ভগ্নাংশৰ ধাৰণা, গণিত, পঞ্চম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী। (পৰিকল্পনা, প্ৰস্তুতি আৰু ডি.টি.পি. সত্যজিত্ শইকীয়াৰ)
1. ভগ্নাংশ কি? উদাহৰণ দি বুজোৱা।
উত্তৰ - ভগ্নাংশ এটাৰ পথালি চিনডালৰ তলত থকা সংখ্যাটোক হৰ আৰু ওপৰত থকা সংখ্যাটোক লব বুলি কোৱা হয়। যোনে পাঁচভাগৰ এক ভগ্নাংশটোৰ 5 সংখ্যাটো হৰ আৰু 1 সংখ্যাটো লব।
4. সদৃশ ভগ্নাংশ কাক বোলে? উদাহৰণ দি বুজোৱা।
উত্তৰ - যিবিলাক ভগ্নাংশৰ হৰবিলাক একে, তেনেবোৰ ভগ্নাংশক সদৃশ ভগ্নাংশ বোলে।
5. তলৰ কোনকেইটা শ্ৰেণীৰ ভগ্নাংশবোৰ সদৃশ?
উত্তৰ - সদৃশ ভগ্নাংশবোৰ হ'ল -
উত্তৰ - ভগ্নাংশ শব্দৰ অৰ্থ - ভগা (ভগ্ন) টুকুৰা (অংশ)। অৰ্থাত্, কোনো বস্তুক সৰু সৰু ভাগত ভাগ কৰি তাৰে কোনো অংশক ভগ্নাংশ বুলি কোৱা হয়।
উদাহৰণস্বৰূপে ধৰা হওক আপেল এটাৰ চাৰি ভাগ কৰা হ'ল। ইয়াৰে এটা অংশ, দুটা অংশ, তিনিটা অংশ আদি কৰি আমি বহুকেইটা ভগ্নাংশ পাম। ইহঁতক তলত দিয়াৰ দৰে লিখা হয় -
2. ভগ্নাংশ এটা কিদৰে লিখা হয়? উদাহৰণ দি বুজোৱা।
উত্তৰ - আমি জানো যে কোনো বস্তুক সৰু সৰু ভাগত ভাগ কৰিলে তাৰে কোনো অংশক ভগ্নাংশ বুলি কোৱা হয়। বস্তুটোক যিমান ভাগত ভাগ কৰা হয়, তাক বুজোৱা সংখ্যাটোক এডাল উপযুক্ত দৈৰ্ঘ্যৰ পথালি ৰেখাখণ্ডৰ তলত আৰু ভাগসমূহৰ যিমান ভাগ লোৱা হয়, তাক বুজোৱা সংখ্যাটোক ৰেখাখণ্ডডালৰ ওপৰত লিখিলে ভগ্নাংশ হিচাপে প্ৰকাশ কৰা হয়।
উদাহৰণস্বৰূপে আপেল এটাৰ পাঁচ ভাগ কৰি তাৰে এক ভাগ ল'লে 5 সংখ্যাটোক এডাল উপযুক্ত দৈৰ্ঘ্যৰ পথালি ৰেখাখণ্ডৰ তলত আৰু 1 সংখ্যাটোক ৰেখাখণ্ডডালৰ ওপৰত লিখিলে ভগ্নাংশ হিচাপে প্ৰকাশ কৰা হয়। ঠিক তলত দিয়াৰ দৰে -
3. ভগ্নাংশৰ হৰ আৰু লব বুলিলে কি বুজা? উদাহৰণ দি বুজোৱা।উত্তৰ - ভগ্নাংশ এটাৰ পথালি চিনডালৰ তলত থকা সংখ্যাটোক হৰ আৰু ওপৰত থকা সংখ্যাটোক লব বুলি কোৱা হয়। যোনে পাঁচভাগৰ এক ভগ্নাংশটোৰ 5 সংখ্যাটো হৰ আৰু 1 সংখ্যাটো লব।
4. সদৃশ ভগ্নাংশ কাক বোলে? উদাহৰণ দি বুজোৱা।
উত্তৰ - যিবিলাক ভগ্নাংশৰ হৰবিলাক একে, তেনেবোৰ ভগ্নাংশক সদৃশ ভগ্নাংশ বোলে।
5. তলৰ কোনকেইটা শ্ৰেণীৰ ভগ্নাংশবোৰ সদৃশ?
Comments
Post a Comment
Thanks for your response.