পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ, বিজ্ঞান, পঞ্চম শ্ৰেণী (শংকৰদেৱ শিশু নিকেতন, বিদ্যা ভাৰতী,অসম)

1. প্ৰাকৃতিক সম্পদ কাক বোলে?
উত্তৰ - প্ৰকৃতিত পোৱা বিভিন্ন কামত ব্যৱহাৰ কৰা বস্তুবোৰকে প্ৰাকৃতিক সম্পদ বোলে।
1. এনে কেইবিধমান প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া, যাৰ অৱিহনে পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰে।

উত্তৰ - মাটি, পানী, বায়ু, সূৰ্যৰ তাপ আৰু পোহৰ হ'ল এনে কেইবিধমান প্ৰাকৃতিক সম্পদ, যাৰ অৱিহনে পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰে।
1. মাটি কিদৰে সৃষ্টি হয়?...


উত্তৰ -  জীৱ-জন্তু মৰি, গজ-গছনি পচি, ধুলি, বালি, শিল আদিৰ লগত মিহলি হৈ মাটি সৃষ্টি হয়।
1. শস্যৰ উৎপাদন মাটিৰ ______ ৰ ওপৰত নিৰ্ভৰ কৰে



উত্তৰ -  গুণাগুণ।
1. প



উত্তৰ - 
1. প



উত্তৰ - 
1. প



উত্তৰ - 
১. মাটিৰ কেইটামান ব্যৱহাৰ লিখা।
উত্তৰ - মাটিৰ কেইটামান ব্যৱহাৰ তলত দিয়া ধৰণৰ -
(ক) মাটিৰ ওপৰতেই ঘৰ-দুৱাৰ সজা হয়।
(খ) মাটিত গছ-গছনি, ফুল-ফল আদিৰ পুলি ৰুই সেইবোৰৰ ফচল ব্যৱহাৰ কৰা হয়।
(গ) মাটি বিভিন্ন জীৱ-জন্তুৰ আবাসস্থল।
২. মাটি সংৰক্ষণৰ প্ৰধান উপায় কি?
উত্তৰ - মাটি সংৰক্ষণৰ প্ৰধান উপায় হ'ল বৃক্ষৰোপণ কৰা।
৩. পৃথিৱীৰ উপৰি ভাগৰ শতকৰা কিমান ভাগ পানী?
উত্তৰ - পৃথিৱীৰ উপৰি ভাগৰ শতকৰা ৭০ ভাগ পানী।
৪. পানীৰ চাৰিটা ব্যৱহাৰ লিখা।
উত্তৰ - পানীৰ চাৰিটা ব্যৱহাৰ হ'ল -
(ক) পানী আমি খাবৰ বাবে ব্যৱহাৰ কৰোঁ।
(খ) কাপোৰ-কানি, বাচন-বৰ্তন আদি ধুবৰ বাবে পানী ব্যৱহাৰ কৰা হয়।
(গ) খেতি-পথাৰত শস্য উত্পাদনৰ বাবে পানী ব্যৱহাৰ কৰা হয়।
(ঘ) পানীয়েদি বিভিন্ন ঠাইলৈ অহা-যোৱা কৰা, খাদ্যবস্তু,খাৰুৱা তেল আদি অনা-নিয়া কৰাৰ দৰে কাম সম্পন্ন কৰা হয়।

Comments

Popular posts from this blog

"Kamala" by Vijay Tendulkar

DMIT Report কি?

ণত্ব বিধি আৰু ষত্ব বিধি