উদ্ভিদৰ পৰিবহণ তন্ত্ৰ, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বেলতলা, গুৱাহাটী। (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিত শইকীয়াৰ)।

                               

                 

        পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 112
1. জীয়াই থাকিবলৈ সকলো জীৱৰে _______ বা _______ প্ৰয়োজন।
উত্তৰ - খাদ্য; আহাৰ 
2. _______ ৰ পৰাই জীৱই শক্তি পায়।
উত্তৰ - আহাৰ
3. সালোক সংশ্লেষণ কাক বোলে? ইয়াৰ ৰাসায়নিক সমীকৰণটো লিখা।
উত্তৰ - যি প্ৰক্ৰিয়াৰ দ্বাৰা সেউজীয়া উদ্ভিদে পাতত থকা পত্ৰহৰিৎ বা ক্ল'ৰ'ফিল আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত বায়ুমণ্ডলৰ পৰা শোষণ কৰা কাৰ্বন ডাই-অক্সাইড আৰু মাটিৰ পৰা শোষণ কৰা পানীৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটাই নিজৰ খাদ্য নিজে সংশ্লেষণ কৰি লয়, তাকে সালোক-সংশ্লেষণ বোলে।
       ইয়াৰ ৰাসায়নিক সমীকৰণটো হ'ল - 6CO2 + 12H2g C6H12O+ 6O+ 6H2O
4. উদ্ভিদৰ কোন অংশত সালোক সংশ্লেষণ হয়?
উত্তৰ - উদ্ভিদৰ সেউজীয়া অংশ প্ৰধানকৈ পাতত সালোক সংশ্লেষণ হয়।
5. মূলৰোম কাক বোলে?
উত্তৰ - উদ্ভিদৰ শিপাৰ প্ৰান্তত থকা সূক্ষ্ম সূক্ষ্ম চুলিসদৃশ শিপাবোৰকে মূলৰোম বোলে।
6. শিপাই কিহৰ দ্বাৰা মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে?
উত্তৰ - শিপাই মূলৰোমৰ দ্বাৰা মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে।
7.  মূলৰোমৰ কাম কি?
উত্তৰ - মূলৰোমৰ কাম হ'ল মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰা।
পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 113
8. কি প্ৰক্ৰিয়াৰ দ্বাৰা মাটিৰ পৰা পানী, খনিজ লৱণ আদি উদ্ভিদৰ শিপাৰ ভিতৰলৈ সোমায়?
উত্তৰ - আসৃতি প্ৰক্ৰিয়াৰ দ্বাৰা সোমায়।
9. উদ্ভিদে  গোটা খাদ্য পৰিবহণ কৰিব পাৰে নে?
উত্তৰ - নোৱাৰে।
10. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহণ কিয় প্ৰয়োজন বুলি ভাবা?
উত্তৰ - উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত হয়। ইয়াৰ বাবে পানীৰ প্ৰয়োজন। উদ্ভিদৰ শিপাই শুহি লোৱা পানী পাতলৈ পিৰবহণ নহ'লে উদ্ভিদ দেহৰ বাবে প্ৰয়োজনীয় খাদ্য প্ৰস্তুত হব নোৱাৰে। সেয়েহে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহণ প্ৰয়োজন।
11. উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা খাদ্য কেইটা দিশত পৰিবাহিত হয় আৰু কি কি?
উত্তৰ - উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা খাদ্য তিনিটা দিশত পৰিবাহিত হয়। সেইকেইটা হ'ল -
(ক) পাতৰ পৰা অগ্ৰ মুকুল, পুষ্প মুকুল, ফুল আৰু ফললৈ উৰ্ধ্বমুখী পৰিবহণ।
(খ) পাতৰ পৰা কাণ্ড আৰু শিপালৈ অধঃমুখী পিৰবহণ। আৰু
(গ) ফ্লোৱেম কলাৰ পৰা কাণ্ডৰ বহিঃস্তকলৈ পাৰ্শ্বীয় পৰিবহণ।
পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 114
12. কি কলাৰ দ্বাৰা উদ্ভিদৰ পানী আৰু খাদ্যৰ পৰিবহণ হয়?
উত্তৰ - সংবহন গুচ্ছ নামৰ কলাৰ দ্বাৰা উদ্ভিদৰ পানী আৰু খাদ্যৰ পৰিবহণ হয়।
13. উদ্ভিদৰ সংবহন গুচ্ছ কি কি কলাৰ দ্বাৰা গঠিত?
উত্তৰ - উদ্ভিদৰ সংবহন গুচ্ছ জাইলেম আৰু ফ্লোৱেম কলাৰ দ্বাৰা গঠিত।
14. কোন কলাৰ দ্বাৰা উদ্ভিদৰ মূলে বা শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদৰ পাতৰ উপৰিও বিভিন্ন অংশলৈ যায়? 
উত্তৰ - জাইলেম কলাৰ দ্বাৰা উদ্ভিদৰ মূলে বা শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদৰ পাতৰ উপৰিও বিভিন্ন অংশলৈ যায়।
15. উদ্ভিদৰ পানীৰ পৰিবহণ কিহেৰে হয়?
উত্তৰ - উদ্ভিদৰ পানীৰ পৰিবহণ জাইলেম কলাত থকা নলীকাৰে হয়।
16. কোন কলাৰ দ্বাৰা উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা খাদ্য উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ যায়? 
উত্তৰ - ফ্ল'ৱেম কলাৰ দ্বাৰা উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা খাদ্য উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ যায়।
17. খালী ঠাই পূৰ কৰা।
(ক) জাইলেম কলাত থকা _______ ৰে উদ্ভিদৰ মূলে বা শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদৰ পাতৰ উপৰিও বিভিন্ন অংশলৈ যায়।
উত্তৰ - নলীকা
(খ) ফ্ল'ৱেম  কলাত থকা _______ ৰে পাতত প্ৰস্তুত হোৱা খাদ্য উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ যায়।
উত্তৰ - চালনী নলীকা
18. উদ্ভিদৰ খাদ্য পৰিবহণ কিহেৰে হয়?
উত্তৰ - ফ্ল'ৱেম  কলাত থকা চালনী নলীকাৰে উদ্ভিদৰ খাদ্য পৰিবহণ হয়।
19. পত্ৰৰন্ধ্ৰ কি আৰু ইয়াৰ কাম কি?
উত্তৰ - পাতত থকা সৰু সৰু ৰন্ধ্ৰবোৰকে পত্ৰৰন্ধ্ৰ বোলে।
ইয়াৰ কাম হ'ল উদ্ভিদে মাটিৰ পৰা শোষণ কৰা অতিৰিক্ত পানী ভাগ বাষ্প আকাৰে উলিয়াই দিয়া।
20. বাষ্পমোচন বা প্ৰস্বেদন কাক বোলে?
উত্তৰ - যি প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে মাটিৰ পৰা শোষণ কৰা পানীৰ অতিৰিক্ত ভাগ পাতত থকা সৰু সৰু পত্ৰ ৰন্ধ্ৰৰ দ্বাৰা  বাষ্প আকাৰে দেহৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে, সেই প্ৰক্ৰিয়াকে প্ৰস্বেদন বা বাষ্পমোচন বোলে।
21. প্ৰস্বেদন চাপ বা প্ৰস্বেদন বল কাক বোলে?
উত্তৰ - প্ৰস্বেদন বা বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে মাটিৰ পৰা শোষণ কৰা পানীৰ অতিৰিক্ত ভাগ পাতত থকা সৰু সৰু পত্ৰ ৰন্ধ্ৰৰ দ্বাৰা  বাষ্প আকাৰে দেহৰ পৰা বাহিৰলৈ উলিয়াই যোৱাৰ ফলত জাইলেম নলিকাবোৰত একধৰণৰ  শোষণ চাপৰ সৃষ্টি হয়। ইয়াকেই পানীৰ প্ৰস্বেদন চাপ বা প্ৰস্বেদন বল বোলে।
22. প্ৰস্বেদন প্ৰক্ৰিয়াত কাৰ সহায়ত অতিৰিক্ত পানী বাহিৰলৈ ওলাই যায়?
উত্তৰ -  প্ৰস্বেদন প্ৰক্ৰিয়াত পত্ৰৰন্ধ্ৰৰ সহায়ত অতিৰিক্ত পানী বাহিৰলৈ ওলাই যায়।
                                                       পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 115
23. কোন দুবিধ বলৰ প্ৰভাৱত পানী সহজে শিপাৰ পৰা কাণ্ড, ডাল পাত আদিলৈ গতি কৰে?
উত্তৰ - প্ৰেস্বেদন বল আৰু সংশক্তি বলৰ প্ৰভাৱত পানী সহজে শিপাৰ পৰা কাণ্ড, ডাল পাত আদিলৈ গতি কৰে।

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

"Kamala" by Vijay Tendulkar

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি