উদ্ভিদৰ প্ৰজনন, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বেলতলা, গুৱাহাটী। (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিত শইকীয়াৰ)।

                



    পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 116
1. উদ্ভিদৰ প্ৰজনন কাক বোলে?
উঃ - উদ্ভিদে যি প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ দৰে নতুন জীৱৰ সৃষ্টি কৰে, তাকে উদ্ভিদৰ প্ৰজনন বোলে।
বা যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই নিজ দেহাংশৰ পৰা অনুৰূপ নতুন প্ৰজন্মৰ সৃষ্টি কৰি বংশৰ অস্তিত্ব বৰ্তাই ৰাখে, সেই প্ৰক্ৰিয়াকে প্ৰজনন বোলে।
2. প্ৰজনন কেই প্ৰকাৰৰ আৰু কি কি?
উঃ - প্ৰজনন তিনি প্ৰকাৰৰ।
        (ক) অংগজ প্ৰজনন
        (খ) অযৌন প্ৰজনন আৰু
        (গ) যৌন প্ৰজনন
3. সপুষ্পক উদ্ভিদ কাক বোলে? উদাহৰণ দিয়া।
উঃ - যিবিলাক উদ্ভিদৰ ফুল ফুলে, তেনেবোৰ উদ্ভিদকে সপুষ্পক উদ্ভিদ বোলে?
            যেনে - আম, কঠাল, শিলিখা আদি।
4. অংগজ প্ৰজনন কাক বোলে?
উঃ - উদ্ভিদৰ দেহজ অংগ যেনে - কাণ্ড, ডাল, পাত, শিপা, মুকুল আদি ঘাই উদ্ভিদৰ পৰা বিচ্ছিন্ন হৈ নতুন উদ্ভিদৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াকে অংগজ প্ৰজনন বোলে।
5. খালী ঠাই পূৰ কৰাঁ।
     উদ্ভিদৰ ডাল, কাণ্ড, পাত, মুকুল আদি অংগৰ পৰা এজোপা নতুন উদ্ভিদ সৃষ্টি হোৱাকে ________ বোলে।
উঃ - অংগজ প্ৰজনন
6. অংগজ প্ৰজনন কেনেকৈ হয়?
উঃ - অংগজ প্ৰজনন প্ৰক্ৰিয়াত  উদ্ভিদৰ অ্ংগজ অংশ যেনে - কাণ্ড, ডাল, পাত, শিপা, মুকুল আদি ঘাই উদ্ভিদৰ পৰা বিচ্ছিন্ন হৈ নতুন উদ্ভিদৰ সৃষ্টি হয়।
7. অংগজ প্ৰজনন বুলিলে কি বুজা বহলাই লিখা।
উঃ - যি প্ৰজনন প্ৰক্ৰিয়াত  উদ্ভিদৰ অ্ংগজ অংশ যেনে - কাণ্ড, ডাল, পাত, শিপা, মুকুল আদি ঘাই উদ্ভিদৰ পৰা বিচ্ছিন্ন হৈ নতুন উদ্ভিদৰ সৃষ্টি হয়, তাকেই অংগজ প্ৰজনন বুলি কোৱা হয়।
        উদাহৰণস্বৰূপে, নেমু, ৰাংগন আদি কিছুমান উদ্ভিদৰ ডাল এটা মাটিৰ সংস্পৰ্শলৈ আনি মাটি জাপি পুতি ৰাখিলে কেইসপ্তাহমানৰ পিছত পোত খাই থকা অংশৰ পৰা শিপা ওলাব। শিপাৰে সৈতে ডালটো কাটি নি ৰুলে নতুন এজোপা উদ্ভিদৰ সৃষ্টি হ'ব।
                  পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 117
8.  জপা কলম কি?
উঃ - নেমু, ৰাংগন আদি কিছুমান উদ্ভিদৰ ডাল এটা মাটিৰ সংস্পৰ্শলৈ আনি মাটি জাপি পুতি ৰাখিলে কেইসপ্তাহমানৰ পিছত পোত খাই থকা অংশৰ পৰা শিপা ওলাব। শিপাৰে সৈতে ডালটো কাটি নি ৰুলে নতুন এজোপা উদ্ভিদৰ সৃষ্টি হ'ব। ইয়াকে জপা কলম বোলে।
9.  মৃদ্গত কাণ্ড কাক বোলে?
উঃ - আলু, আদা, পিঁয়াজ, ওল আদিৰ দৰ মাটিৰ তলত থকা কাণ্ডক মৃদ্গত কাণ্ডক মৃদ্গত কাণ্ড বোলে।
10.  মৃদ্গত কাণ্ডৰ কেইটামান উদাহৰণ দিয়া?
উঃ - মৃদ্গত কাম্ডৰ কেইটামান উদাহৰণ হল - আলু, আদা, পিঁয়াজ, ওল আদি।
11.  পাতত মুকুল থকা দুজোপা উদ্ভিদৰ নাম লিখা।
উঃ - মৃপাতত মুকুল থকা দুজোপা উদ্ভিদৰ নাম হল - দুপৰ টেঙা আৰু বিগ'নিয়া।
12.  মুলত মুকুল থকা দুজোপা উদ্ভিদৰ নাম লিখা।
উঃ -মুলত মুকুল থকা দুজোপা উদ্ভিদৰ নাম হল - আলু, ডালিয়া, ভাতকেৰেলা, পটল আদি।
পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 118
13. উদ্ভিদৰ অংগজ প্ৰজননৰ তিনিটা সুবিধা লিখা।
উঃ - উদ্ভিদৰ অংগজ প্ৰজননৰ তিনিটা সুবিধা তলত দিয়া ধৰণৰ -
          (ক) অংগজ প্ৰজননৰ দ্বাৰা জন্ম হোৱা উদ্ভিদে অতি সোনকালে ফল-ফুল ধাৰণ কৰে।
          (খ) অংগজ প্ৰজননৰ দ্বাৰা জন্ম হোৱা উদ্ভিদৰ ফল-ফুলৰ চৰিত্ৰ সাইলাখ মাতৃ গছজোপাৰ দৰেই হয়।
          (গ) কলৰ দৰে গুটি থাকিও গুটিৰ পৰা বংশ বৃদ্ধি নোহোৱা কিছুমান উদ্ভিদৰ অংগজ প্ৰজননৰ দ্বাৰাহে বংশ বৃদ্ধি সম্ভৱ।
14. বেক্টেৰিয়াৰ অংগজ প্ৰজননৰ বিষয়ে চমুকৈ লিখা।
উঃ - বেক্টেৰিয়াৰ অংগজ প্ৰজনন প্ৰক্ৰিয়াত ইয়াৰ একোটা কোষ সমানে দুভাগ হৈ দুটা অপত্য কোষৰ সৃষ্টি কৰি বংশ বৃদ্ধি কৰে।


15. ইষ্টৰ অংগজ প্ৰজননটোৰ নাম কি?
উঃ - মুকুলোদ্গম।
                                                             পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 119
16. ইষ্টৰ অংগজ প্ৰজনন অংগজ প্ৰজনন প্ৰিক্ৰয়ােটো বৰ্ণনা কৰা।
উঃ - ইষ্টৰ অংগজ প্ৰজনন অংগজ প্ৰজনন প্ৰিক্ৰয়ােটোৰ নাম মুকুলোদ্গম। এই প্ৰক্ৰিয়াত ইষ্ট কোষৰ কোষবেৰৰ কোনাে অংশ কোমল হয়, আৰু এই কোমল অংশটো টেমুনা আকাৰে বাঢ়ি আহে। মাতৃকোষৰ কোষকেন্দ্রটো সমানে দুভাগ হৈ এটা ভাগ টেমুনাৰ ভিতৰলৈ সােমাই আহি মুকুলৰ সৃষ্টি কৰে। কেতিয়াবা কেতিয়াবা এই মুকুলৰ পৰা আৰু কেবাটাও মুকুল সৃষ্টি হৈ এটা শৃংখল (Chain) ত পৰিণত হয়। পূৰঠ হৈ এই মুকুলবােৰ মাতৃকোষৰ পৰা বিচ্ছিন্ন হৈ প্রত্যেকে একোটা ইষ্টত পৰিণত হয়।


17. ৰেণু কাক বোলে?
উঃ - কিছুমান নিম্নখাপৰ উদ্ভিদৰ দেহৰ এটা বিশেষ অংগ থলী বা মোনালৈ ৰূপান্তৰ হয় আৰু থলীটোৰ ভিতৰত কিছুমান এককৰ সৃষ্টি হয়। এই এককবিলাককে ৰেণু বোলে। 
18. ৰেণুস্থলী বা ৰেণুধানী কাক বোলে?
উঃ - ৰেণুৰ দ্বাৰা বংশ বৃদ্ধি কৰা উদ্ভিদৰ ৰেণু ধাৰণ মোনা বা থলীকে ৰেণুধানী বা ৰেণুস্থলী বোলে।
19. অযৌন প্ৰজনন কাক বোলে?
উঃ - যি প্ৰজনন প্ৰক্ৰিয়াত কোনো প্ৰজাতিৰ এবিধ জীৱৰ পৰাই নতুন জীৱৰ সৃষ্টি হয়, সেই প্ৰজননকে অযৌন প্ৰজনন বোলে।
                                               পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 120
20. অযৌন প্ৰজনন পদ্ধতিৰে বংশবৃদ্ধি কৰা তিনিবিধ উদ্ভিদৰ নাম লিখা।
উঃ - অযৌন প্ৰজনন পদ্ধতিৰে বংশবৃদ্ধি কৰা তিনিবিধ উদ্ভিদৰ নাম হ'ল - ঢেঁকীয়ালাইকোপোডিয়া আৰু মাটি শেলাই।
21. ফুল উদ্ভিদৰ কি অংগ
উঃ - ফুল উদ্ভিদৰ প্ৰজনন অংগ।
22. বৃতি কাক বোলে?
উঃ - ফুলৰ একেবাৰে তলৰ সেউজীয়া অংশক বৃতি বোলে
23. খালী ঠাই পূৰ কৰাঁ।
(ক) বৃতি _______ ৰ সমষ্টি।
উঃ - বেটুপাতৰ
(খ) ফুলৰ বৃতিৰ পিছৰ অংশটোক _______ বোলে।
উঃ - দলমণ্ডল
(গ) ফুলৰ দলমণ্ডল _______ ৰ সমষ্টি।
উঃ - পাহি
(ঘ) ফুলৰ দলমণ্ডলৰ পিছৰ অংশ _______ ।
উঃ - পুংস্তৱক
(ঙ) পুংকেশৰবোৰৰ আগত  _______ থাকে।
উঃ - পৰাগধানী
24. ফুলৰ সাধাৰণ চক্ৰ কাক বোলে?
উঃ - বৃতি আৰু দলমণ্ডলক ফুলৰ সাধাৰণ চক্ৰ বোলে।
25. ফুলৰ পুংস্তৱক কিহেৰে গঠিত?
উঃ - ফুলৰ পুংস্তৱক এডাল বা কেবাডালো লাহি পুংকেশৰেৰে গঠিত।
                                                         পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 121
26. এপাহ সম্পূৰ্ণ ফুল আঁকি প্ৰজনন অংগসমূহ চিহ্নিত কৰা।
উঃ - 

27. খালী ঠাই পূৰ কৰাঁ।
(ক) পুংকেশৰবোৰৰ আগত _______ থাকে।
উঃ - পৰাগধানী
(খ) পৰাগধানীৰ ভিতৰত অসংখ্য _______ থাকে।
উঃ - ৰেণু
(গ)  _______ পুংজনন কোষ উত্পন্ন কৰে।
উঃ - পৰাগৰেণুই
(ঘ) ফুলৰ ঠিক সোঁমাজত _______ অৱস্থিত ।
উঃ - স্ত্ৰীস্তৱক
(ঙ) স্ত্ৰীকেশৰক  _______ বুলিও জনা যায়।
উঃ - গৰ্ভকেশৰ
28. স্ত্ৰীকেশৰক কেইটা আৰু কি কি ভাগত ভাগ কৰা হৈছে?
উঃ - স্ত্ৰীকেশৰক তিনিটা ভাগত ভাগ কৰা হৈছে। ভাগকেইটা হ'ল - গৰ্ভমুণ্ড বা গৰ্ভপীঠ, গৰ্ভদণ্ড আৰু গৰ্ভাশয়।
29. গৰভমুণ্ড বা গৰ্ভপীঠ কাক বোলে?
উঃ - ফুলৰ স্ত্ৰীকেশৰৰ একেবাৰে ওপৰৰ চেপেটা অংশটোক গৰ্ভমুণ্ড বা গৰ্ভপীঠ বোলে।
30. স্ত্ৰীকেশৰডালৰ ওপৰৰ চেপেটা অংশটোক কি বুলি কোৱা হয়?
উঃ - গৰ্ভমুণ্ড বা গৰ্ভপীঠ বুলি কোৱা হয়।
31. গৰ্ভাশয় কাক বোলে?
উঃ - ফুলৰ স্ত্ৰীকেশৰৰ তলৰ শকত অংশটোক গৰ্ভাশয় বোলে।
32. গৰ্ভদণ্ড কাক বোলে?
উঃ - ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ড আৰু গৰ্ভাশয় সংযোগী লাহী দীঘল দণ্ডডালক গৰ্ভদণ্ড বোলে।
33. খালী ঠাই পূৰ কৰা।
(ক) গৰ্ভাশয়ৰ ভিতৰত এটা বা ততোধিক _______ থাকে।
উঃ - ডিম্বক
(খ)  _______ স্ত্ৰীজননকোষ গঠন কৰে।
উঃ - ডিম্বকে
(গ)  _______ আৰু _______ হ'ল ফুলৰ প্ৰজনন চক্ৰ।
উঃ - পুংস্তৱক; স্ত্ৰীস্তৱক
34. ফুলৰ সাধাৰণ চক্ৰৰ এটা কাম লিখা।
উঃ - ফুলৰ সাধাৰণ চক্ৰৰ কাম হ'ল কলি অৱস্থাত প্ৰজনন চক্ৰটোক যিকোনো দুৰ্যোগৰ পৰা ৰক্ষণাবেক্ষণ দিয়া।
35. ফুলৰ সাধাৰণ চক্ৰৰ এটা কাম লিখা।
উঃ - ফুলৰ সাধাৰণ চক্ৰৰ কাম হ'ল কলি অৱস্থাত প্ৰজনন চক্ৰটোক যিকোনো দুৰ্যোগৰ পৰা ৰক্ষণাবেক্ষণ দিয়া।
36. একলিংগ ফুল কাক বোলে? উদাহৰণ দিয়া।
উঃ - যিবিলাক ফুলত অকল পুংস্তৱক বা স্ত্ৰীস্তৱক যিকোনো এটা থাকে, তেনে ফুলক একলিংগ ফুল বোলে।
     যেনে - লাউ, কোমোৰা, তিয়ঁহ, অমিতা আদি।
37. উভয়লিংগ ফুল কাক বোলে? উদাহৰণ দিয়া।
উঃ - যিবিলাক ফুলত পুংস্তৱক বা স্ত্ৰীস্তৱক একেলগে থাকে, তেনে ফুলক উভয়লিংগ ফুল বোলে।
     যেনে - জবা, ধঁতুৰা, সৰিয়হ, বেঙেনা আদি।.
38. সহবাসী আৰু ভিন্নবাসী উদ্ভিদ কাক বোলে?
উঃ - একলিংগ ফুলবোৰ এজোপা গছত থাকিলে তাক সহবাসী আৰু বেলেগ বেলেগ গছত থাকিলে তাক ভিন্নবাসী উদ্ভিদ বোলে।
39. যোজন কোষ কিদৰে সৃষ্টি হয়?
উঃ - যৌন প্ৰজননত পুংজননকোষ আৰু স্ত্ৰীজনন কোষৰ মিলন হৈ যোজন কোষৰ সৃষ্টি হয়।

                                                         পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 122
40. গৰ্ভধান বা নিষেচন কাক বোলে?
উঃ - যৌন প্ৰজননত পুংজননকোষ আৰু স্ত্ৰীজনন কোষৰ মিলন প্ৰক্ৰিয়াকে গৰ্ভধান বা নিষেচন বোলে।
41. পৰাগযোগ কাক বোলে?
উঃ - পৰাগধানীৰ পৰা পৰাগ ৰেণু আহি গৰ্ভমুণ্ডত থিতাপি লোৱাকে পৰাগ যোগ বোলে।
42. পৰাগৰেণুবোৰ গৰ্ভমুণ্ডলৈ কেনেকৈ স্থানান্তৰিত হয় ?
উঃ - পৰাগৰেণুবোৰ বতাহ, পানী, নানা ধৰণৰ পতংগ, প্ৰাণী আদিৰ দৰে নানা মাধ্যমৰ দ্বাৰা গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয়।
43. স্বপৰাগযোগ কাক বোল?
উত্তৰ - একেপাহ ফুলৰ পৰাগ ৰেণু ফুলপাহৰ গৰ্ভমুণ্ডত পৰা প্ৰক্ৰিয়াকে স্বপৰাগযোগ বোলে।
44. ইতৰ পৰাগযোগ কাক বোলে?
উঃ - নানা ধৰণৰ পতংগ প্ৰাণী আদিৰ মাধ্যমত এপাহ ফুলৰ পৰাগ ৰেণু আন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰা প্ৰিক্ৰয়াকে, ইতৰ পৰাগযোগ বুলি কোৱা হয়।
45. স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ পাৰ্থক্য লিখা।
উঃ - স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ পাৰ্থক্য তলত দিয়া ধৰণৰ -
     i. স্বপৰাগযোগত একেপাহ ফুলৰ পৰাগ ৰেণু ফুলপাহৰ গৰ্ভমুণ্ডত পৰে। আনহাতে, ইতৰ পৰাগযোগত এপাহ ফুলৰ পৰাগ ৰেণু আন এজোপা উদ্ভিদৰ ফুলৰ গৰ্ভমুণ্ডত পৰে।
     ii. স্বপৰাগযোগৰ বাবে কোনো ধৰণৰ মাধ্যমৰ প্ৰয়োজন নহয়। আনহাতে ইতৰ পৰাগযোগৰ বাবে নানা ধৰণৰ পতংগ, পানী, বতাহ আদিৰ দৰে মাধ্যমৰ প্ৰয়োজন।
46. খালী ঠাই পূৰ কৰা।
(ক) বায়ুৰ দ্বাৰা হোৱা পৰাযোগৰ পৰাগৰেণুবোৰ _______ আৰু  _______
উঃ - বৰ পাতল; পাখিযুক্ত
(খ)  পানীৰ দ্বাৰা হোৱা পৰাগযোগৰ পৰাগৰেণুবোৰ _______ হয়।
উঃ - গধুৰ
(গ)  _______ গৰ্ভমুণ্ডতত পৰাৰ পিছত ই  _______ হৈ পৰাগনলীৰ সৃষ্টি কৰে।
উঃ - পৰাগৰেণু; অংকুৰিত
47. ফুলৰ নিষেচন বা গৰ্ভধান কাৰ্য কেনেকৈ সম্পন্ন হয় চমুকৈ লিখা।
উঃ - ফুলৰ পৰাগৰেণু আহি গৰ্ভমুণ্ডত পৰাৰ পিছত ই অংকুৰিত হৈ পৰাগনলীৰ সৃষ্টি কৰে। পৰাগনলীডাল গৰ্ভমুণ্ড ভেদ কৰি গৰ্ভদণ্ডৰ মাজেৰে গৈ গৰ্ভাশয়ৰ ডিম্বকক স্পৰ্শ কৰে। পৰাগনলীত থকা পুংজনন কোষটো ডিম্বকত থকা স্ত্ৰীজনন কোষৰ লগত লগ হৈ নিষেচন বা গৰ্ভধান কাৰ্য সম্পন্ন হয়।

                                    পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 123
48. ফুলৰ নিষেচন প্ৰক্ৰিয়াটো চিত্ৰ সহ বৰ্ণনা কৰা।
উঃ - 


         ফুলৰ পৰাগৰেণু আহি গৰ্ভমুণ্ডত পৰাৰ পিছত ই অংকুৰিত হৈ পৰাগনলীৰ সৃষ্টি কৰে। পৰাগনলীডাল গৰ্ভমুণ্ড ভেদ কৰি গৰ্ভদণ্ডৰ মাজেৰে গৈ গৰ্ভাশয়ৰ ডিম্বকক স্পৰ্শ কৰে। পৰাগনলীত থকা পুংজনন কোষটো ডিম্বকত থকা স্ত্ৰীজনন কোষৰ লগত লগ হৈ নিষেচন বা গৰ্ভধান কাৰ্য সম্পন্ন হয়।
49. খালী ঠাই পূৰ কৰা।
(ক) গৰ্ভধাৰণৰ পিছত গৰ্ভাশয়টো ডাঙৰ হৈ  _______ ত পৰিণত হয়।
উঃ - ফল
(খ)  ডিম্বক ডাঙৰ হৈ _______ বা _______  সৃষ্টি কৰে।
উঃ - বীজ; গুটিৰ
50. মাত্ৰ এটা গুটি থকা দুবিধ ফলৰ নাম লিখা।
উঃ - আম, লিচু
51. এটাতকৈ বেছি গুটি থকা কেইবিধমান ফলৰ নাম লিখা।
উঃ - কঠাল, কমলা, ডালিম, মধুৰি আম আদি।
52. বীজৰ বিস্তাৰ কিয় হ'ব লাগে চমুকৈ লিখা।
উঃ - কোনো গছৰ সকলো পূৰঠ বীজ তল সৰি যদি একে ঠাইতে গজালি মেলে, তেন্তে পুলিবোৰ অলপ ডাঙৰ হোৱাৰ পিছত খাদ্য আৰু পানীৰ অভাৱত মৃত্যুমুখত পৰিব পাৰে। ফলত সিহঁতৰ বংশ লোপ পাব।সেয়েহে, উদ্ভিদৰ নিজৰ বংশ ৰক্ষাৰ বাবে বীজবোৰৰ বিস্তাৰণ হ'ব লাগে।
                                     পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 124
53. আঁহ থকা কেইটামান বীজৰ উদাহৰণ দিয়া।
উঃ - আঁহ থকা কেইটামান বীজৰ উদাহৰণ হ'ল - শিমলু, কপাহ আৰু জাৰ্মানীবন।
54. নাৰিকল, তামোল আদিৰ বিস্তাৰণৰ এটা উপায় লিখা।
উঃ - নাৰিকল, তামোল আদি ফলৰ বাকলি তন্তুময় (আঁহীয়া)। সেয়েহে ইহঁত পানীৰ সোঁতত উটি গৈ বিস্তাৰিত হ'ব পাৰে।
55. পদুম ফুলৰ বীজৰ কিদৰে বিস্তাৰণ ঘটে?
উঃ - পদুম ফুলৰ চকাটোৰ ভিতৰত বীজবোৰ থাকে বাবে পানীৰ সোঁতত উটি গৈ বীজবোৰৰ বিস্তাৰণ ঘটে।
56. আগাৰা, বাঘনখী আদিৰ বিস্তাৰণৰ উপায় কি?
উঃ - আগাৰা, বাঘনখী আদিত থকা কাঁইট জীৱ-জন্তুৰ গাত লাগি ধৰি বহু দূৰলৈ স্থানান্তৰিত হয়।
57. পূনৰ্ণবাৰ বীজবোৰ আঠালেতীয়া কিয় হয়?
উঃ - বিস্তাৰণৰ সুবিধাৰ বাবেই পুনৰ্ণবাৰ বীজবোৰ আঠালেতীয়া হয়। বীজবোৰ আঠালেতিয়া হোৱা বাবে ইহঁতে জীৱ-জন্তুৰ গাত লাগি ধৰি দূৰলৈ বিস্তাৰিত হ'ব পাৰে।
(পৰিকল্পনা, প্ৰস্তুতি আৰু উপস্থাপন সত্যজিত শইকীয়াৰ। ধন্যবাদ।)

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

"Kamala" by Vijay Tendulkar

Where The Mind is Without Fear , Class 6 , Bharati English Reader , SSVN , Assam