৰক্ৰিয়াৰে খাদ্যৰ পাচনৰ ফলত সৃষ্টি হোৱা সৰল উপাদানবোৰ পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ বেৰত থকা তেজৰ নলিকাত প্ৰৱেশ কৰে, সেই প্ৰক্ৰিয়াকে খাদ্যৰ শোষণ বা অৱশোষণ বোলে।

66. পাকস্থলীত খাদ্যৰ কি কি উপাদানৰ আংশিক শোষণ ঘটে?

উত্তৰ - পাকস্থলীত খাদ্যৰ খনিজ লৱণ, গ্লুক'জ আৰু পানীৰ আংশিক শোষণ ঘটে।

67. আমি খোৱা খাদ্যৰ বিভিন্ন উপাদানবোৰৰ অধিকাংশ শোষণ ক'ত সম্পন্ন হয়?

উত্তৰ - আমি খোৱা খাদ্যৰ বিভিন্ন উপাদানবোৰৰ অধিকাংশ শোষণ ক্ষুদ্ৰান্তৰ জেজুনাম আৰু ইলিয়ামত সম্পন্ন হয়।

68. ভিলাই কি আৰু ইয়াৰ কাম কি?

উত্তৰ - ভিলাই হ’ল ক্ষুদ্ৰান্তৰ বেৰত থকা কিছুমান আঙুলি সদৃশ প্ৰবৰ্দ্ধ।

ভিলাইবোৰৰ কাম হ’ল -

                        (ক) খাদ্যৰ বিভিন্ন উপাদানবোৰৰ শোষণৰ বাবে ক্ষুদ্ৰান্তৰ পৃষ্ঠকালি বৃদ্ধি কৰা। আৰু

                        (খ) ক্ষুদ্ৰান্তৰ অন্তঃ আৱৰণীৰ মাধ্যমেৰে পাচিত খাদ্য শোষণ কৰা৷

69. বৃহদান্ত্ৰত খাদ্যৰ কি কি উপাদানৰ শোষণ হয়?

উত্তৰ - বৃহদান্ত্ৰত খাদ্যৰ পানী আৰু খনিজ লৱণৰ শোষণ হয়।


70. পাকস্থলীত খাদ্যৰ প্ৰ'টিনভাগ ভাগি কিহলৈ পৰিণত হয়?

উত্তৰ - পাকস্থলীত খাদ্যৰ প্ৰ'টিনভাগ ভাগি পেপটোনলৈ পৰিণত হয়।

Comments

  1. Your Affiliate Money Printing Machine is ready -

    And getting it set up is as easy as 1---2---3!

    Here's how it all works...

    STEP 1. Input into the system what affiliate products the system will advertise
    STEP 2. Add PUSH BUTTON traffic (this ONLY takes 2 minutes)
    STEP 3. Watch the affiliate products system explode your list and sell your affiliate products all on it's own!

    Are you ready to make money ONLINE??

    Check it out here

    ReplyDelete

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

তাপৰ ধাৰণা, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিৎ শইকীয়া)।

ণত্ব বিধি আৰু ষত্ব বিধি