তাপৰ ধাৰণা, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিৎ শইকীয়া)।



1. তাপ এবিধ _____।
উত্তৰ - শক্তি।
2. উষ্ণতা জোখা এবিধ যন্ত্ৰৰ নাম _____।
উত্তৰ - থাৰ্ম'মিটাৰ।
3. থাৰ্ম'মিটাৰ শব্দটো ক'ৰ পৰা লোৱা হৈছে?
উত্তৰ - থাৰ্ম'মিটাৰ শব্দটো দুটা লেটিন শব্দ, থাৰ্ম' (thermo) আৰু মিটাৰ (meter) ৰ পৰা লোৱা হৈছে।
4. ডাক্তৰে ৰোগীৰ জ্বৰ জোখাৰ বাবে ব্যৱহাৰ কৰা থাৰ্ম'মিটাৰটোৰ নাম কি?
উত্তৰ - ক্লিনিকেল থাৰ্ম'মিটাৰ (Clinical thermometer)।
5. শৰীৰৰ তাপমাত্ৰা জোখা থাৰ্ম'মিটাৰটোৰ নাম কি?
উত্তৰ - ক্লিনিকেল থাৰ্ম'মিটাৰ (Clinical thermometer)।
6. শৰীৰৰ তাপমাত্ৰা জোখাৰ বাবে আজিকালি সাধাৰণতে কি থাৰ্ম'মিটাৰ ব্যৱহাৰ কৰা হয়?
উত্তৰ - ডিজিটেল থাৰ্ম'মিটাৰ (Digital thermometer) ব্যৱহাৰ কৰা হয়।
7. ডাক্তৰী থাৰ্ম'মিটাৰত কাচৰ নলীৰ ভিতৰত সুমুৱাই ৰখা ধাতুবিধৰ নাম কি?
উত্তৰ - পাৰা
8. ডাক্তৰী থাৰ্ম'মিটাৰৰ দ্বাৰা জুখিব পৰা উষ্ণতাৰ পৰিসৰ লিখাঁ।
উত্তৰ - 35'C - 92'C বা 95'F - 100'F
9. আমাৰ শৰীৰৰ সাধাৰণ উষ্ণতা কিমান?
উত্তৰ - 37'C বা 98'F
10. খালী ঠাই পূৰ কৰা -
(ক) বায়ুৰ উষ্ণতা জুখিবৰ বাবে ব্যৱহাৰ হোৱা ______ আৰু _______ থাৰ্ম'মিটাৰত সাধাৰণতে তলৰ বাল্বটো গোলাকাৰ।
উত্তৰ - পাৰা; এলক'হল
(খ) পৰীক্ষাগাৰত ব্যৱহাৰ হোৱা বা ঘৰত মানুহৰ জ্বৰ জুখিবৰ বাবে ব্যৱহাৰ হোৱা থাৰ্ম'মিটাৰৰ বাল্ববিলাক ________।
উত্তৰ- চুঙা আকৃতিৰ (Cylindrical)।
11. ডিগ্ৰী চেলচিয়াছ আৰু ডিগ্ৰী ফাৰেনহাইটক কি চিহ্নৰে সূচোৱা হয়?
উত্তৰ ‌‌- 'C আৰু 'F
12. সাধাৰণ মানুহৰ শৰীৰৰ উষ্ণতা কিমান?
উত্তৰ - 37'C
13. ডাক্তৰী থাৰ্ম'মিটাৰ ব্যৱহাৰ কৰোঁতে ল'ব লগা কেইটামান সাৱধানতা লিখাঁ।
উত্তৰ - ডাক্তৰী থার্ম'মিটাৰ ব্যৱহাৰ কৰোঁতে ল’ব লগা কেইটামান সাৱধানতা তলত দিয়া ধৰণ -
    (ক) থার্ম মিটাৰটো ব্যৱহাৰ কৰাৰ আগত আৰু পিছত ভালদৰে ধুই লােৱা উচিত।
    (খ) পাৰা স্তম্ভ যাতে 35°C ৰ তলত থাকে সেইটো নিশ্চিত কৰি ল'ব লাগে।
    (গ) থার্ম মিটাৰটো হেলনীয়াকৈ ধৰি উষ্ণতাৰ মান ল'ব লাগে।
    (ঘ) থার্মমিটাৰটো সাৱধানে ল'ব লাগে যাতে কঠিন বস্তুত আঘাত নালাগে, নহ'লে ভাগি যাব পাৰে।
    (ঙ) উষ্ণতা জোখাৰ পিছতে থার্ম মিটাৰ সামৰি নথৈ জোকাৰি পাৰা তললৈ নমাইহে থ'ব লাগে।
    (চ) মানুহৰ শৰীৰৰ উষ্ণতাতকৈ বেছি উষ্ণতাৰ বস্তুৰ জোখ এই থার্মমিটাৰৰ সহায়ত ল’ব নালাগে।
14. বিদ্যুৎ বাল্বৰ ভিতৰৰ তাঁৰডাল কিহেৰে তৈয়াৰী?
উত্তৰ- টাংষ্টেনেৰে তৈয়াৰী।
15. খালী ঠাই পূৰ কৰাঁ।
(ক) কয়লা জ্বলিলে _____ শক্তি ____ লৈ পৰিৱৰ্তন হয়।
উত্তৰ - ৰাসায়নিক; তাপ
(খ) নিউক্লীয় ৰিয়েক্টৰত প্ৰথমে ______ শক্তি প্ৰথমে ______ লৈ আৰু তাৰ পিছত _____ শক্তি ______ লৈ ৰূপান্তৰিত হয়।
উত্তৰ - নিউক্লীয়; তাপ শক্তি; তাপ; বিদ্যুৎ শক্তি
16. তাপ শক্তি কেইটা আৰু কি কি ধৰণেৰে এটা স্থানৰ পৰা আন এটা স্থানলৈ সঞ্চালিত হ'ব পাৰে?
উত্তৰ - তাপ শক্তি তিনিটা ধৰণেৰে এটা স্থানৰ পৰা আন এটা স্থানলৈ সঞ্চালিত হ'ব পাৰে।
       (ক) পৰিবহণ
       (খ) পৰিচলন
       (গ) বিকিৰণ
17. পৰিবহণ কাক বোলে? উদাহৰণ সহ বুজোৱাঁ।
উত্তৰ - তাপৰ যি ধৰণৰ সঞ্চালন কোনো মাধ্যমৰ পদাৰ্থ কণিকাবিলাকৰ জিড়িয়তে সম্পন্ন হলেও কণিকাবিলাক নিজে গতি নকৰে, তাপৰ তেনে ধৰণৰ সঞ্চালনক পৰিবহণ বুলি কোৱা হয়।
       উদাহৰণস্বৰূপে, গৰম লোহা এডালৰ এটা মূৰ জুইৰ মাজলৈ ঠেলি দি অলপ সময় ৰাখিলে লোহাডালৰ কণিকাবিলাকৰ মাধ্যমেদিয়েই ইয়াৰ এটা মূৰৰ পৰা আনটো মূৰলৈ তাপৰ সঞ্চালন ঘটে। এইক্ষেত্ৰত লোহাডালৰ অণুবিলাক নিজ স্থানতে আবদ্ধ হৈ থাকে।
18. পৰিচলন কাক বোলে?
উত্তৰ - তাপৰ যি ধৰণৰ সঞ্চালন কোনো মাধ্যমৰ পদাৰ্থ কণিকাবিলাকৰ তল-ওপৰ গতিৰ জিড়িয়তে সম্পন্ন হয়, তাকে পৰিচলন বুলি কোৱা হয়।
19. উষ্ণতা কাক বোলে?
উত্তৰ - কোনো বস্তু বা ঠাই কিমান গৰম বা শীতল তাৰ মাত্ৰাৰ জোখকে উষ্ণতা বোলে।
20. বিকিৰণ কাক বোলে? উদাহৰণ দিয়াঁ।
উত্তৰঃ তাপৰ যি ধৰণৰ সঞ্চালনত কোনো পাৰ্থিব মাধ্যমৰ প্ৰয়োজন নহয়, তাকে বিকিৰণ বোলে।
    উদাহৰণস্বৰূপে, সূৰ্যৰ তাপশক্তি মহাশূন্যৰ মাজেদি  বিকিৰণৰ দ্বাৰাই চাৰিওফালে সঞ্চালিত হয়।
21. উষ্ণতা মপক যন্ত্ৰ কাক বোলে?
উত্তৰ - যি যন্ত্ৰৰ সহায়ত কোনো বস্তু বা পদাৰ্থৰ উষ্ণতাৰ জোখ লোৱা হয়, তাকে  উষ্ণতা মপক যন্ত্ৰ বোলে।
22. সুপৰিবাহী আৰু অপৰিবাহী পদাৰ্থ কাক বোলে? উদাহৰণ দিয়াঁ।
উত্তৰ - যিবিলাক পদাৰ্থৰ মাজেৰে তাপ সহজে সঞ্চালিত হয়, সেইবোৰ পদাৰ্থক সুপৰিবাহী পদাৰ্থ বোলে।
        যেনে - ৰূপ, এলুমিনিয়াম, লো, তাম, পিতল ইত্যাদি।
    যিবিলাক পদাৰ্থৰ মাজেৰে তাপ সঞ্চালিত নহয়, সেইবোৰ পদাৰ্থক অপৰিবাহী পদাৰ্থ বোলে।
        যেনে - পানী, বায়ু, ঊল, এচবেচটচ্ আদি।
23. পানী আৰু বায়ুৰ মাজেৰে কি পদ্ধতিৰে তাপৰ সঞ্চালন হয়?
উত্তৰ - পৰিচলন
24. গেছৰ পৰিচলন তৰলতকৈ _____ গতিত হয়।
উত্তৰ - তীব্ৰ
25. তাপ পালে পদাৰ্থৰ কিয় প্ৰসাৰণ ঘটে ব্যাখ্যা কৰাঁ।
উত্তৰ - আমি দেখা নাপালেও পদাৰ্থৰ কণিকাবোৰে গতি কৰি থাকে। কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি কম আৰু গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি কঠিন বা তৰল পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তিতকৈ বেছি। তাপ পালে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বাঢ়ে, ইহঁতৰ মাজৰ আকৰ্ষণী বল কমে। এনে সময়ত ইহঁতৰ আয়তন বাঢ়ে। সেয়েহে তাপ পালে পদাৰ্থৰ প্ৰসাৰণ ঘটে।
26. তাপ পালে পদাৰ্থৰ কিয় প্ৰসাৰণ ঘটে ব্যাখ্যা কৰাঁ।
উত্তৰ - আ

Comments

  1. ভাল লাগিল। Thank you.,

    ReplyDelete
  2. ৰদত মেলি দিয়া তিতা কাপোৰ এখন বতাহ বলি থাকিলে সোনকালে শুকাই কিয়

    ReplyDelete
  3. তাপ পালে পদাৰ্থৰ কিয় প্ৰসাৰণ ঘটে ব্যাখ্যা কৰা

    ReplyDelete
  4. তাপ পৰিবাহী আৰু অপৰিবাহি বুলিলে কি বুজা ? উদাহৰণ সহ লিখা?

    ReplyDelete
    Replies
    1. কোনো বস্তু বা পদাৰ্থৰ মাজেৰে তাপ চলা চল কৰিব পৰাকে তাপৰ পৰিবাহী বোলে।
      যেনে : লো এফালে গৰম কৰিলে আনফালে এনেই গৰম হয়।
      আৰু ই অপৰিবাহী টো সম্পূৰ্ণ উলটা।

      Delete
  5. পৰা থাৰ্ম মিটাৰ কি ?

    ReplyDelete
  6. এমিবাই কেনেদৰে খাদ্য সংগ্ৰহ কৰে চিত্ৰ সহ বৰ্ণনা কৰা।

    ReplyDelete

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী