পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ, বিজ্ঞান, পঞ্চম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী।(পৰিকল্পনা, প্ৰস্তুতি সত্যজিত্ শইকীয়া)।


পাঠটো এফালৰ পৰা  পঢ়ি যাওঁতে পোৱা প্ৰশ্নবোৰৰ উত্তৰ
(অনুশীলনীৰ প্ৰশ্নোত্তৰ শেষলৈ আছে)
পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 81

1. প্ৰাকৃতিক সম্পদ কাক বোলে?
উত্তৰ - প্ৰকৃতিত পোৱা, বিভিন্ন কামত ব্যৱহাৰ কৰা বস্তুবোৰকে প্ৰাকৃতিক সম্পদ বোলে।
2. এনে কেইবিধমান প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া, যাৰ অৱিহনে পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰে।
উত্তৰ - মাটি, পানী, বায়ু, সূৰ্যৰ তাপ, পোহৰ আদি।
3. মাটি কাক বোলে?
উত্তৰ - আমি য'ত‌ ঘৰ-দূৱাৰ সাজোঁ, গছ-গছনি, ফলমূল, ফুল আদিৰ পুলি ৰুই সেইবোৰৰ ফচল ব্যৱহাৰ কৰোঁ, সেই অংশকে মাটি বোলে।
4. মাটি কেনেকৈ সৃষ্টি হয়?
উত্তৰ - জীৱ-জন্তু মৰি, গছ-গছনি পচি ধূলি, বালি, শিল আদিৰ লগত মিহলি হৈ মাটি সৃষ্টি হয়।
5. খলী ঠাই পূৰণ কৰা।
(ক) ______ সকলোৰে জীৱনৰ আপুৰুগীয়া সম্পদ।
উত্তৰ - মাটি
(খ) শস্যৰ উৎপাদন মাটিৰ _______ ৰ ওপৰত নিৰ্ভৰ কৰে।
উত্তৰ - গুণ
পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 82
6. পৃথিৱীৰ কিমান ভাগ মাটি আৰু কিমান ভাগ পানী?
উত্তৰ - পৃথিৱীৰ শতকৰা প্ৰায় 30 ভাগ মাটি আৰু 70 ভাগ পানী।

পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 84

7. পানী কি কি কামত ব্যৱহাৰ কৰা হয়?

উত্তৰ - পানীৰ কেইটামান ব্যৱহাৰ তলত দিয়া ধৰণৰ -
        (ক) খোৱাত ব্যৱহাৰ কৰা।
        (খ) কাপোৰ কানি বাচন-বৰ্তন আদি ধোৱা।
        (গ) খেতি পথাৰত শস্যৰ উৎপাদন কৰা।
        (ঘ) যাতায়তৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা।
        (ঙ) বিদ্যুৎ উৎপাদন কৰা। আদি।
8. পানী আমি কৰ পৰা পাওঁ?
উত্তৰ - আমি দমকল, কুঁৱা, পুখুৰী, নদ-নদী আদিৰ পৰা পানী পাওঁ।
9. পৃথিৱীৰ প্ৰায় কিমান ভাগ পানী সাগৰৰ?
উত্তৰ - পৃথিৱীৰ প্ৰায় 97 ভাগ পানী সাগৰৰ।

পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 85

10. উদ্ভিদে বায়ুৰ পৰা কি গেছ গ্ৰহণ কৰে?
উত্তৰ - কাৰ্বন ডাই-অক্সাইড।
গৃহকাৰ্য - পৃথিৱীত জীৱসমূহৰ বাবে সূৰ্যৰ তাপ আৰু পোহৰৰ প্ৰয়োজনীয়তা কি কি লিখাঁ।
11. গেদীয় শিল কি?
উত্তৰ - বিভিন্ন কাৰণত শিল ভাগি গুড়ি হৈ সৃষ্টি হোৱা বালিৰ কণিকাবোৰ নদীৰ সোঁতত উটি গৈ সাগৰৰ তলত তৰপে তৰপে গোট খোৱাৰ ফলত চাপৰ প্ৰভাৱত এসময়ত গোট মাৰে আৰু এবিধ শিলৰ সৃষ্টি কৰে। এইবোৰকে গেদীয় শিল বোলে।

                        পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 86

8. মণিক বা খনিজ পদাৰ্থ কাক বোলে?
উত্তৰ - ভূ-ত্বকত মৌল বা যৌগ অৱস্থাত পোৱা পদাৰ্থবোৰক মণিক বা খনিজ পদাৰ্থ বোলে।
                                পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 87
9. আকৰিক কাক বোলে?
উত্তৰ - যিবোৰ মণিক বা খনিজ পদাৰ্থৰ পৰা অধিক আৰু লাভজনক ভাৱে কোনো ধাতু আহৰণ কৰিব পাৰি, সেই মণিক বা খনিজ পদাৰ্থিবধক ধাতুটোৰ আকৰিক বোলে।
10. ভূ-খণ্ডৰ অন্তৰ্ভাগত পোৱা কেইবিধমান সম্পদৰ নাম লিখাঁ।
উঃ ভূ-খণ্ডৰ অন্তৰ্ভাগত পোৱা কেইবিধমান সম্পদৰ নাম হ'ল - ছিলিকন, লো, কেলছিয়াম, ছ'ডিয়াম, এলুমিনিয়াম, ছিলভাৰ, মেগনেছিয়াম, পটেছিয়াম, কপাৰ বা তাম, পাৰা, সোণ, ইউৰেনিয়াম, থৰিয়াম আদি।
11. কয়লাত প্ৰধানকৈ কি কি থাকে?
উঃ কয়লাত প্ৰধানকৈ কাৰ্বন আৰু কাৰ্বন মিহলি হৈ থকা পদাৰ্থবোৰ থাকে।
12. কয়লা প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি?
উঃ কয়লা প্ৰধানকৈ চাৰি প্ৰকাৰৰ। সেইকেইটা হ'ল - পিট্ কয়লা, লিগনাইট কয়লা, বিটুমিনাছ কয়লা আৰু এনথ্ৰাছাইট কয়লা।
13. সাধাৰণতে ব্যৱহাৰ হোৱা কয়লাবিধৰ নাম কি?
উঃ বিটুমিনাছ কয়লা
14. কয়লাৰ অপকাৰী উপাদনবিধ কি?
উঃ কয়লাৰ অপকাৰী উপাদানবিধ হ'ল - কাৰ্বন মন-অক্সাইড।
15. ক'ল-টাৰৰ সাধাৰণ নাম কি?
উঃ ক'ল-টাৰৰ সাধাৰণ নাম আলকাতাৰা।
16. আলকাতাৰাৰ অন্য নাম কি?
উত্তৰ - ক'ল-টাৰ
17. অসমৰ কোন কোন ঠাইত কয়লাখনি আছে?
উঃ অসমৰ লিডু, ৰাংৰিং, বৰগোলাই, টিপং আদিত কয়লাখনি আছে।
18. পেট্ৰ'লিয়াম এবিধ _____।
উঃ খনিজ তেল
19. পেট্ৰ'লিয়ামৰ সাধাৰণ নাম কি?
উত্তৰ - খাৰুৱা তেল
20. পেট্ৰ'লিয়াম কিদৰে সৃষ্টি হয়?
উঃ বিভিন্ন প্ৰাকৃতিক কাৰণত পৃথিৱীৰ অন্তৰ্ভাগত অভেদ্য শিলৰ ওপৰত তৰপে তৰপে গোট খোৱা জীৱ-জন্তু, গছ-গছনি আদিৰ অৱশেষৰ পৰা পেট্ৰ'লিয়ামৰ উত্পত্তি হয়।
21. প্ৰাকৃতিক গেছ কাক বোলে?
উঃ পৃথিৱীৰ অন্তৰ্ভাগত পেট্ৰ'লিয়ামৰ ওপৰত উচ্চ চাপত থকা গেছৰ আৱৰণটোকে প্ৰাকৃতিক গেছ বোলে।
22. খাৰুৱা তেলৰ পৰা পোৱা কেইবিধমান সামগ্ৰীৰ নাম লিখাঁ।
উঃ খাৰুৱা তেলৰ পৰা পোৱা কেইবিধমান সামগ্ৰীৰ নাম হ'ল - পেট্ৰ'ল, পেৰাফিন তেল, পেট্ৰ'লিয়াম গেছ, মম, ভেচলিন আদি।
23. জুলীয়া পেট্ৰ'লিয়াম গেছ (LPG) ত থকা গেছ দুবিধৰ নাম কি?
উঃ প্ৰ'পেন আৰু বিউটেন
24. উজনি অসমৰ কোন কোন ঠাইৰ ভূ-গৰ্ভৰ পৰা পেট্ৰ'লিয়াম উদ্ঘাটন কৰা হয়?
উঃ উজনি অসমৰ ডিগবৈ, দুলিয়াজান, মৰাণ, লাকুৱা, শিৱসাগৰ আদি ঠাইত ভূ-গৰ্ভৰ পৰা পেট্ৰ'লিয়াম উদ্ঘাটন কৰা হয়।
25. বনাঞ্চল কাক বোলে?
উঃ আমাৰ চাৰিওকাষ আগুৰি থকা সেউজীয়া গছ-গছনিৰে ভৰা অঞ্চলকে বনাঞ্চল বোলে।
                               পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 88
26. অসমৰ দুখন অভয়াৰণ্যৰ নাম লিখাঁ।
উঃ কাজিৰঙা আৰু মানাহ
27. অসমৰ তিনিখন অভয়াৰণ্যৰ নাম লিখাঁ।
উঃ অসমৰ তিনিখন অভয়াৰণ্যৰ নাম হ'ল গিবন, পবিতৰা আৰু লাওখোৱা।
28. বনাঞ্চলসমূহে মানুহৰ কি কি উপকাৰ সাধন কৰে?
উত্তৰ - বনাঞ্চলসমূহে মানুহৰ তলত দিয়া উপকাৰসমূহ সাধন কৰে‌ -
      (ক) বনাঞ্চলসমূহ বনৰীয়া জীৱ-জন্তুৰ আশ্ৰয়স্থল।
      (খ) ঘৰ-দুৱাৰ  সজা, আচবাব তৈয়াৰ কৰা আদি কামৰ বাবে আমি বনাঞ্চলৰ পৰা কাঠ পাওঁ।
      (গ) গছ-গছনীৰ পৰা আমি বিভিন্ন ফল-মূল পাওঁ।
      (ঘ) গছ-গছনীয়েই আমাক অক্সিজেন গেছৰ যোগান ধৰে।
29. মাটি সংৰক্ষণৰ প্ৰধান উপায় কি?
উত্তৰ - মাটি সংৰক্ষণৰ প্ৰধান উপায় বৃক্ষ ৰোপণ কৰা।
                               পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 89

30. প্ৰাকৃতিক সম্পদসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?
উত্তৰ - প্ৰাকৃতিক সম্পদসমূহ দুটা ভাগত ভাগ কৰিব পাৰি।
       (ক) নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ আৰু
       (ক) অনৱীকৰণযোগ্য বা নৱীকৰণ অযোগ্য প্ৰাকৃতিক সম্পদ।
31. নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ কাক বোলে? উদাহৰণ দিয়াঁ।
উত্তৰ - বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা প্ৰাকৃতিক সম্পদসমূহক নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলে।
      যেনে - মাটি, পানী, গছ-গছনি আদি।
                               পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 90
32. অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ কাক বোলে? উদাহৰণ দিয়াঁ।
উত্তৰ - যিবোৰ প্ৰাকৃতিক সম্পদ আমি কেৱল এবাৰহে ব্যৱহাৰ কৰিব পাৰোঁ, তেনে প্ৰাকৃতিক সম্পদসমূহক অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলে।
      যেনে - কয়লা, খাৰুৱা তেল।

পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ

অনুশীলনীৰ প্ৰশ্নোত্তৰ

১। খালী ঠাই পূৰ কৰাঁ।

ক) শস্যৰ উৎপাদন মাটিৰ _______ ৰ ওপৰত নিৰ্ভৰ কৰে।

উত্তৰ - শস্যৰ উৎপাদন মাটিৰ গুণ ৰ ওপৰত নিৰ্ভৰ কৰে।

খ)পৃথিৱীৰ প্ৰায় ______ ভাগ পানীহে ব্যৱহাৰৰ উপযোগী।

উত্তৰ - পৃথিৱীৰ প্ৰায় তিনিভাগ পানীহে ব্যৱহাৰৰ উপযোগী।

গ)উদ্ভিদে ______ ত নিজৰ খাদ্য প্রস্তুত কৰে।

উত্তৰ - উদ্ভিদে পাতত নিজৰ খাদ্য প্রস্তুত কৰে।

ঘ) ______ নহলে পানীৰ চক্ৰ নচলে।

উত্তৰ - সূৰ্য নহলে পানীৰ চক্ৰ নচলে।

ঙ)কোনো এবিধ _______ সৰহ পৰিমাণে থকা শিলেই হ’ল আকৰিক।

উত্তৰ - কোনো এবিধ মণিক সৰহ পৰিমাণে থকা শিলেই হ’ল আকৰিক।

চ) কয়লা প্ৰধানকৈ ______ প্ৰকাৰৰ।

উত্তৰ - কয়লা প্ৰধানকৈ চাৰি প্ৰকাৰৰ।

ছ) পেট্ৰ'লিয়াম এবিধ ______ পদাৰ্থ।

উত্তৰ - পেট্ৰ'লিয়াম এবিধ খনিজ পদাৰ্থ।

জ) কাজিৰঙা, মানাহ আদি _______।

উত্তৰ - কাজিৰঙা, মানাহ আদি ৰাষ্ট্ৰীয় উদ্যান।

ঝ) গছ-গছনি, পানী আদি ________ যোগ্য প্রাকৃতিক সম্পদ।

উত্তৰ - গছ-গছনি, পানী আদি নবীকৰণযোগ্য প্রাকৃতিক সম্পদ।

ঞ) _____ যোগ্য প্রাকৃতিক সম্পদ গঠন হ'বলৈ নিযুত বছৰ লাগে।

উত্তৰ - অনবীকৰণযোগ্য প্রাকৃতিক সম্পদ গঠন হ'বলৈ নিযুত বছৰ লাগে। 

২। প্রাকৃতিক সম্পদ বুলিলে কি বুজা?

উত্তৰ - প্ৰকৃতিত পোৱা, বিভিন্ন কামত ব্যৱহাৰ কৰা বস্তুবোৰকে প্ৰাকৃতিক সম্পদ বোলে।

৩। মাটিৰ কেইটামান ব্যৱহাৰ উল্লেখ কৰাঁ।

উত্তৰ - মাটিৰ কেইটামান ব্যৱহাৰ হ'ল -

    ক) ঘৰ-দুৱাৰ আদি সজা।

     খ) ফল-মূল, শাকপাচিলকে ধৰি বিভিন্ন গছ-গছনি ৰূপণ কৰা।

    গ) যাতায়তৰ বাবে ব্যৱহাৰ কৰা। আদি

৪। মাটি সংৰক্ষণৰ প্ৰধান উপায় কি?

উত্তৰ - মাটি সংৰক্ষণৰ প্ৰধান উপায় হ'ল বৃক্ষৰূপণ কৰা।

৫। সাগৰৰ লুণীয়া পানী আমাৰ কি কামত ব্যৱহাৰ হয়?

উত্তৰ - সাগৰৰ লুণীয়া পানী আমাৰ খোৱা নিমখ প্ৰস্তুত কৰা কামত ব্যৱহাৰ হয়।

৬। পৃথিৱীৰ সৰহ অংশ পানীয়ে আগুৰা যদিও পানীৰ অভাৱ বিশ্বৰ এটা ডাঙৰ সমস্যা। ইয়াৰ কাৰণ কি বুলি ভাবা?

উত্তৰ - 

৭। পানীৰ চাৰিটা ব্যৱহাৰ উল্লেখ কৰাঁ।

উত্তৰ - পানীৰ চাৰিটা ব্যৱহাৰ হ'ল -
        (ক) খোৱাত ব্যৱহাৰ কৰা।
        (খ) কাপোৰ কানি বাচন-বৰ্তন আদি ধোৱা।
        (গ) খেতি পথাৰত শস্যৰ উৎপাদন কৰা। আৰু
        (ঘ) বিদ্যুৎ উৎপাদন কৰা।

৮। বায়ুৱে জীৱজগতত কি কি উপকাৰ সাধে?

৯। সূৰ্যৰ তাপে আমাক কি ধৰণে সহায় কৰে লিখাঁ।

১০। সূৰ্যৰ তাপ আৰু পোহৰ অবিহনে পৃথিৱীখন কি অৱস্থাত থাকিলহেঁতেন লিখাঁ।

১১। বিশাল শিলবোৰ কেনেদৰে ভাগি টুকুৰা হয়?

১২। বালিৰ সৃষ্টি কেনেদৰে হয়?

১৩। গেদীয় শিল কি?

১৪। মণিক কাক বোলে?

১৫। শিলৰ কেইটামান ব্যৱহাৰ লিখাঁ।

১৬। কয়লা কেই প্ৰকাৰৰ আৰু কি কি?

উঃ কয়লা প্ৰধানকৈ চাৰি প্ৰকাৰৰ। সেইকেইটা হ'ল - পিট্ কয়লা, লিগনাইট কয়লা, বিটুমিনাছ কয়লা আৰু এনথ্ৰাছাইট কয়লা।

১৭। কয়লাৰ অপকাৰী উপাদানবিধ কি?

উত্তৰ - কয়লাৰ অপকাৰী উপাদানবিধ হ'ল কাৰ্বন মন'-অক্সাইড।

১৮। প্রাকৃতিক গেছ কি?

উত্তৰ - পৃথিৱীৰ অন্তৰ্ভাগত পেট্ৰ'লিয়ামৰ ওপৰত উচ্চ চাপত থকা গেছৰ আৱৰণটোকে প্ৰাকৃতিক গেছ বোলে।

১৯। পেট্ৰ'লিয়ামৰ পৰা পোৱা কেইবিধমান সামগ্ৰীৰ নাম লিখাঁ।

উত্তৰ - পেট্ৰ'লিয়ামৰ পৰা পোৱা সামগ্ৰীসমূহ হ'ল পেট্ৰ'ল, পেৰাফিন তেল, পেট্ৰ'লিয়াম গেছ, মম, ভেচলিন আদি।

২০। অসমৰ কোন কোন অঞ্চলত কয়লা আৰু পেট্ৰ'লিয়াম পোৱা যায়?

উত্তৰ - অসমৰ লিডু, ৰাংৰিং, বৰগোলাই, টিপং আদি অঞ্চলত কয়লা  পোৱা যায়।  অসমৰ ডিগবৈ, দুলিয়াজান, মৰাণ, লাকুৱা, শিৱসাগৰ আদিত পেট্ৰ'লিয়াম পোৱা যায়।

২১। বনাঞ্চলসমূহে মানুহৰ কি কি উপকাৰ সাধন কৰে?

উত্তৰ - বনাঞ্চলসমূহে মানুহৰ তলত দিয়া উপকাৰসমূহ সাধন কৰে।

        ক) বনাঞ্চলৰ গছ-গছনিৰ পৰাই মানুহৰ বিভিন্ন ঘৰ-দুৱাৰ, আচবাব আদি তৈয়াৰ কৰা হয়।

        (খ) বনাঞ্চলৰ গছ-গছনিয়ে মানুহক যথেষ্ট অক্সিজেন প্ৰদান কৰে।

        (গ) বনাঞ্চলৰ বিভিন্ন গছ-গছনিৰ পৰা মানুহে ফলমূলকে ধৰি বিভিন্ন খাদ্য পায়।

২২। বনাঞ্চলসমূহৰ ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা অনুভৱ কৰানে লিখাঁ।

উত্তৰ - বনাঞ্চলসমূহৰ ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা অনুভৱ কৰোঁ। কিয়নো,

    ক) বনাঞ্চলৰ গছ-গছনিবোৰে আমাক যথেষ্ট অক্সিজেন দিয়ে।

    খ) বনাঞ্চল বিভিন্ন বন্য জীৱ-জন্তুৰ আবাসস্থল। বনাঞ্চল ধ্বংস হ'লে জীৱ-জন্তুৰ আবাসস্থল নাইকীয়া হ'ব। ই আমাৰেই ক্ষতি কৰিব।

    গ) বনাঞ্চল নথাকিলে পৃথিৱীখন উত্তপ্ত মৰুভূমিলৈ পৰিণত হ'ব।

২৩। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদ কাক বোলে? উদাহৰণ দিয়াঁ।

উত্তৰ - বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা প্ৰাকৃতিক সম্পদসমূহক নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলে।

      যেনে - মাটি, পানী, গছ-গছনি আদি। আৰু
            যিবোৰ প্ৰাকৃতিক সম্পদ আমি কেৱল এবাৰহে ব্যৱহাৰ কৰিব পাৰোঁ, তেনে প্ৰাকৃতিক সম্পদসমূহক অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলে।
      যেনে - কয়লা, খাৰুৱা তেল।

২৪। শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ -

ক) পৃথিৱীৰ প্ৰায় ৭০/৯৭ ভাগ পানী সাগৰৰ।

উত্তৰ -  পৃথিৱীৰ প্ৰায় ৯৭ ভাগ পানী সাগৰৰ।

খ) বিদ্যুৎ উৎপাদন কৰিবলৈ পানীৰ ব্যৱহাৰ কৰা কৰা হয়/নহয়।

উত্তৰ -  বিদ্যুৎ উৎপাদন কৰিবলৈ পানীৰ ব্যৱহাৰ কৰা কৰা হয়।

গ) খাদ্য প্রস্তুতিৰ সময়ত উদ্ভিদে কার্বন-ডাই-অক্সাইড/অক্সিজেন গেছ গ্ৰহণ কৰে।

উত্তৰ -  খাদ্য প্রস্তুতিৰ সময়ত উদ্ভিদে কার্বন-ডাই-অক্সাইড গেছ গ্ৰহণ কৰে।

ঘ) মম পেট্ৰ'লিয়ামৰ পৰা তৈয়াৰ কৰা হয়/নহয়।

উত্তৰ -  মম পেট্ৰ'লিয়ামৰ পৰা তৈয়াৰ কৰা হয়।

ঙ) কয়লা নৱীকৰণযোগ্য/অনৱীকৰণযোগ্য সম্পদ।

উত্তৰ -  কয়লা অনৱীকৰণযোগ্য সম্পদ।

 

Comments

Popular posts from this blog

ণত্ব বিধি আৰু ষত্ব বিধি

দশমিক সংখ্যাৰ পূৰণ।

DMIT Report কি?