1. ণত্ব বিধি কাক বোলে? উদাহৰণ দিয়াঁ। উত্তৰ - যি বিধি বা নিয়ম অনুসৰি কোনো শব্দৰ দন্ত্য 'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়, সেই বিধি বা নিয়মকে ণত্ব বিধি বোলে।     যেনে - একেটা পদতে থকা ঋ, ৰ আৰু ষ বৰ্ণৰ পিছত থকা  'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়। (যথা - ঋণ, তৃণ, বৰষুণ আদি) 2. ণত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়াঁ। উত্তৰ -  ণত্ব বিধিৰ দুটা নিয়ম হ'ল -     (ক)  একেটা পদতে থকা ঋ, ৰ আৰু ষ বৰ্ণৰ পিছত থকা  'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়।                    যেনে - ঋণ, কৰ্ণ, কৃষ্ণ     (খ)  ট-বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে  'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়।                 যেনে - ঘণ্টা, কণ্ঠ, পিণ্ড, সণ্ঢালনি আদি। 3. ষত্ব বিধি কাক বোলে? উদাহৰণ দিয়াঁ। উত্তৰ - যি বিধি বা নিয়ম অনুসৰি কোনো শব্দৰ দন্ত্য 'স' ৰ ঠাইত মূৰ্দ্ধন্য 'ষ' হয়, সেই বিধি বা নিয়মকে ণত্ব বিধি বোলে।     যেনে - ট-বৰ্গৰ লগত যুক্ত হ'লে দন্ত্য 'স'ৰ  ঠাইত মূৰ্দ্ধন্য 'ষ' হয়। ...
 
Comments
Post a Comment
Thanks for your response.