বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া।



( SEBA ৰঅসমীয়া মাধ্যমৰ দশম শ্রেণীৰ ছাত্ৰছাত্ৰীসকলৰ বাবে‍)
বৈ‍দ্যুতিক মটৰৰ কার্যনীতি‍
      কাষৰ চিত্ৰত  ABCD এটা বৈদ্যুতিক মটৰ৷ ই তামৰ অন্তৰিত তাঁৰৰ আয়তাকাৰ কুণ্ডলী ABCD ৰে গঠিত৷ কুণ্ডলীটো এখন চৌম্বক‍ক্ষে‍ত্ৰৰ দুটা মেৰুৰ মাজত এনেদৰে ৰখা হয় যাতে ইয়াৰ AB আৰু CD বাহু দুটা চৌম্বক‍ক্ষে‍ত্ৰখনৰ দিশৰ লম্বভাৱে থাকে৷ কুণ্ডলীটোৰ প্ৰান্ত দুটা এটা ফলা আঙুঠি (split ring) ৰ দুটা অর্ধাংশ  P আৰু Q ৰ লগত সংযোজিত৷ এই অর্ধাংশ দুটাৰ ভিতৰভাগ অন্তৰিত আৰু বৰ্হিভাগ দুটাই লৰচৰ কৰিব নোৱাৰা ব্ৰাচ X আৰু Y ক স্পর্শ কৰি থাকে৷
          বেটেৰীৰপৰা প্ৰবাহ  X ব্ৰাচেৰে সোমাই ABCD পথেদি  Y ব্ৰাচেৰে পুনৰ বেটেৰীলৈ উভতি যায়৷ প্ৰবাহ A ৰপৰা B লৈ তথা  C ৰপৰা  D লৈ গৈ থকা অৱস্থাত ফ্লেমিঙৰ বাঁহতীয়া নীতি অনুসৰি চৌম্বক ক্ষে‍ত্ৰখনে‍ AB বাহুক তললৈ আৰু CD বাহুক ওপৰলৈ ঠেলিব৷ ফলত অক্ষ সােপেক্ষ মুকলিকৈ ঘূৰিব পৰাকৈ সংস্থাপিত কুণ্ডলীটো আৰু  O অক্ষদণ্ডডাল ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিব৷ আধাপাক ঘূৰাৰ পিছত  Q য়ে‍ X ব্ৰাচক আৰু P য়ে Y ব্ৰাচক স্পর্শ কৰাৰ ফলত প্ৰবাহৰ দিশ বিপৰীতমুখী  (DCBA) হ'ব৷
            এইবাৰ আগতে তললৈ ঠেলা খোৱা AB বাহু ওপৰলৈ ঠেলা খাব আৰু আগতে ওপৰলৈ ঠেলা খোৱা  CD বাহু তললৈ ঠেলা খাব আৰু কুণ্ডলী আৰু অক্ষদণ্ডই আৰু আধাপাক একে দিশত ঘূৰিব৷
        প্ৰতি আধাপাক ঘূর্ণনৰ পাছত প্ৰবাহৰ দিশ বিপৰীতমুখী হোৱাৰ ফলত কুণ্ডলী আৰু অক্ষদণ্ড একে দিশত অবিৰতভাৱে ঘূৰি থাকিব৷
(অনুগ্ৰহ কৰি ছবিৰ বিভিন্ন  অংশৰ নাম পাঠ্যপুঠিখন চাই অসমীয়াত লিখি ল'বা৷) 
সত্যজিৎ শইকীয়া ৯৮৫৯৫৭৭৩৩১

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

"Kamala" by Vijay Tendulkar

Where The Mind is Without Fear , Class 6 , Bharati English Reader , SSVN , Assam