পুষ্টিকাৰক দ্ৰব্য আৰু ইয়াৰ প্ৰভাৱ, পঞ্চম শ্ৰেণী
(ক) জীয়াই থাকিবলৈ আমাক_____ ৰ প্ৰয়োজন।
উত্তৰ- আহাৰ।
(খ) শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগই ভিন ভিন কামসমূহ সুচাৰুৰূপে কৰিবলৈ _____ দ্ৰব্যৰ প্ৰয়োজন।
উত্তৰ- পুষ্টিকাৰক।
(গ) _____ শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে।
উত্তৰ - পুষ্টিকাৰক দ্ৰব্যই।
2. শৰীৰত পুষ্টিকাৰক দ্ৰব্যৰ তিনিটা কাম লিখাঁ।
উত্তৰ-শৰীৰত পুষ্টিকাৰক দ্ৰব্যৰ তিনিটা কাম হ'ল -
(ক) শৰীৰত শক্তিৰ যোগান ধৰা।
(খ) দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰা। আৰু
(গ) শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰা।
3. কাৰ্বহাইড্ৰেট বা শৰ্কৰাজাতীয় পদাৰ্থ থকা কেইবিধমান খাদ্যৰ নাম লিখা।
উত্তৰ-কাৰ্বহাইড্ৰেট বা শৰ্কৰাজাতীয় পদাৰ্থ থকা কেইবিধমান খাদ্যৰ নাম হ'ল - ঘেঁহু, গোমধান, চাউল, আলু আদি।
4. কাৰ্বহাইড্ৰেট শৰীৰত কিহৰ যোগান ধৰে?
উত্তৰ- শক্তি।
5. আমাৰ শৰীৰত শক্তিৰ যোগান ধৰা কেইবিধমান খাদ্যৰ নাম লিখা।
উত্তৰ-আমাৰ শৰীৰত শক্তিৰ যোগান ধৰা কেইবিধমান খাদ্যৰ নাম হ'ল - ঘেঁহু, গোমধান, চাউলআৰু আলু।
6. যথেষ্ট পৰিমাণে প্ৰ'টিন বা মাংসসাৰ থকা কেইবিধমান খাদ্যৰ নাম লিখা।
উত্তৰ- যথেষ্ট পৰিমাণে প্ৰ'টিন বা মাংসসাৰ থকা কেইবিধমান খাদ্যৰ নাম হ'ল - মাহ জাতীয় শস্য, গাখীৰ, পনীৰ, দৈ, কণী, মাছ আৰু মাংস।
7. শৰীৰত প্ৰ'টিনৰ প্ৰধান কাম কি?
উত্তৰ- শৰীৰত প্ৰ'টিনৰ প্ৰধান কাম হ'ল শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰা।
8. স্নেহজাতীয় পদাৰ্থ বা লিপিড থকা কেইবিধমান খাদ্যৰ নাম লিখা।
উত্তৰ- স্নেহজাতীয় পদাৰ্থ বা লিপিড থকা কেইবিধমান খাদ্যৰ নাম হ'ল - ঘি, তেল, মাখন, শুকান ফল আদি।
9. স্নেহজাতীয় পদাৰ্থ বা লিপিডে শৰীৰত কিহৰ যোগান ধৰে?
উত্তৰ- স্নেহজাতীয় পদাৰ্থ বা লিপিডে শৰীৰত শক্তিৰ যোগান ধৰে।
10. শৰীৰে ভিটামিন আৰু খনিজ লৱন লাভ কৰিব পৰা কেইবিধমান শাক-পাচলিৰ নাম লিখা।
উত্তৰ- শৰীৰে ভিটামিন আৰু খনিজ লৱন লাভ কৰিব পৰা কেইবিধমান শাক-পাচলিৰ নাম হ'ল - ভেণ্ডি, লাউ, ৰঙালাউ, পালেং, লাই, বিলাহী, বন্ধাকবি আদি।
11. প্ৰচুৰ পৰিমাণৰ ভিটামিন আৰু খনিজ লৱণ পোৱা কেইবিধমান ফলৰ নাম লিখা।
উত্তৰ - প্ৰচুৰ পৰিমাণৰ ভিটামিন আৰু খনিজ লৱণ পোৱা কেইবিধমান ফলৰ নাম হ'ল - তৰমুজ, মধুৰিআম, আম, ডালিম, কমলা আদি।
12. শৰীৰত ভিটামিন আৰু খনিজ লৱনৰ কাম কি?
উত্তৰ - শৰীৰত ভিটামিন আৰু খনিজ লৱনৰ কাম হ'ল শৰীৰক বিভিন্ন বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰা।
13. আমাৰ শৰীৰত থকা বিভিন্ন পুষ্টিকাৰক উপাদানবোৰ কি কি?
উত্তৰ - আমাৰ শৰীৰত থকা বিভিন্ন পুষ্টিকাৰক উপাদানবোৰ হ'ল - কাৰ্বহাইড্ৰেট, প্ৰ'টিন, স্নেহ পদাৰ্থ, ভিটামিন, খনিজ লৱন আৰু পানী।
14. কেইবিধমান আঁহজাতীয় খাদ্যৰ নাম লিখা।
উত্তৰ - কেইবিধমান আঁহজাতীয় খাদ্যৰ নাম হ'ল - বিভিন্ন শাক-পাচলি, ভেণ্ডি, ৰঙালাউ, কমলা, আম আদি।
15. আমি ফলমূল আৰু শাক-পাচলি নাখালে শৰীৰত ______ আৰু ______ ৰ অভাৱ ঘটিব।
উত্তৰ - ভিটামিন; খনিজ লৱণ।
16. পুষ্টি অভাৱজনিত ৰোগ কাক বোলে?
উত্তৰ - খাদ্যত পুষ্টিকাৰক দ্ৰব্যৰ অভাৱে বহুতো বেমাৰৰ সৃষ্টি কৰে। এনে বেমাৰক পুষ্টি অভাৱজনিত ৰোগ বোলে।
17. সুষম আহাৰ (Balance diet) কাক বোলে?
উত্তৰ - শৰীৰৰ বাবে প্ৰয়োজন হোৱা সকলো প্ৰকাৰৰ পুষ্টিকাৰক দ্ৰব্য সঠিক পৰিমাণে থকা আহাৰক সুষম আহাৰ (Balance diet)
18. পুষ্টিহীনতাৰ তিনিটা লক্ষণ লিখা।
ঊপুষ্টিহীনতাৰ তিনিটা লক্ষণ হ'ল -
(ক) শিশুৰ খোৱা-লোৱাত ৰুচি নোহোৱা হয়।
(খ) হাড়ৰ বৃদ্ধি অস্বাভাৱিক হয়।
(গ) শৰীৰৰ গঠন অস্বাভাৱিক হয়।
(ঘ) শিশুৰ পাচন তন্ত্ৰৰ ক্ৰিয়া দুৰ্বল হৈ পৰে।
(ঙ) মানসিক বুদ্ধিও স্বাভাৱিক ভাৱে নহয়।
19. পুষ্টিহীনতা ৰোগৰ পৰা কিদৰে হাত সাৰি থাকিব পাৰি?
উত্তৰ - প্ৰচুৰ পৰিমাণে প্ৰ'টিন থকা খাদ্য যেনে - মাহজাতীয় শস্য, কণী, পনীৰ, গজালি ওলোৱা বীজ, গাখীৰ আদি উপযুক্ত মাত্ৰাত গ্ৰহণ কৰি পুষ্টিহীনতা ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
20. তুমি সচৰাচৰ খাদ্য হিচাপে গ্ৰহণ কৰা তিনিবিধ প্ৰ'টিনযুক্ত আহাৰৰ নাম লিখা।
উত্তৰ - মই সচৰাচৰ খাদ্য হিচাপে গ্ৰহণ কৰা তিনিবিধ প্ৰ'টিনযুক্ত আহাৰৰ নাম হ'ল - মাছ, মাংস আৰু কণী।
21. কি ভিটামিনৰ অভাৱত শৰীৰত কুকুৰীকণা ৰোগৰ সৃষ্টি হয়?
উত্তৰ - A ভিটামিনৰ অভাৱত শৰীৰত কুকুৰীকণা ৰোগৰ সৃষ্টি হয়।
22. কুকুৰীকণা ৰোগৰ লক্ষণ কি?
উত্তৰ - কুকুৰীকণা ৰোগৰ লক্ষণ হ'ল যে এই ৰোগত আক্ৰান্ত লোকে কম পোহৰত বা ৰাতি নেদেখে।
23. কুকুৰীকণা ৰোগৰ পৰা কিদৰে উপশম পাব পাৰি?
উত্তৰ - 'এ' ভিটামিনযুক্ত হালধীয়া, কমলা আৰু ৰঙা ফলমূল, শাক-পাচলি আদি যেনে - গাজৰ, অমিতা, কণীৰ কুহুম আদি খাদ্য হিচাপে গ্ৰহণ কৰি কুকুৰীকণা ৰোগৰ পৰা উপশম পাব পাৰি।
24. ভিটামিন 'এ' ৰ অভাৱেই ______ ৰোগৰ কাৰণ।
উত্তৰ - কুকুৰীকণা
25. এ' ভিটামিনযুক্ত তিনিবিধ খাদ্যৰ নাম লিখা।
উত্তৰ - এ' ভিটামিনযুক্ত তিনিবিধ খাদ্যৰ নাম হ'ল - গাজৰ, অমিতা আৰু কণীৰ কুহুম।
26. কি ভিটামিনৰ অভাৱত বেৰি বেৰি ৰোগৰ সৃষ্টি হয়?
উত্তৰ - বি ভিটামিনৰ অভাৱত বেৰি বেৰি ৰোগৰ সৃষ্টি হয়।
27. বেৰী-বেৰী ৰোগৰ লক্ষণবোৰ লিখা।
32. D ভিটামিন কেইবিধমান উসৰ নাম লিখা।
উত্তৰ - ডি ভিটামিন।
34. ৰিকেটচ্ বা পয়ালগা কিদৰে প্ৰতিৰোধ কৰিব পাৰি?
উত্তৰ - ভিটামিন 'ডি' যুক্ত আহাৰ গ্ৰহণ কৰি ৰিকেটচ্ বা পয়ালগা প্ৰতিৰোধ কৰিব পাৰি।
35. আইৰণৰ অভাৱে আমাৰ শৰীৰৰ তেজত থকা কিহৰ মাত্ৰা কমায়?
উত্তৰ - হিম'গ্লবিন।
36. হিম'গ্লবিন কি?
উত্তৰ - হিম'গ্লবিন হৈছে আমাৰ তেজত থকা এবিধ লো যুক্ত ৰঞ্জক পদাৰ্থ।
37. তেজৰ কোনবিধ কণাত হিম'গ্লবিন পোৱা যায়?
উত্তৰ - তেজৰ লোহিত ৰক্ত কণাত হিম'গ্লবিন পোৱা যায়।
38. হিম'গ্লবিনৰ কাম কি?
উত্তৰ - হিম'গ্লবিনৰ কাম হ'ল অক্সিজেন গ্ৰহণ কৰি শৰীৰৰ বিভিন্ন অংগক যোগান ধৰা।
39. আইৰণৰ অভাৱে শৰীৰত কি ৰোগৰ সৃষ্টি কৰে?
47. খাদ্যত থকা পুষ্টিদ্ৰব্য বিনষ্ট হোৱাৰ কেইটামান কাৰণ লিখাঁ।
উত্তৰ - খাদ্যত
থকা পুষ্টিদ্ৰব্য বিনষ্ট হোৱাৰ কেইটামান কাৰণ তলত দিয়া ধৰণৰ –
(ক) পাচলি কাটি
পানীৰে ধুলে তাত থকা পানীত দ্ৰৱণীয় পুষ্টি দ্ৰব্য পানীলৈ গৈ পাচলিৰ গুণাগুণ হ্ৰাসা
কৰে।
(খ) অধিক সময়
খাদ্য সিজালে তাত থকা পুষ্টিদ্ৰব্য বিনষ্ট হয়।
(গ) মুকলিভাৱে
ৰন্ধা খাদ্যৰ পৰাও পুষ্টি দ্ৰব্য বিনষ্ট হয়।
(ঘ) বাৰে বাৰে
ভাজিলে বা গৰম কৰিলে খাদ্যত থকা পুষ্টি দ্ৰব্য বিনষ্ট হয়।
48. মেদ বহুলতাৰ কেইটামান কাৰণ লিখাঁ।
উত্তৰ - মেদ
বহুলতাৰ কেইটামান কাৰণ তলত দিয়া ধৰণৰ –
(ক) আৱশ্যকতকৈ
অধিক ভোজন কৰা।
(খ) তেলযুক্ত তথা
অধিক ভজা খাদ্য গ্ৰহণ কৰা।
(গ) কম পৰিমাণে
থকা খনিজ লৱণ তথা প্ৰটিনযুক্ত, টেমাত বন্ধ খাদ্য গ্ৰহণ কৰা।
(ঘ) উপযুক্তভাৱে
শাৰীৰিক ব্যায়াম নকৰা।
ধন্যবাদ আচাৰ্য্য
ReplyDelete