Posts

Showing posts from March, 2020

ভূপৃষ্ঠৰ সময় গণনা

পাঠ নং - 01 1. অক্ষাংশ কাক বােলে? 2. আৰু অক্ষাংশ কেনেকৈ নির্ণয় কৰা হয়? 3. দ্রাঘিমাংশ কাক বােলে? 4. দ্রাঘিমাংশ কেনেকৈ নির্ণয় কৰা হয়? 5. স্থানীয় সময় আৰু মান সময়ৰ সম্পর্ক কি? 6. দ্রাঘিমাংশৰ ভিত্তিত স্থানীয় সময় কিদৰে গণনা কৰিব পাৰি? 7. আন্তঃৰাষ্ট্রীয় সময়ৰেখা কি? 1. ভূপৃষ্ঠৰ কোনাে এখন ঠাইৰ অৱস্থিতি জনাৰ বাবে কেই প্রকাৰৰ ৰেখাৰ সহায়  লােৱা হয়? কি কি? উঃ  ভূপৃষ্ঠৰ কোনাে এখন ঠাইৰ অবস্থিতি জনাৰ বাবে দুই প্রকাৰৰ ৰেখাৰ সহায়  লােৱা হয়। ১) দ্রাঘিমা ৰেখা। আৰু ২) অক্ষ ৰেখা। 2.   দ্রাঘিমা ৰেখা কাক বােলে? উঃ পৃথিবীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযােগী যিবােৰ  অর্দ্ধবৃত্ত কল্পনা কৰা হয় সেইবােৰক দ্রাঘিমা ৰেখা বােলে। 3.   অক্ষ ৰেখা কাক বােলে? উঃ  দ্রাঘিমা বেখাবােৰক সমকোণত কটাকৈ পূবা- পশ্চিমাকৈ যিবােৰ বৃত্তাকাৰ ৰেখা কল্পনা কৰা হয় সেইবােৰক  অক্ষ ৰেখা বােলে। 4. খালী ঠাই পূৰ কৰা। (ক) দ্রাঘিমা বেখাবােৰৰ প্রতিডালৰ দৈর্ঘ্য ______। উঃ   সমান (খ)   দ্রাঘিমা বেখাবােৰৰ প্রতিডালৰ দৈর্ঘ্য ______। উঃ   সমান নহয়। (...