गीताश्लोक: (3.42)

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्य: परं मन:।
मनसस्तु परा बुद्धिर्यो बुद्धे: परतस्तु स:।।3.42।।
पराण्याहु: = पराणि + आहु:
आहुरिन्द्रियेभ्यः = आहु: + इन्द्रियेभ्यः
पराण्याहुरिन्द्रियेभ्य: = पराणि + आहु: + इन्द्रियेभ्यः
मनसस्तु = मनस: + तु
बुद्धिर्य: = बुद्धिः + यः
परतस्तु = परत: + तु
শব্দাৰ্থ: ইন্দ্ৰিয়াণি (ইন্দ্ৰিয়বিলাক), পৰাণি (শ্ৰেষ্ঠ), আহুঃ (কোৱা হয়), ইন্দ্ৰিয়েভ্যঃ (ইন্দ্ৰিয়বিলাকতকৈ), পৰং (শ্ৰেষ্ঠ), মনঃ (মন), মনসঃ (মনতকৈ), তু (কিন্তু, নিশ্চিতকৈ), পৰা (শ্ৰেষ্ঠ, আগবঢ়া), বুদ্ধিঃ (বুদ্ধি), য়ঃ (যি), পৰতঃ (শ্ৰেষ্ঠ), তু (কিন্তু, নিশ্চিতকৈ) সঃ (তেওঁ, আত্মা)।
বিস্তাৰিত অৰ্থ: ইন্দ্ৰিয়াণি পৰাণ্য়াহু: (ইন্দ্ৰিয়বিলাকক শ্ৰেষ্ঠ বুলি কোৱা হয়) ইন্দ্ৰিয়েভ্য়: পৰং মন: (ইন্দ্ৰিয়বিলাকতকৈও মন শ্ৰেষ্ঠ) মনসস্তু পৰা বুদ্ধি: (মনতকৈও শ্ৰেষ্ঠ বুদ্ধি) য়: বুদ্ধে: পৰত: (যি বুদ্ধিতকৈ শ্ৰেষ্ঠ) তু স: (কিন্তু সি/নিশ্চিতকৈ আত্মা)
অসমীয়া অৰ্থ - কৰ্মেন্দ্ৰীয়বোৰ জড় পদাৰ্থতকৈ শ্ৰেষ্ঠ, মন ইন্দ্ৰীয়তকৈ শ্ৰেষ্ঠ, বুদ্ধি মনতকৈ শ্ৰেষ্ঠ আৰু সি (আত্মা) বুদ্ধিতকৈও শ্ৰেষ্ঠ।

Comments

Popular posts from this blog

DMIT Report কি?

ণত্ব বিধি আৰু ষত্ব বিধি

"Kamala" by Vijay Tendulkar